তেজপুৰ : নব্বৈ দশকৰ বলিউডৰ ছুপাৰ হিট ছবি কয়লাৰ বিষয়ে সকলোৱে জানে । ছবিখনৰ প্ৰধান দৃশ্যগ্ৰহণ হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় ঠাইখন হৈছে পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুং আৰু টাৱাং। কিন্তু কিয় বিখ্যাত পশ্চিম অৰুণাচল প্ৰদেশৰ এইকেখন ঠাই জানো আহক ।
বলিউডৰ দুই কিংবদন্তী 'কিং খান' অৰ্থাৎ শ্বাহৰুখ খান আৰু 'ঢক ঢক গাৰ্ল' মাধুৰী দীক্ষিতে অভিনয় কৰা ছবিখনৰ গানৰ দৃশ্যগ্ৰহণ হৈছিল পশ্চিম কামেং জিলাৰ ভালুকপুঙৰ কামেং নদীত । অসমৰ জীয়া ভৰলী আৰু টাৱাঙৰ জং জলপ্ৰপাত আৰু ছাঙ্গেষ্টাৰ লেক বৰ্তমান মাধুৰী লেক নামেৰে প্ৰখ্যাত । ১৯৯৭ চনত মুক্তিলাভ কৰা বলিউডৰ এই ছবিখনে বক্স অফিচত তোলপাৰ লগাই প্ৰায় ২৮ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।
![tourist destinations of Arunachal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-02-2025/as-tezpur-01-5feb-pix-caption_05022025100242_0502f_1738729962_714.jpg)
এই ছবিৰ সেই বিখ্যাত স্থানসমূহৰ এক সুকীয়া পৰিচয় আছে । কামেং নদীৰ কাষেৰে আৰম্ভ হোৱা পশ্চিম অৰুণাচল প্ৰদেশৰ দুৱাৰমুখ তথা পৰ্যটনৰ প্ৰাণকেন্দ্ৰ হৈছে ভালুকপুং । এই ভালুকপুঙৰ আছে বহুতো ইতিহাস । টাৱাং আৰু বমডিলাৰ দৰে জনপ্ৰিয় গন্তব্যস্থানৰ অন্যতম প্ৰৱেশদ্বাৰ ।
![tourist destinations of Arunachal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-02-2025/as-tezpur-01-5feb-pix-caption_05022025100242_0502f_1738729962_39.jpg)
ঐতিহাসিক তাৎপৰ্য
ঠাইখনৰ ঐতিহাসিক তাৎপৰ্য, বন্যপ্ৰাণী আৰু বাহিৰৰ কাম-কাজৰ বাবে ভালুকপুং এক গুৰুত্বপূৰ্ণ স্থান । ভালুকপুঙত এক দুৰ্গ আছে । সেয়া খ্ৰীষ্টীয় দশম-দ্বাদশ শতিকাত ৰজা ভালুকাই নিৰ্মাণ কৰা বুলি প্ৰবাদ আছে । কিন্তু এই দুৰ্গটো বৰ্তমান ধ্বংসস্তূপত পৰিণত হৈ পৰিছে যদিও অঞ্চলটোৰ ইতিহাসৰ প্ৰতীক প্ৰত্নতাত্ত্বিক ধ্বংসাৱশেষ গড়টোত সংৰক্ষিত হৈ আছে ৰজা ভলুকা আৰু তেওঁৰ নাতি বানৰ অৱশিষ্ট এক শিলাখণ্ড ।
![tourist destinations of Arunachal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-02-2025/as-tezpur-01-5feb-pix-caption_05022025100242_0502f_1738729962_397.jpg)
ভালুকপুঙৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত আছে পাকে গেম অভয়াৰণ্য আৰু টিপি অৰ্কিদাৰিউৰ্ম, অৰ্থাৎ অৰ্কিড সংৰক্ষণ কেন্দ্ৰ । ইয়াত ৮০টা ভিন্ন প্ৰজাতিৰ আৰু ২৬০০ৰো অধিক অৰ্কিডৰ সংৰক্ষণ কেন্দ্ৰ আছে । ভালুকপুং দুৰ্গ দশম শতিকাৰ আশেপাশে নিৰ্মাণ কৰা হৈছিল আৰু যদিও এতিয়া কিছু ধ্বংসস্তূপত পৰিণত হৈছে, তথাপিও এই ঠাইখনৰ পৰম্পৰা আৰু ঐতিহাসিক গৌৰৱৰ বাবে থিয় দি আছে ।
পূৰ্বতে ভালুকপুঙত স্থানীয় জনজাতীয় 'অকা' শাসকসকলে শাসন কৰিছিল । এই অঞ্চলত মাজে মাজে ভূটান আৰু অসমৰ ৰাজনৈতিক আধিপত্য আছিল । অসমৰ আহোম শাসকে স্থানীয় জনজাতিসকলৰ লগত শাসনৰ কোনো হস্তক্ষেপ কৰা নাছিল, একমাত্ৰ জনজাতীয় ভূখণ্ডত প্ৰতিশোধমূলক অভিযানৰ বাহিৰে ।
![tourist destinations of Arunachal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-02-2025/img-20250205-wa0001_0502newsroom_1738733125_200.jpg)
