গুৱাহাটী: ১৭ ফেব্ৰুৱাৰীৰ পৰা হ’বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে বুধবাৰে দিছপুৰত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক । তিনিদিনীয়া চৰকাৰী দিল্লী ভ্ৰমণ সামৰি বিয়লি কেবিনেটত ভাগ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কেবিনেটত গ্ৰহণ পৰা সিদ্ধান্ত প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ সর্বাংগীণ কল্যাণ সাধনক অগ্রাধিকাৰ প্রদান কৰি বুধবাৰৰ আবেলিৰ কেবিনেট বৈঠকখনত বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয় ।
অসমীয়া ভাষাৰ শিক্ষক সেৱা ব্যৱহাৰত অনুমোদনৰ আৰা আৰম্ভ কৰি মূল্য সংযোজিত কৰ (VAT) ৰ সুৰুঙা প্ৰতিহতকৰণ, ৪ ছেপ্টেম্বৰ ২০১৩ তাৰিখে বা তাৰ আগতে নিযুক্ত ৭১খন পৌৰ পৰিষদৰ ১,০৪৪গৰাকী পৌৰ নিগমৰ কৰ্মচাৰীৰ সেৱা প্ৰাদেশিকীকৰণৰ বাবে অসম পৌৰ কৰ্মচাৰী (প্ৰাদেশিকীকৰণ) বিধেয়ক ২০২৫ অনুমোদনলৈ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে । কেবিনেটৰ বৈঠকৰ পিছতেই সংবাদমেল সম্বোধন কৰে শৰ্মা কেবিনেটৰ জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
কেবিনেটৰ প্ৰধান সিদ্ধান্তসমূহ:
- মূল্য সংযোজিত কৰ (VAT) ৰ সুৰুঙা প্রতিহতকৰণত অনুমোদন:
মূল্য সংযোজিত কৰ (VAT) ৰ সুৰুঙা প্রতিহতকৰণৰ বাবে অসম মূল্য সংযোজিত কৰ (সংশোধনী) বিধি, ২০২৫ৰ খচৰাত বুধবাৰে অনুমোদন কেবিনেটৰ । বুধবাৰে পথ, ৰে'ল, নদী, বায়ু বা ডাকযোগে ৰাজ্যখনলৈ সামগ্রী আমদানিৰ ক্ষেত্ৰত চৰ্তাৱলী অৱগত কৰি ৰাজ্যৰ বাহিৰৰ পৰা কৰযোগ্য সামগ্ৰীৰ চলাচল নিৰীক্ষণ নিশ্চিত কৰাৰ বাবে অসম মূল্য সংযোজিত কৰ (সংশোধনী) বিধি, ২০২৫ৰ খচৰাত অনুমোদন জনায় কেবিনেটে ।
In today's meeting of the #AssamCabinet, we resolved to
— Himanta Biswa Sarma (@himantabiswa) February 5, 2025
✅Approve mechanism to stop VAT leakages
✅Approve key rules to regularise services of Municipal employees
✅Approve several student & teacher friendly decisions
✅Approve reforms in FPS license renewal pic.twitter.com/nwxbnRQzw4
এই সংশোধনী বিধিৰ দ্বাৰা নিৰ্ধাৰিত নথিপত্র, বৈধ নথিপত্র অবিহনে অসমলৈ অহা ২৫০ লিটাৰতকৈ অধিক কোনো প্ৰকাৰৰ সামগ্রী বিতৰণ নিষেধত নির্দেশনা প্রদানৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও যিকোনো ব্যক্তিক অবিলম্বে পেট্র'ল আৰু ডিজেলৰ অবৈধ সঞ্চয়, বিক্ৰী আৰু পুনৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হ’ব এই বিধিৰ জড়িয়তে । এই বিধিয়ে ৰাজহ সংগ্ৰহৰ বৃদ্ধিত অৰিহণা যোগাব বুলি আশা কৰা হৈছে ।
- একাধিক বিধিৰ অনুমোদন:
