গুৱাহাটী: হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত অসমত অসম আৰক্ষীৰ দ্বাৰা ভুৱা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল সেয়া অসম মানৱাধিকাৰ আয়োগে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শেহতীয়া শপতনামা স্পষ্ট হৈছে । কিন্তু ভুৱা এনকাউণ্টাৰৰ ঘটনাৰ কোনো তদন্ত মানৱাধিকাৰ আয়োগে কৰা নাই । অসমত ভুৱা এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত গোচৰৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ।
উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ ভিত্তিত অসম মানৱাধিকাৰ আয়োগে যোৱা ৭ জানুৱাৰীত অসম আৰক্ষীৰ দ্বাৰা সংঘটিত এনকাউণ্টাৰ সন্দৰ্ভত এখন ১৩ পৃষ্ঠাৰ শপতনামা দাখিল কৰিছে ।
শপতানামাত উল্লেখ কৰা মতে, অসমত যোৱা ২০২১ চনৰ মে' ৰ পৰা বৰ্তমানলৈকে অসম মানৱ অধিকাৰ আয়োগত অসম আৰক্ষী দ্বাৰা এনকাউন্টাৰ সংঘটিত হোৱা ৩৬ টা গোচৰৰ অভিযোগ লাভ কৰিছে । ইয়াৰে ১১ টা গোচৰ মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ পঞ্জীয়ন কৰিছে ।
মানৱ অধিকাৰ আয়োগে শপতনামাত উল্লেখ কৰা মতে, এই অভিযোগবোৰৰ মানৱ অধিকাৰ আয়োগে কোনো নিজাববীয়াকৈ তদন্ত কৰা নাই । উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ১৭১ টা এনে ভূৱা এনকাউণ্টাৰ গোচৰ । নতুন দিল্লীস্থিত জেষ্ঠ্য অধিবক্তা আৰিফ জোৱাদ্দাৰে ভুৱা একাউণ্টাৰ সন্দৰ্ভত এক জনস্বার্থজনিত আবেদন (নং ৮৬/২০২১) দাখিল কৰিছিল ।
তেওঁ আৱেদনখনত উল্লেখ কৰা মতে ২০২১ চনৰ ১ মে’ মাহৰ পৰা ২০২২ চনৰ ৩১ আগষ্টলৈ ৰাজ্যত ১৭১ টা এনে ভূৱা এনকাউণ্টাৰ সংঘটিত হৈছিল । নিজৰ আবেদনত জোৱাদ্দাৰে এইসমূহ ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে চিবিআই তদন্ত আৰু ন্যায়ালয়ৰ পর্যবেক্ষণত আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰাও এক তদন্তৰ দাবী কৰিছিল । তেওঁ লগতে তদন্তৰ পাছত নিহত লোকসকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ বাবেও দাবী উত্থাপন কৰিছিল ।
মন কৰিবলগীয়া যে যোৱা ২২ অক্টোবৰত এই গোচৰটোৰ শুনানীত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অসম চৰকাৰ আৰু অসম মানৱ অধিকাৰ আয়োগক অসমত অসম আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা এনকাউণ্টাৰৰ সন্দৰ্ভত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছিল ।
এই সন্দৰ্ভত আৰিফ জোৱাদ্দাৰে কয়,"অসম চৰকাৰে এই সন্দৰ্ভত কোনো শপতনাপা দাখিল কৰা নাই । অসম মানৱ অধিকাৰ আয়োগে শপতনামা দাখিল কৰিছিল । যোৱা বুধবাৰে এই গোচৰটোৰ শুনানী গ্ৰহণ কৰি পৰৱৰ্তী গোচৰটোৰ শুনানীৰ দিন ১১ ফেব্ৰুৱাৰী ধাৰ্য কৰা হয় ।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়ধীশ কোটেশ্বৰ সিঙৰ দুজনীয়া বিচাৰপীঠৰ শুনানীত চৰকাৰী পক্ষৰ পৰা অধিবক্তা তুষাৰ মেহেতা আৰু দেৱজিৎ লন শইকীয়া উপস্থিত আছিল । গোচৰীয় পক্ষৰ পৰা অধিবক্তা প্ৰশান্ত ভূষণ উপস্থিত আছিল । আৰিফ জোৱাদ্দাৰে কয়- ২০২১ চনৰ মে’ মাহৰ পৰা এতিয়ালৈকে অসমত আৰক্ষীৰ দ্বাৰা প্ৰায় ২৩০ টা এনকাউণ্টাৰ সংঘটিত হৈছে । এনকাউণ্টাৰ হোৱাৰ পিছত কোনো ঘটনাৰ তদন্ত এতিয়ালৈকে হোৱা নাই ।"