গুৱাহাটী : অপৰাধীৰ বিৰুদ্ধে পুনৰ চলিল আৰক্ষীৰ বন্দুক । এইবাৰ স্থান যোৰাবাট । দুৰ্ধৰ্ষ বাইক চোৰক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে । বশিষ্ঠ আৰক্ষীৰ গুলীত আহত বাইক চোৰ । নিশা যোৰাবাটত চলা এক অভিযানৰ মাজতে সংঘটিত হ'ল এই ঘটনা । আৰক্ষীৰ গুলীত আহত বাইক চোৰটো দিব্যজোতি শইকীয়া বুলি জানিব পৰা গৈছে ।
আৰক্ষীৰ এনকাউণ্টাৰ
ঘটনা সন্দৰ্ভত উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয় , "গুৱাহাটীৰ ছয়মাইলৰ পৰা নিশা বশিষ্ঠ আৰক্ষীয়ে তিনিটা দুৰ্ধৰ্ষ গাড়ী চোৰক আটক কৰিছিল । চোৰকেইটা হৈছে ক্ৰমে অজয় সিং, দিপু টেৰণ, দিব্যজোতি শইকীয়া । দিব্যজোতি শইকীয়া আৰু অজয় সিঙে আৰু অধিক বাইক উদ্ধাৰ কৰি দিম বুলি কৈছিল । সেই সূত্ৰে বশিষ্ঠ আৰক্ষীয়ে নিশা যোৰাবাটৰ তেৰ মাইলত চোৰৰ গেংটোক লৈ অভিযানলৈ গৈছিল ৷ কিন্তু ১৩ মাইলত জংঘলৰ পৰা হঠাৎ একাংশ দুর্বত্তই আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিবলৈ ধৰে । তাৰ সুযোগ লৈ আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰিছিল বাইক চোৰ দিব্যজ্যোতি শইকীয়াই ৷ অৱশ্যে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ দিব্যজ্যোতি শইকীয়াৰ ভৰিত লক্ষ্য কৰি গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আহত হৈ পৰে দিব্যজ্যোতি শইকীয়া ।"
আৰক্ষী আৰু বাইক চোৰৰ গেঙৰ সংঘৰ্ষৰ কথা উল্লেখ কৰি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, "এই ঘটনাত অসম আৰক্ষীৰ এগৰাকী কনিষ্টবল আহত হয় । সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আৰক্ষী কনিষ্টবল আৰু আহত চোৰ দিব্যজ্যোতি ৷"
তেওঁ লগতে কয়, "নিশাৰ অভিযানৰ সময়ত দিব্যজ্যোতি আৰু বাইক চোৰ গেঙৰ পৰা জব্দ কৰো দুখন বাইক আৰু বিশেষ চাবি ৷ মহানগৰীৰ কেইবা স্থানতো বাইক চুৰি ঘটনাৰে জড়িত আছিল গেংটো ৷ এই গেংটোৱে মহানগৰীৰ পৰা বাইক চুৰি কৰি বিভিন্ন স্থানত বিক্ৰী কৰি আহিছিল । এই গেংটোৰ বিৰুদ্ধে মহানগৰীৰ কেইবাখনো থানাত বহু গোচৰ ৰুজু হৈ আছে ।"
লগতে পঢ়ক :অমনক হত্যা কৰি কোনে কাঢ়ি নিলে ৩ লাখ ? - BODY OF YOUTH RECOVERED