ডিব্ৰুগড় : ৰাজ্যত ৩ টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হৈছে । ইতিমধ্যে দুটা পৰ্যায়ৰ গুণোৎসৱ সমাপ্ত হৈছে আৰু ষষ্ঠ সংস্কৰণৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ চলি আছে । তাৰ মাজতে ডিব্ৰুগড়ৰ লাহোৱাল শিক্ষাখণ্ডৰ নগাঘূলী নিজ কানাই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ দিনাই স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে । শিক্ষা বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গান দিলে স্থানীয় লোকসকলে । কিন্তু গুণোৎসৱৰ দিনা কিয় স্থানীয় লোকসকল প্ৰতিবাদত বহিল ?
উল্লেখ্য যে বিদ্যালয়খনত ৯৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । শিক্ষাৰ্থী আৰু অভিভাৱকসকলে দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ শিক্ষকৰ অভাৱ সম্পৰ্কে অভিযোগ দি আহিছে । কিন্তু বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে গুণোৎসৱৰ দিনাই ক্ষুণ্ণ হৈ পৰিল স্থানীয় ৰাইজ ।
শিক্ষা মন্ত্ৰীক গ্ৰামাঞ্চলৰ বিদ্যালয় পৰিদৰ্শনৰ আহ্বান
শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ত শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰি আহিছে যদিও এজনীয়া শিক্ষকেৰে চলিছে বহু চৰকাৰী বিদ্যালয় । ফলত লাহোৱাল শিক্ষাখণ্ডৰ অন্তৰ্গত নগাঘূলী নিজ কানাই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ দিনাই স্থানীয় ৰাইজে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল । প্ৰতিবাদত অংশ লৈ এগৰাকী লোকে কয়, "বিদ্যালয়খনত ৯৮ গৰাকী ছাত্ৰ-ছাত্ৰী আছে যদিও শিক্ষকৰ অভাৱ । তিনিজন শিক্ষক পূৰ্বে আছিল যদিও এজনে অৱসৰ গ্ৰহণ কৰিছে । ইয়াৰে দুজন শিক্ষকৰ ভিতৰত এজন শিক্ষকে বিদ্যালয়ৰ অফিচিয়েল কাম কৰিব লাগে । তেনেস্থলত এজন শিক্ষকে পাঠদান কৰিব লগা হয় । ফলত শিক্ষাৰ্থীসকলে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছে । সেয়ে ৰাজ্যৰ শিক্ষা মন্ত্ৰীক এ.চি কোঠাত নাথাকি ভিতৰুৱা অঞ্চলৰ বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনালো ।"
খোৱাং প্ৰাথমিক শিক্ষাখণ্ডৰ ৩১৩ খন বিদ্যালয়ত গুণোৎসৱ :
গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ অংশ হিচাৰে ডিব্ৰুগড় জিলাত বুধবাৰৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ ৷ জিলাখনৰ খোৱাং প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ৩১৩ খন বিদ্যালয়ত আৰম্ভ হৈছে গুণোৎসৱ ৷ গুণোৎসৱক লৈ বিদ্যালয়সমূহত পৰিলক্ষিত হৈছে উখল-মাখল পৰিৱেশ ৷ মৰাণ নগৰত অৱস্থিত পিয়লি নগৰ প্ৰাথমিক বিদ্যালয়তো অনুৰূপ পৰিৱেশে বিৰাজ কৰিছে ৷ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও সুশৃংখলভাৱে গুণোৎসৱৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷ ১৯৭৩ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ, ছাত্ৰ-ছাত্ৰীসকলৰ একাগ্ৰতা দেখি সন্তুষ্টি প্ৰকাশ কৰিছে বিদ্যালয়লৈ নিৰীক্ষক হিচাপে অহা বিষয়াসকলে ৷
লগতে পঢ়ক :দেশমাতৃৰ সেৱা আগবঢ়াই বীৰৰ দৰে উভতিল চুবেদাৰ মেজৰ শুক্ক বৰুৱা - RETIRED ARMY PERSONNEL