ৰাজহুৱা জলাশয়সমূহৰ জিলা পৰ্যায়ৰ সূচী প্রস্তুত কৰাৰ বাবে অসম নগৰীয়া জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) বিধি, ২০২৫ খচৰাত কেবিনেটে বুধবাৰে অনুমোদন জনায় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদৰি কৰে । ইয়াৰ উপৰিও, ৪ ছেপ্টেম্বৰ ২০১৩ তাৰিখে বা তাৰ আগতে নিযুক্ত ৭১খন পৌৰ পৰিষদৰ ১.০৪৪গৰাকী পৌৰ নিগমৰ কৰ্মচাৰীৰ সেৱা প্রাদেশিকীকৰণৰ বাবে অসম পৌৰ কৰ্মচাৰী (প্রাদেশিকীকৰণ) বিধেয়ক ২০২৫তো অনুমোদন জনায় কেবিনেটে । আন এখন বিধেয়ক অসম মাধ্যমিক শিক্ষা (প্রাদেশীকৃত বিদ্যালয়) সেৱা (পঞ্চম সংশোধনী) বিধি, ২০২৪ তো কেবিনেটে অনুমোদন জনায় ।
To enhance governance & streamline municipal work, Assam Cabinet approves The Assam Municipal Employees (Provincialization) Bill 2025, benefiting 1044 employees under 71 Municipal Boards.@himantabiswa@CMOfficeAssam pic.twitter.com/hXDbSdEF9f
— Jayanta Mallabaruah (@jayanta_malla) February 5, 2025
লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জনায়, "শিক্ষার্থী কল্যাণক অগ্রাধিকাৰ দিয়াৰ উদ্দেশ্যৰে আন এক সিদ্ধান্তত অনুমোদন কেবিনেটৰ । সমগ্ৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ সুবিধা নিশ্চিত কৰাৰ বাবে অসমীয়া মাধ্যম আৰু অন্যান্য মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষক সেৱা ব্যবহাৰত অনুমোদন জনায় কেবিনেটে ।" বুধবাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত নিৰ্বাচনমুখী বড়োভূমিক লৈয়ো লোৱা হয় শিক্ষা বিষয়ক এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
বি টি আৰত উচ্চ শিক্ষাৰ সবলীকৰণৰ উদ্দেশ্যৰে বড়োলেও বিশ্ববিদ্যালয়ৰ মসৃণ কার্যকলাপ নিশ্চিতকৰণ বাবে নিয়মীয়া বিধিত অনুমোদন প্রদান কৰে কেবিনেটে । সামগ্রিক শিক্ষা নিশ্চিতকৰণৰ বাবে ইতিমধ্যে থকা ব্যক্তিগত বিদ্যালয়ত আর্থিকভাবে দুর্বল শ্ৰেণীৰ শিশুসকলৰ বাবে ২৫% আসন সংৰক্ষণ ব্যৱস্থা অধিক কাৰ্যক্ষম কৰি তোলাৰ উদ্দেশ্যৰে এক পৰ্টেল খোলাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে । সেই উদ্দেশ্যেৰে যোগ্য বিবেচিত ব্যক্তিগত বিদ্যালয়ত আর্থিকভাৱে দুর্বল শ্ৰেণীৰ শিশুসকলৰ বাবে ২৫% আসন সংৰক্ষণ সুনিশ্চিত কৰি শিক্ষাৰ অধিকাৰ আইন ৰূপায়ণৰ সুবিধার্থে এটা প'র্টেল মুকলিত অনুমোদন বুধবাৰৰ কেবিনেটৰ ।
ইযাৰ উপৰিও চৰকাৰী সূলভ মূল্যৰ দোকানৰ অনুজ্ঞা পত্ৰৰ ক্ষেত্ৰতো এক সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে । সুলভ মূল্য দোকানৰ অনুজ্ঞা পত্ৰ নৱীকৰণত সংস্কাৰৰ উদ্দেশ্যৰে সুলভ মূল্য দোকানৰ অনুজ্ঞা পত্ৰ নৱীকৰণৰ ম্যাদ ৩ ৰ পৰা ৫ বছৰলৈ বৃদ্ধি কৰিব খোজা হৈছে ।
এই উদ্দেশ্যৰে অসম ৰাজহুৱা বিতৰণ অনুচ্ছেদ (সংশোধনী) আদেশ, ২০২৫ত বুধবাৰে অনুমোদন জনায় কেবিনেটে । লগতে, উদ্যোগক উৎসাহিতকৰণৰ বাবে ক্ষুদ্র উদ্যোগসমূহত ক্লাষ্টাৰ উন্নয়নৰ কাম কৰিবলৈ ৪২.৭২ কোটি টকাৰ বিনিয়োগতো অনুমোদন জনায় বুধবাৰৰ কেবিনেটৰ বৈঠকে ।