গুৱাহাটী: মহানগৰীত বাঢ়িছে চোৰৰ উপদ্ৰৱ । কেতিয়াবা যদি চিলনী চোৰে থপিয়াই নিছে আপোনাৰ ডিঙিৰ সোণৰ চেইন, আন কেতিয়াবা আকৌ কাঢ়ি নিছে আপোনাৰ ম'বাইল ফোনটো । আন কেতিয়াবা আকৌ আপুনি নিজৰ কিবা কামত নাইবা আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যাওতেই চোৰে আপোনাৰ ঘৰৰ দুৱাৰ ভাঙি চলাইছে চাফাই অভিযান । এইবাৰ পিছে চিলনী চোৰে থপিয়াই নিয়া নাই কাৰোবাৰ প্ৰয়োজনীয় সম্পত্তি, নাইবা লুট কৰা নাই কাৰোবাৰ বাসগৃহ । চোৰে নিলে সুৰাৰ বটল, লগত চিচিটিভি কেমেৰা, নগদ ধন ।
ঘটনাৰ স্থান পাথৰ কোৱাৰী । মহানগৰীৰ পাথৰকোৱাৰীৰ এখন সুৰা বিপনীত সংঘটিত হয় এক চাঞ্চল্যক চুৰিকাণ্ড । পাথৰ কোৱাৰীৰ কামৰূপ ৱাইন শ্বপ নামৰ বিপনীখনত বুধবাৰে পুৱতি নিশা এই চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয় । চোৰে সুৰা বিপনীখনৰ পিছফালেৰে প্ৰৱেশ কৰি গ্ৰীলৰ তলা ভাঙি বিপনীখনৰ ভিতৰৰ পৰা চুৰি কৰি লৈ যায় বহু দামী বেণ্ডৰ সুৰা ।
সুৰা বিপনীখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে চোৰে দোকানখনৰ প্ৰায় দুই লাখ টকাৰ দামী বিভিন্ন ব্ৰেণ্ডৰ সুৰা আৰু কেছ বক্স পৰা নগদ ডেৰ লাখ টকা লুটি লৈ যায় । আনকি চোৰে দোকানখন চি চি টিভি আৰু চিচি টিভি ৰ DVR পৰ্যন্ত চুৰি কৰি লৈ যায় । বুধবাৰে দিনৰ ১১ বজাত সুৰা বিপনীখনৰ কৰ্মচাৰীয়ে বিপনীখন খুলিবলৈ গৈ চুৰি হোৱা বুলি জানিব পাৰি ততালিকে স্থানীয় নুনমাটি আৰক্ষীক খবৰ দিয়ে ।
ঘটনাস্থলীত নুনমাটি আৰক্ষীৰ লোক উপস্থিত হৈ ওচৰৰ দোকানৰ চিচি টিভিৰ ফুতেজ সংগ্ৰহ কৰি চোৰৰ সন্ধানত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । কিন্তু বৰ্তমান পৰ্যন্ত চোৰৰ কোনো সম্ভেদ উলিয়াব পৰা নাই নুনমাটি আৰক্ষীয়ে । পিছে স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত দিনকদিনে চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে স্থানীয় লোক ।