ETV Bharat / state

গণৰাজ্য দিৱসৰ দিনাই চাৰিখনকৈ উৰণ সেতুৰ আধাৰশিলা স্থাপন মুখ্য়মন্ত্ৰীৰ - FLYOVERS FOUNDATION STONE

২০২৬ত মুকলি হ'ব বৰাক সচিবালয় । এডভান্টেজ অসমৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে কেইবাটাও মহত্বপূৰ্ণ আঁচনি ঘোষণা কৰাৰ কথা উল্লেখ মুখ্যমন্ত্ৰীৰ ।

Himanta Biswa Sarma in Dibrugarh
চাৰিখনকৈ উৰণ সেতুৰ আধাৰশিলা কৰিলে হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 26, 2025, 9:48 PM IST

মৰাণ : তিনিদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা ডিব্ৰুগড়ৰ সচিবালয়ত ৰাজ্য চৰকাৰৰ কাম-কাজৰ তদাৰক কৰিছে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, মাজুলী, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটকে কৰি প্ৰায় ৯ খন জিলাৰ কাম-কাজ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰাই তদাৰক কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ মাজতে দেওবাৰে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যবাসীক সম্বোধন কৰাৰ লগতে আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

নাহৰকটীয়া সমজিলাৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ :

মুখ্যমন্ত্রীৰ সচিবালয়ত নাহৰকটীয়া সমজিলাৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্যালোচনা সভাত নাহৰকটীয়া সমজিলাত চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ কাম-কাজৰ বুজ লোৱাৰ লগতেই সমজিলাৰ বিভাগসমূহৰ পৰিকল্পনাৰ খতিয়ান লয় । এই অনুষ্ঠানত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ লগতে জিলা আয়ুক্ত আৰু সমজিলাৰ সকলো বিষয়া উপস্থিত থাকে ।

ডিব্ৰুগড়ত চাৰিখনকৈ উৰণ সেতুৰ আধাৰশিলা কৰিলে হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)

চাৰিখনকৈ উৰণ সেতুৰ আধাৰশিলা :

গণৰাজ্য দিৱসতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ ৰাইজক উপহাৰ দিলে চাৰিখনকৈ উৰণ সেতু । মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ অতি গুৰুত্বপূৰ্ণ চাৰিখন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে । ডিব্ৰুগড়ৰ মানকটা পথৰ দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে চাৰিখনকৈ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে । মুখ্যমন্ত্ৰীয়ে আমোলাপট্টি চাৰিআলি উৰণ সেতু, মানকটা পথৰ উৰণ সেতু, পুৰণি ৩৭ নং ঘাইপথৰ সংযোগস্থলৰ উৰণ সেতু আৰু লেজাই কলাখোৱা পথৰ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে ।

Himanta Biswa Sarma in Dibrugarh
চাৰিখনকৈ উৰণ সেতুৰ আধাৰশিলা স্থাপন মুখ্য়মন্ত্ৰীৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰি কয়, "আমি আজি চাৰিখন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিছো । মানকটা পথৰ উৰণ সেতুখন ৮২০ মিটাৰ দৈৰ্ঘৰ হ'ব । আমোলাপট্টি চাৰিআলিৰ উৰণ সেতুখন ১৫০০ মিটাৰ দৈৰ্ঘৰ হ'ব । লাহোৱালৰ পুৰণি ৩৭ নং ঘাইপথৰ সংযোগস্থলৰ উৰণ সেতুখন হ'ব ১৫০০ মিটাৰ দৈৰ্ঘৰ । লেজাই কলাখোৱা পথৰ উৰণ সেতুখন ৭০০ মিটাৰ দৈৰ্ঘৰ হ'ব । এই চাৰিখন উৰণ সেতু সম্পূৰ্ণ হোৱাৰ পাছতে ডিব্ৰুগড়ৰ কেবিনেটত লোৱা সকলো সিদ্ধান্ত সম্পূৰ্ণ হ'ব ।"

২০২৬ত মুকলি হ'ব বৰাক সচিবালয়:

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "বৰাক উপত্যকাত মুখ্য সচিবৰ কাৰ্যালয়সহ মুখ্যমন্ত্ৰীৰ সচিবালয় নিৰ্মাণৰ কামত আমি আগবাঢ়িছো, ২০২৬ চনত সেই সচিবালয় উদ্বোধন কৰিম । অসমৰ চৌদিশে বিকাশৰ বাতৰি বিয়পাই অসমক ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্য কৰাৰ সংকল্প বাস্তৱৰ দিশত দ্ৰুতগতিত আগবাঢ়িছো । অসম চৰকাৰৰ আঁচনিসমূহ আগবঢ়াই নিয়াত সহযোগিতা কৰা ডিব্ৰুগড়ৰ মন্ত্ৰী-বিধায়কসকলক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে ।

Himanta Biswa Sarma in Dibrugarh
ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

এডভান্টেজ অসমেৰে উদ্যোগীকৰণৰ চেষ্টা:

মুখ্যমন্ত্ৰীগৰাকীয়ে এডভান্টেজ অসম সন্দৰ্ভত মন্তব্য় কৰি কয়, "এডভান্টেজ অসমক লৈ ৰাজ্য চৰকাৰে যথেষ্ট কষ্ট কৰিছে । এডভান্টেজ অসমৰ দ্বাৰা অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ সৃষ্টিৰ বাবে চেষ্টা কৰা হৈছে । এডভান্টেজ অসমৰ পূৰ্বে নামৰূপ সাৰ কাৰখানাকে ধৰি কেইবাটাও প্ৰকল্প সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হৈছে । এডভান্টেজ অসমৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে কেইবাটাও মহত্বপূৰ্ণ আঁচনি ঘোষণা কৰিব ।" ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ স্থাপনৰ বাবে এডভান্টেজ অসমে পথ মুকলি কৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিশিষ্ট ব্যক্তিৰ সৈতে চাহমেল:

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ সচিবালয়ত জিলা প্ৰশাসনে আয়োজন কৰে চাহমেল । ডিব্ৰুগড়ৰ বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক, মন্ত্ৰী, বিধায়কৰ সৈতে সচিবালয়ত চাহমেলত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই চাহমেলত বিভিন্নজনৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে জ্যেষ্ঠসকলৰ দিহা পৰামৰ্শ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ।

Himanta Biswa Sarma in Dibrugarh
বিশিষ্ট ব্যক্তিৰ সৈতে মুখ্যমন্ত্ৰীৰ চাহমেল (ETV Bharat Assam)

লগতে পঢ়ক:ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে এয়া প্ৰথম খোজ : মুখ্যমন্ত্ৰী - REPUBLIC DAY 2025

খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি কি ক’লে ৰাজ্যপাল আচাৰ্যই - REPUBLIC DAY 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.