ETV Bharat / state

কিতাপ নপঢ়াকৈ বঁটা প্ৰদান কৰিলে অসম সাহিত্য সভাই: নুৰুল চুলতান - SAHITYA SABHA AWARD CONTROVERSY

অসম সাহিত্য সভাৰ বঁটা বিতৰণক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া অসম সাহিত্য সভাৰ তথ্যচিত্ৰ কোষৰ আহ্বায়ক দেৰগাঁৱৰ নুৰুল চুলতানৰ ।

Nurul Sultan react over Assam Sahitya Sabha's controversy over award distribution
অসম সাহিত্য সভাৰ বঁটা বিতৰণ বিতৰ্ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 5, 2025, 6:40 PM IST

গোলাঘাট: বিতৰ্কই ঘেৰি ধৰিছে অসম সাহিত্য সভাক । বঁটা, শিল্পীক অপমান আদিকে ধৰি বহু অভিযোগ উত্থাপন হৈছে অসম সাহিত্য সভাৰ বিৰুদ্ধে । ইয়াৰ মাজতে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন কৰ্ণধাৰ সমিতিৰ সদস্য তথা বৰ্তমানৰ তথ্যচিত্ৰ কোষৰ আহ্বায়ক দেৰগাঁৱৰ নুৰুল চুলতানে । অসম সাহিত্য সভাৰ শেহতীয়াকৈ বিভিন্ন শিতানত বঁটা প্ৰদান কৰা কাৰ্যক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চুলতানে ।

অধিকাংশ বঁটাতে বিতৰ্কৰ সৃষ্টি:

শেহতীয়াকৈ অসম সাহিত্য সভাৰ বঁটা প্ৰদানত সৃষ্টি হোৱা বিতৰ্কক প্ৰসংগত নুৰুল চুলতানে কয়,"অসম সাহিত্য সভাৰ যিসমূহ বঁটা প্ৰদান কৰা হৈছে, ঘোষণা কৰা হৈছে তাৰে কেইটামান বঁটাৰ বাদে অধিকাংশ বঁটাতে বিতৰ্কৰ সৃষ্টি হৈছে । বিতৰ্কৰ অৱতাৰণা প্ৰধান সম্পাদকগৰাকীৰ নেতৃত্বত যি বঁটা নিৰ্বাচনী সমিতি আছে সেই সমিতিখনে কৰিছে । আমি জনাত সাহিত্য সভাই বিভিন্ন গ্ৰন্থৰ বাবে বঁটা আবেদন আহ্বান কৰি জাননী জাৰী কৰিছিল সেই জাননী সাধাৰণতে আগতে দিয়ে নৱেম্বৰ মাহৰ ভিতৰত আবেদন কৰিবলৈ । কিন্তু এইবাৰ ইমান দিনে পেলায় থৈ ১৭ জানুৱাৰীত এটা প্ৰেছ বিবৃতি দি বঁটাৰ বাবে আবেদন বিচৰা হৈছিল । "

অসম সাহিত্য সভাৰ বঁটা বিতৰণ বিতৰ্ক (ETV Bharat Assam)

তেওঁ লগতে কয়, "সেইমৰ্মে কমেও তিনিখন গ্ৰন্থ বিচাৰৰ বাবে বিচাৰকক দিয়ে ৷ মানুহে ১৮ জানুৱাৰীত খবৰ পাই আবেদন কৰিলে আৰু ২৫ তাৰিখে শেষ দিন আছিল । সেইদিনাও বহুতে জমা দিলে । কিন্তু, তাৰ পাছত ২৬, ২৭, ২৮ আৰু ২৯ এই চাৰিদিনত কেতিয়া আৰু কোন বিচাৰকে চালে ? কাৰণ শ শ গ্ৰন্থ গৈছে । যিহেতু মই নিজে সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিত আছোঁ, কিন্তু এই কথা-বতৰাৰ বিলাক কোৱাৰ সুযোগ কোনেও নিদিয়ে । প্ৰধান সম্পাদকে দুই এজনক লগত লৈ স্বেচ্ছাচাৰিতাৰে সকলো কাম কৰে । আচলতে তেওঁলোকে ভালকৈ কিতাপৰ পাত নেমেলিলেই । মই জনাত সভাপতি, সম্পাদক আৰু উপ-সভাপতি একত্ৰিত হৈ নবহিলেই ।"

বিচাৰকৰ সমিতিত কোন কোন আছে ?

