ETV Bharat / business

কৰদাতাসকলৰ বাবে জৰুৰী বাৰ্তা; ফেব্ৰুৱাৰী মাহতে কৰি লওক এইবোৰ কাম - INCOME TAX CALENDAR

ফেব্ৰুৱাৰী মাহত আয়কৰৰ সৈতে জড়িত বহু কাম সম্পূৰ্ণ কৰাটো আৱশ্যক । নহ'লে কৰদাতাসকলৰ পাছত ক্ষতি হ'ব পাৰে ।

INCOME TAX CALENDAR
ফেব্ৰুৱাৰী মাহতে কৰি লওক এইবোৰ কাম (IANS)
author img

By ETV Bharat Assamese Team

Published : Feb 5, 2025, 8:07 PM IST

হায়দৰাবাদ : বিত্তীয় দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহটো যথেষ্ট গুৰুত্বপূর্ণ । কিয়নো এই মাহতে পৰিশোধ কৰিব লাগে বিভিন্ন প্ৰকাৰৰ কৰ । আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেট ঘোষণা কৰাৰ লগে লগে আয়কৰৰ সৈতে জড়িত বহু প্ৰক্ৰিয়া পৰিৱৰ্তন কৰিছে । লগতে উল্লেখ কৰিব লাগিব যে ২০২৫ চনৰ দ্বিতীয়টো মাহ বহু বিত্তীয় কাৰ্য সমাধানৰো অন্তিম তাৰিখ ।

কেৱল সেয়াই নহয়, ফেব্ৰুৱাৰী মাহত আয়কৰৰ সৈতে জড়িত বহু কাৰ্য সম্পূৰ্ণ কৰাটোও আৱশ্যক । নহ'লে ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'ব পাৰে । ইয়াৰ ফলত আৰ্থিক জৰিমনা ভৰিবলগা হ'ব পাৰে আৰু বিত্তীয় ব্যৱস্থাপনাও প্ৰভাৱিত হ'ব পাৰে । সেয়ে কৰদাতাসকলে সঠিক সময়ত এই কাৰ্যসমূহ সম্পূৰ্ণ কৰাটো প্ৰয়োজন ।

৭ ফেব্ৰুৱাৰীৰ ভিতৰত এই কামবোৰ সম্পূৰ্ণ কৰক

৭ ফেব্ৰুৱাৰীত ২০২৫ চনৰ জানুৱাৰী মাহৰ টি ডি এছ আৰু টি চি এছ জমা কৰাৰ অন্তিম তাৰিখ । সঠিক সময়ত ইয়াক সম্পূৰ্ণৰূপে আদায় নকৰিলে জৰিমনা ভৰিবলগীয়া হ'ব পাৰে ।

এই কাম ১৪ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাটো জৰুৰী

১৪ ফেব্ৰুৱাৰী হৈছে ১৯৪-আই এ, ১৯৪-আই বি আৰু ১৯৪-আই এম ধাৰাৰ অধীনত ডিচেম্বৰ, 2024-ৰ বাবে প্ৰপত্ৰ ১৬এ, ১৬বি আৰু ১৬ডিৰ বাবে কৰ কৰ্তন প্ৰমাণ-পত্ৰ জাৰি কৰাৰ অন্তিম সময়সীমা ।

এই দুটা কাম ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰক

জানুৱাৰী, ২০২৫ ৰ বাবে পি এফ আৰু ই এছ আইৰ বৰঙণি জমা কৰাৰ সময়সীমা ১৫ ফেব্ৰুৱাৰীত উকলি যাব । ইয়াৰ উপৰি অক্টোবৰ আৰু ডিচেম্বৰ, ২০২৪-ৰ ভিতৰত কৰা দৰমহাবিহীন পৰিশোধ অৰ্থাৎ প্ৰপত্ৰ ১৬এৰ বাবে তিনিমহীয়া টি ডি এছ প্ৰমাণ-পত্ৰ জাৰি কৰাৰ অন্তিম তাৰিখো হৈছে ১৫ ফেব্ৰুৱাৰী ।

লগতে পঢ়ক :বহিঃৰাষ্ট্ৰৰ নিম্নমানৰ চাহপাতে বিপদ মাতিছে ৰাজ্যৰ চাহ উদ্যোগলৈ; প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী - ASSAM SMALL TEA GROWERS
লগতে পঢ়ক :৩ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ এইকেইটা দিনত থাকিব বেংক বন্ধ; চাওক সম্পূৰ্ণ তালিকা - FEBRUARY BANK HOLIDAYS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.