তেজপুৰ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত এইবাৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে । বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যই স্থাপন কৰিব বিশ্ব অভিলেখ । অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত অনুষ্ঠানৰ পূৰ্বে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত অনুষ্ঠিত হয় 'ঝুমুৰ বিনন্দিনী' (মেগা ঝুমইৰ)ৰ মাণ্ডলিক পৰ্যায়ৰ পৰিৱেশন । ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷
মণ্ডল পৰ্যায়ৰ পৰিৱেশনত শোণিতপুৰ, বিশ্বনাথ আৰু নগাঁও জিলাৰ পৰা নিৰ্বাচিত কৰা ১০০০ অংশগ্ৰহণকাৰীসকলে যোগদান কৰে । তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত মণ্ডল পৰ্য্যায়ৰ পৰিৱেশনত শোণিতপুৰৰ পৰা মুঠ ৫১২ গৰাকী, বিশ্বনাথৰ পৰা ২২৪ গৰাকী আৰু নগাঁৱৰ ২২৫ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছে । বিশিষ্ট শিল্পী সাজন নায়ক আৰু ৰঞ্জিত গগৈৰ তত্বাৱধানত অনুষ্ঠিত মাণ্ডলিক পৰ্যায়ৰ এই পৰিৱেশনত মন্ত্ৰী অশোক সিংহাল আৰু অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীও উপস্থিত থাকে ।
মণ্ডল পৰ্যায়ৰ এই অনুষ্ঠানত ঝুমুৰ নৃত্যৰ কৰিঅ’গ্ৰাফাৰ তথা বিশিষ্ট শিল্পী ৰঞ্জিত গগৈয়ে কয়, "চাহ-বাগিচাৰ মাজত নৃত্য পৰিৱেশন কৰা এই লোকসকল কোনো প্ৰফেশ্যনেল নৃত্যশিল্পী নহয় ৷ গতিকে এওঁলোকক বুজাই-বঢ়াই লওঁতে অলপ সময় লাগিব ৷"
ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে চিনাকী কৰাই দিয়াৰ মানসেৰে এই লক্ষ্য লৈছে চৰকাৰে । প্ৰায় ৮০০০ শিল্পীক সাজু কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । ৰাজ্যৰ বিভিন্ন ঠাইত চলিছে প্ৰশিক্ষণ প্ৰক্ৰিয়া ৷ অসম চৰকাৰে ঘোষণা কৰিছে যে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শিত হ'ব মেগা ঝুমুৰ নৃত্য । এই নৃত্যৰ জৰিয়তে গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য আছে । ১৬ মিনিট ৩২ ছেকেণ্ডৰ এই নৃত্যত ৰাজ্যৰ ৮০০ খন চাহ বাগিচাৰ শিল্পী তথা প্ৰতিনিধি থাকিব । প্ৰায় ৮ হাজাৰ শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব । চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ পৰম্পৰাগত ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িব অসমে ৷
লগতে পঢ়ক : এশৰো অধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণৰে চলিছে ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখৰ প্ৰস্তুতি