এই সন্দৰ্ভত তেওঁ কয়, "বিশেষকৈ সভাপতি এই বঁটা প্ৰদান প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকে । কিন্তু বাকী যিসকল বিচাৰকে কৰিছে উপেন্দ্ৰজিৎ শৰ্মাই তেওঁলোকৰ নাম ৰাজহুৱা কৰক । গোপনভাৱে কমিটিখন গঠন কৰা হয় ঠিকেই আছে, কিন্তু এতিয়া যিহেতু বঁটা ঘোষণা কৰিলেই গতিকে নামসমূহ ৰাজহুৱা কৰিব পাৰে ।"

ইয়াৰোপৰি চুলতানে কয়, "কিতাপ নপঢ়াকৈ বঁটা প্ৰদান কৰি অসম সাহিত্য সভাক সমালোচনা কৰাৰ অৱকাশ কিয় দিলে ? এইটো ভয়ংকৰ অপৰাধ কৰিছে, সংবিধানত নথকা বঁটাও প্ৰদান কৰিছে । লক্ষ্মীনাথ ফুকন সাংবাদিক বঁটা, কীৰ্তিনাথ হাজৰিকা, পৰাগ কুমাৰ দাস বঁটা দিয়াৰ উপৰিও ৫৪ গৰাকী সাংবাদিকক বঁটা প্ৰদান কৰিলে । কিন্তু সাহিত্য সভাৰ নিচিনা এটা অনুষ্ঠানত ৫৪ গৰাকী সাহিত্যিককে বঁটা প্ৰদান কৰা নাই ।"

প্ৰধান সম্পাদকৰ বিৰুদ্ধে অভিযোগ:

এই সন্দৰ্ভত তেওঁ কয়, "সাংবাদিকসকলক বঁটা দিছে কিন্তু সেই সাংবাদিকসকলৰ নিৰ্বাচিত কৰা প্ৰক্ৰিয়া কি ? এই সম্পৰ্কে সভাপতিয়ে যিহেতু নাজানোঁ বুলি কৈছে, তেনেহ'লে প্ৰধান সম্পাদক উপেন্দ্ৰজিং শৰ্মাই কৰিছে । আমি খবৰ পোৱা অনুসৰি বিগত নিৰ্বাচনত যেতিয়া বিতৰ্ক সৃষ্টি হৈছিল, তেতিয়া একাংশ সাংবাদিকক প্ৰধান সম্পাদকে মেনেজ কৰি কৈছিল বঁটা দিম ।"

বিগত বৰ্ষত বঁটা লাভ কৰা ব্যক্তিয়েও এই বৰ্ষটো বঁটা পাইছে:

আন এক অভিযোগ উত্থাপন কৰি তেওঁ নুৰুল চুলতানে কয়, "আচৰিত কথা যোৱা বছৰ একেটা বিষয়ত বঁটা লাভ কৰা ব্যক্তিয়ে এই বছৰ একেটা বিষয়তে এইবাৰো বঁটা লাভ কৰিছে । গোবিন্দ কলিতাই আগতে শ্ৰেষ্ঠ সংগঠকৰ বঁটা লাভ কৰিছিল আৰু এইবাৰো এইবাৰো তেওঁৰ যোগ্যতা আছে । তেওঁক এইবাৰো বঁটা দিছে, কিন্তু তেখেতে বঁটা গ্ৰহণ নকৰি ভাল কাম কৰিছে ।"

উপ-সভাপতিৰ পত্নীৰ বঁটা লাভ:

উপ-সভাপতিৰ পত্নীয়ে বঁটা লাভ কৰাৰ প্ৰসংগত চুলতানে কয়, "ইয়াৰ উপৰিও তিনিচুকীয়া জিলাৰ অৰুণিমা সন্দিকৈ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ জিলা প্ৰতিনিধি । কিন্তু উপ-সভাপতি গিৰিশ সন্দিকৈৰ পৰিবাৰ । উপ-সভাপতি গিৰিশ সন্দিকৈ আকৌ বঁটা বিচাৰক । তেখেতৰ পৰিবাৰে বঁটা লাভ কৰিছে, এইটো নকৰিলেও হয় । মই ন দি ক'ব পাৰোঁ যে গিৰিশ সন্দিকৈক বদনাম কৰা দল হ'ল উপেন্দ্ৰজিৎ শৰ্মাৰ দলটো ।"

লগতে পঢ়ক: এইবাৰ সাহিত্য সভাত 'নিষ্ঠাৱান সাংবাদিক' বিতৰ্ক; অন্তিমদিনা উদুলি-মুদুলি পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ - SAHITYA SABHA PATHSALA SESSION

অসম সাহিত্য সভাৰ বঁটা বিতৰ্ক : শিশু গ্ৰন্থ নোহোৱাকৈয়ে শিশু উপযোগী গ্ৰন্থৰ বঁটা ! - SAHITYA SABHA AWARD CONTROVERSY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.