হায়দৰাবাদ: এপলে গঢ়িলে নতুন ৰেকৰ্ড ৷ গত বৰ্ষত অৰ্থাৎ 2024 চনত এপলৰ আইফোন 15 বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা স্মাৰ্টফোন হিচাপে বিবেচিত হৈছে । দুজন গৱেষকে চলাইচিল এই সন্দৰ্ভত এক গৱেষণা আৰু উক্ত প্ৰতিবেদনত প্ৰকাশ পাইছে যে এপল আইফোন 2024 চনৰ সৰ্বাধিক বিক্ৰী হোৱা ফোন । কেৱল সেয়াই নহয়, 2024 চনত বিক্ৰী হোৱা শীৰ্ষ 10 টা ফোনৰ ভিতৰতো এপলৰ আইফোনে আধিপত্য বিস্তাৰ কৰিছে ।
প্ৰথম স্থানত আইফোন 15
Canalys আৰু Counterpoint ৰ এক প্ৰতিবেদন অনুসৰি 2024 চনত iPhone 15 সৰ্বাধিক বিক্ৰী হোৱা ফোন আছিল ।এই প্ৰতিবেদন অনুসৰি 2024 চনত iPhone 15 ৰ বিক্ৰী 3% বৃদ্ধি পাইছে ।
এই প্ৰতিবেদনৰ উল্লেখযোগ্য কথাটো হ’ল ইয়াত অন্তৰ্ভুক্ত কৰা 10 টা বেষ্ট চেলিং ফোন তালিকাৰ ভিতৰত 7 টা ফোন এপলৰ । বাকী তিনিটা ফোন ছেমছাঙৰ । এই তালিকাৰ প্ৰথমটো ছেমছাং ফোন হৈছে ছেমছাং গেলেক্সি A15, যিটো বেষ্ট চেলাৰ ফোন তালিকাৰ চতুৰ্থ স্থানত আছে । ভাৰতত এই ছেমছাং ফোনটোৰ আৰম্ভণি মূল্য 17,999 টকা । অৰ্থাৎ ছেমছাঙৰ এটা বাজেট ফোন 2024 চনৰ বেষ্ট চেলিং ফোনত পৰিণত হোৱাৰ বিপৰীতে এই তালিকাত ছেমছাঙৰ একমাত্ৰ ফ্লেগশ্বিপ ফোন হৈছে ছেমছাং গেলেক্সি S24 আল্ট্ৰা । এই ফোনটো 2024 চনৰ আৰম্ভণিতে ছেমছাঙে মুকলি কৰিছিল ।
2024 চনৰ বেষ্ট চেলিং 10 টা ফোনৰ তালিকা
- আইফোন 15
- আইফোন 16 প্ৰ’ মেক্স
- আইফোন 15 প্ৰ' মেক্স
- ছেমছাং গেলেক্সি A15
- আইফোন 16 প্ৰ’
- আইফোন 15 প্ৰ'
- আইফোন 16
- ছেমছাং গেলেক্সি A15 5G
- ছেমছাং গেলেক্সি S24 আল্ট্ৰা
- আইফোন 13
এই প্ৰতিবেদনৰ শীৰ্ষ 10 ৰ তালিকাত এপল আৰু ছেমছাঙৰ বাহিৰে আন কোনো কোম্পানীৰ স্মাৰ্টফোনে স্থান লাভ কৰা নাই । অৱশ্যে এপল আৰু ছেমছাঙৰ পিছত 2024 চনত শীৰ্ষ ফোন নিৰ্মাতা কোম্পানী হৈছে ছাইঅ’মি, যিয়ে বিশ্বজুৰি 168.6 মিলিয়ন ফোন ইউনিট বিক্ৰী কৰি 14% বজাৰ অংশীদাৰিত্ব দখল কৰিছে ।
লগতে পঢ়ক