হায়দৰাবাদ: মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলৰ বাবে ইংলেণ্ড ক্ৰিকেট দলে প্লেইং-১১ ঘোষণা কৰিছে । ইংলেণ্ড ক্ৰিকেটে নিজৰ X একাউণ্টৰ পৰা পোষ্ট কৰি দলটো ঘোষণা কৰিছে । ১৪ মাহৰ পাছত ইংলেণ্ডৰ হৈ এদিনীয়া ক্ৰিকেট দললৈ ঘূৰি আহিবলৈ ওলাইছে জো ৰুট । এই মেচত দলৰ নেতৃত্ব জোছ বাটলাৰৰ হাতত থাকিব ।
এই খেলুৱৈসকলক প্লেইং-১১ত স্থান দিছে ইংলেণ্ডে
ইংলেণ্ডৰ প্লেইং-১১ত বেন ডাকেট আৰু ফিল ছল্টক অ’পেনাৰ হিচাপে দেখা যাব । জো ৰুট, হেৰী ব্ৰুক আৰু জোছ বাটলাৰক মধ্যম ক্ৰমত দেখা যাব । লিয়াম লিভিংষ্টন, জেকব বেথেল আৰু ব্ৰাইডন কাৰ্ছক অল ৰাউণ্ডাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে । দলটোৰ একমাত্ৰ স্পিনাৰ হৈছে আদিল ৰছিদ । বেগী বলাৰসকলৰ ভিতৰত জফ্ৰা আৰ্চাৰ আৰু পাকিস্তানী মূলৰ বেগী বলাৰ ছাকিব মাহমুদক স্থান দিয়া হৈছে ।
For the first time since 2023... Joe Root is back in ODI colours 😍
— England Cricket (@englandcricket) February 5, 2025
Your England team to face India tomorrow 🔜 pic.twitter.com/M7AEPCPpxk
১৪ মাহৰ পাছত এদিনীয়ালৈ ঘূৰি আহিব ৰুটে
অহা ৬ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত মেচখন অনুষ্ঠিত হ’ব । এই মেচখনৰ জৰিয়তে প্ৰায় ১৪ মাহৰ পাছত এদিনীয়া ক্ৰিকেটত পুনৰ উভতি আহিছে জো ৰুট । ২০২৩ চনৰ ১১ নৱেম্বৰত ইডেন গাৰ্ডেনত অনুষ্ঠিত আই চি চি এদিনীয়া বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে তেওঁ শেষৰখন এদিনীয়া খেলিছিল ।
ৰুটৰ উপৰিও চতুৰ্থ টি-২০ত এটা অভাৰত তিনিটা উইকেট দখল কৰা বেগী বলাৰ ছাকিব মাহমুদকো দলত স্থান দিয়া হৈছে । ইংলেণ্ডে আদিল ৰছিদক নিজৰ দলত মূল স্পিনাৰ হিচাপে অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে লিয়াম লিভিংষ্টনে দ্বিতীয় স্পিনাৰ হিচাপে খেলিব । এনে পৰিস্থিতিত নাগপুৰ খেলপথাৰত ভাৰতীয় দলটোক পৰাস্ত কৰাটো ইংলেণ্ডৰ বাবে অলপ কঠিন হ’ব পাৰে ।
ইংলেণ্ডৰ প্লেইং-১১ :
বেন ডাকেট, ফিল ছল্ট, জো ৰুট, হেৰী ব্ৰুক, জোছ বাটলাৰ, লিয়াম লিভিংষ্টন, জেকব বেথেল, ব্ৰাইডন কাৰ্ছ, আদিল ৰছিদ, জোফ্ৰা আৰ্চাৰ আৰু ছাকিব মাহমুদ ।