১৮৭৩ চনত ইংৰাজে ভালুকপুঙৰ আশেপাশে থকা অঞ্চলটোক অফ-লিমিট বুলি ঘোষণা কৰিছিল । ভালুকপুঙৰ সমীপৰ নদীত এংলিং মাছ ধৰাৰ আকৰ্ষণ আৰু ৰিভাৰ ৰাফটিং ভালুকপুঙৰ প্ৰধান পৰ্যটন কাৰ্যকলাপৰ ভিতৰত অন্যতম । অকা জনগোষ্ঠীৰ বাৰ্ষিক উৎসৱ ন্যেথিডো জানুৱাৰী মাহত থ্ৰিজিনোৰ ভালুকপুঙত উদযাপন কৰা হয় । ভালুকপুঙত প্ৰধানকৈ অকা জনজাতিৰ লোকে বসবাস কৰে ।
নিজকে ‘হ্ৰুছ’ বুলিও কোৱা অকাসকলে অৰুণাচলৰ প্ৰাচীন আৰু মধ্যযুগীয় ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । পশ্চিম কামেং জিলাৰ অকাৰ প্ৰাচীন ইতিহাস অসমৰ শোণিতপুৰ জিলাৰ (বৰ্তমানৰ তেজপুৰ) এজন প্ৰাচীন ৰজাৰ সৈতে তেওঁলোকৰ সম্পৰ্কত চিত্ৰিত কৰা হৈছে, যিসকলে আহোম আৰু ব্ৰিটিছ যুগত এক শক্তিশালী ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল ।
![tourist destinations of Arunachal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-02-2025/as-tezpur-01-5feb-pix-caption_05022025100242_0502f_1738729962_66.jpg)
পৰ্যটনৰ আকৰ্ষণস্থলী
ভালুকপুঙৰ পৰা টাৱাঙলৈ বছৰি এই সময়তে পৰ্যটকৰ লানি নিছিগা সোঁত বয় । মূল আকৰ্ষণৰ কেন্দ্ৰ ভালুকপুঙৰ টিপি, অৰ্কিড সংৰক্ষণ কেন্দ্ৰ, বমডিলাৰ পুৰণা বৌদ্ধ ধৰ্মাৱলম্বী মঠ, ডিৰাং য়াক গৱেষণা কেন্দ্ৰ, ডিৰাঙৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত্বত প্ৰায় ১০০০ টা স্তূপ ।
![tourist destinations of Arunachal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-02-2025/img-20250205-wa0002_0502newsroom_1738733125_1024.jpg)
আনহাতে, ঐতিহাসিক চেলা পাছ সুৰংগ, ভাৰত চীন যুদ্ধৰ স্মাৰক যশোৱন্ত গড় । এই সকলোতকৈ পৰ্যটকক মোহিত কৰা কয়লা ছবিৰ দৃশ্যগ্ৰহণ কৰা জং জলপ্ৰপাত, এছিয়াৰ প্ৰসিদ্ধ টাৱাং বৌদ্ধ মঠ, ভাৰত-চীন সীমান্তৰ মেকমোহন লাইনৰ বুমলা পাছ, ছাঙ্গেষ্টাৰ লেক আৰু সাতভনীৰ জলপ্ৰপাত ঐতিহাসিক ।
![tourist destinations of Arunachal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-02-2025/as-tezpur-01-5feb-pix-caption_05022025100242_0502f_1738729962_331.jpg)
টাৱাং জিলাৰ পৰ্যটন বিষয়া ডেকি চেৰিঙে জনায়, "ডিচেম্বৰ মাহৰ পৰা জানুৱাৰী মাহৰ ভিতৰত টাৱাঙত প্ৰায় ১,০৭,০০০ দেশী পৰ্যটক আৰু ৭৬০ গৰাকী বিদেশী পৰ্যটকৰ আগমন ঘটিছে ।"
![tourist destinations of Arunachal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-02-2025/23477319_a1_aspera.jpg)
ইয়াৰ উপৰি এই পশ্চিম অৰুণাচল প্ৰদেশৰ আছে আন এক ইতিহাস । ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনা সৈন্যই আহি টাৱাং আৰু বমডিলাত প্ৰৱেশ কৰিছিল । টাৱাঙৰ বিভিন্ন স্থানত সেই অতীতৰ কাহিনী বিজড়িত প্ৰত্যেকটো স্থান সংৰক্ষণ কৰি ৰাখিছে ভাৰতীয় সেনা আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰে । ইটিভি ভাৰতে এই বিভিন্ন স্থানৰ কিছুসংখ্যকৰ বিষয়ে পাঠকক অৱগত কৰি আহিছোঁ । টাৱাঙৰ দুটা বিশেষ সীমান্তৰ স্থানত ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা এতিয়া ১০০ ফুট উচ্চতাত ভাৰতৰ গৌৰৱ ত্ৰিৰংগ পতাকা প্ৰদৰ্শিত হৈছে ।