গুৱাহাটী : নতুন ৰূপ পালে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ টাৰ্মিনাছে । বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনাছৰ পুনৰ উন্নীতকৰণ প্ৰকল্পৰ উদ্বোধন কৰে । নতুনকৈ সজাই তোলা হৈছে বিমানবন্দৰৰ টাৰ্মিনাছটো ।
গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো উত্তৰ-পূৰ্বাঞ্চলৰ আকাশী পৰিবহণ ব্যৱস্থাৰ দুৱাৰমুখ স্বৰূপ । বিমানবন্দৰটোৰ বৰ্তমানৰ টাৰ্মিনাছটো পুনৰ উন্নীতকৰণেৰে যাত্ৰীসকলক উন্নত আৰু আধুনিক সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । টাৰ্মিনাছটোত নতুনকৈ বিভিন্ন সুবিধা উপলভ্য কৰাৰ লগতে আটকধুনীয়াকৈ সজাই তোলা হৈছে ।
তদুপৰি ডিজিটেল মাধ্যমযোগে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । আটকধুনীয়াকৈ নিৰ্মাণ কৰা নতুন টাৰ্মিনাছটো মুকলি কৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, "প্ৰথমতে ইয়াৰ সন্মুখ ভাগটো ২০০ বৰ্গমিটাৰ আছিল আৰু এতিয়া ১০০০ বৰ্গমিটাৰ কৰা হৈছে । আগতে প্ৰৱেশ ৮ টা আছিল আৰু এতিয়া ১৪ টালৈকে কৰা হৈছে ।’’
Later this year, Guwahati will get a new airport that can handle 13 million passengers, 4 times more than the current capacity.
— Himanta Biswa Sarma (@himantabiswa) February 5, 2025
Today, we have upgraded the existing terminal, so passengers can enjoy an enhanced experience until the new airport becomes operational. pic.twitter.com/kkkUYpQNws
‘‘সন্মুখত এখন বাগিচা কৰা হৈছে । সুন্দৰ ৱাল এখন কৰা হৈছে । এই সকলোবোৰ নতুন সুবিধা বিগত দুমাহত পৰিকল্পনা কৰি কৰা হৈছে । যাতে আগন্তুক এডভাণ্টেজ আছাম ২.০ সন্মিলনত অংশ ল'বলৈ অহা অতিথিসকলৰ লগতে দেশ-বিদেশৰ পৰ্যটকসকলে বিমানবন্দৰত উপস্থিত হৈয়েই এক সুন্দৰ অভিজ্ঞতা লাভ কৰিব পাৰে ।’’ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় ৷
লগতে তেওঁ কয়, ‘‘আনহাতে নতুনকৈ নিৰ্মাণ হৈ থকা টাৰ্মিনেলটোৰ থাৰ্ড পাৰ্ট আমি ছেপ্টেম্বৰ-অক্টোবৰ মাহত উদ্বোধন কৰিব পাৰিম । তাৰ আগতে এই নতুন নিৰ্মাণ কাৰ্যটো মুকলি কৰা হৈছে । এই বিমান বন্দৰটো উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি ক'ব পাৰো । ভৱিষ্যতে ই দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হ'ব ।"
লগতে পঢ়ক : বিনিয়োগকাৰীৰ বিচাৰি মুখ্যমন্ত্ৰীৰ জাপান ভ্রমণ: দিনটোত ৬খন বৈঠকত অংশগ্রহণ লগতে পঢ়ক : চেৰীফুলৰ দেশত ৮০ গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰীৰ |
দিল্লী ভ্ৰমণৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৪ ফেব্ৰুৱাৰীৰ বিয়লি ৫ বজাত গুৱাহাটীলৈ আহিব আৰু ঝুমুৰৰ সামূহিক নৃত্য উপভোগ কৰিব । প্ৰধানমন্ত্ৰীয়ে পিছদিনা ২৫ ফেব্ৰুৱাৰীত দিনৰ ১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ এডভাণ্টেজ অসমৰ কনক্লেভত যোগদান কৰিব ৷’’
All smiles at Lokpriya Gopinath Bordoloi International Airport. pic.twitter.com/VEUZo2lU55
— Himanta Biswa Sarma (@himantabiswa) February 5, 2025
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় ৷ ‘‘আনহাতে বাকী কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সময়সূচীৰ বাবে মই মঙলবাৰে দিল্লীত আছিলো । দিল্লীত থকা সময়ত আমাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰজেক্ট সন্দৰ্ভত নীতিন গাডকাৰীৰ লগত আলোচনা কৰো । কাজিৰঙাৰ এলিভেটেট ক'ৰিডৰ, মাজুলী-যোৰহাটৰ দলং, যোৰহাট-ডিব্ৰুগড় পথচোৱা আদি কেইবাটাও প্ৰকল্প সন্দৰ্ভত আলোচনা কৰা হয়।’’
লগতে তেওঁ কয়, ‘‘অহা এমাহৰ ভিতৰত ৰিং ৰোডৰ কাম আৰম্ভ হ'ব ।" অনুষ্ঠানত মুখ্যমন্ত্ৰীৰে সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ।
- কি কি নতুনত্ব আছে নতুন ৰূপ পোৱা টাৰ্মিনাছত :
১. সন্মুখফালৰ প্লেটফৰ্মৰ এলেকা ২৭০ বৰ্গমিটাৰৰ পৰা ১০০০ বৰ্গমিটাৰলৈ বৃদ্ধি কৰা হৈছে ।
২. প্ৰৱেশ পথৰ সংখ্যা ৮ লেনৰ পৰা ১৪ লেনলৈ বৃদ্ধি কৰা হৈছে ।
৩. ৩০০ বৰ্গমিটাৰৰ নতুন বাগিচা বিকশিত কৰা হৈছে ।
৪. প্ৰায় ৯০০ বৰ্গমিটাৰ পদপথ বিকশিত কৰা হৈছে ।
৫. ১৪০ মিটাৰ দীঘল স্থাপত্যৰে খচিত এখন দেৱাল নিৰ্মাণ কৰা হৈছে ।
৬. প্ৰৱেশ লেন দুটাৰ পৰা চাৰিটালৈ আৰু প্ৰস্থানৰ লেন তিনিটাৰ পৰা চাৰিটালৈ বৃদ্ধি কৰা হৈছে ।
৭. চাৰিখন ডিজি যাত্ৰা গে'ট মুকলি কৰা হৈছে ।
৮. প্ৰয়োজনীয় আচবাব সংযোজনৰ লগতে নিৰাপত্তা চেক-ইনৰ এলেকা ৩০০ৰ পৰা ৪৫০ বৰ্গমিটাৰলৈ বৃদ্ধি কৰা হৈছে ।
৯. চেক-ইন লাগেজৰ স্ক্ৰীনিং প্ৰক্ৰিয়াৰ বাবে অতিৰিক্ত শাৰীৰ ব্যৱস্থা কৰা হৈছে ।
১০. একাধিক খুচুৰা, খাদ্য আৰু মনোৰঞ্জনৰ সুবিধা বিমানবন্দৰত নতুনকৈ গঢ়ি তোলা হৈছে ।