হায়দৰাবাদ: আজি ছেমছাঙে আয়োজন কৰিবলৈ সাজু হৈছে বাৰ্ষিক গেলাক্সি আনপেকড ইভেণ্ট, য’ত ইয়াৰ নেক্সট জেন ফ্লেগশ্বিপ গেলাক্সি এছ ছিৰিজৰ স্মাৰ্টফোনৰ উপৰিও ইয়াৰ এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ) হেডছেট প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে । এই লাইনআপত গেলাক্সি S25, গেলাক্সি S25+ আৰু গেলাক্সি S25 আল্ট্ৰা অন্তৰ্ভুক্ত কৰা হৈছে বুলি কোৱা হৈছে । ইয়াৰ উপৰিও ডিভাইচটোৰ বহু প্ৰত্যাশিত শ্লীম ভেৰিয়েন্টও মুকলি কৰিব বুলি আশা কৰা হৈছে ।
ছেমছাং গেলেক্সি আনপেকড: সময় আৰু ক’ত চাব
- কেলিফৰ্ণিয়াৰ ছান জোছত গেলাক্সি আনপেকড 2025 আয়োজন কৰাটো নিশ্চিত কৰিছে ছেমছাঙে । কোম্পানীটোৱে ভাৰতৰ বেংগালুৰুকে ধৰি অন্যান্য অঞ্চলতো অন গ্ৰাউণ্ড ইভেণ্ট আয়োজন কৰিব ।
- 2025 চনৰ 22 জানুৱাৰীৰ নিশা 11.30 বজাত অনুষ্ঠিত হ’ব এই উন্মোচনী অনুষ্ঠানটিৰ ।
- ছেমছাঙে এই অনুষ্ঠানটো ছেমছাং ডট কম, ছেমছাং নিউজৰুম আৰু ইয়াৰ অফিচিয়েল ইউটিউব চেনেলত লাইভ সম্প্ৰচাৰ কৰিব ।
ছেমছাং গেলেক্সি আনপেকড: কি কি আশা কৰিব পাৰি
Galaxy S25 Series: Galaxy Unpacked ৰ হাইলাইট হ’ব Galaxy S25 Series, য’ত কমেও তিনিটা ডিভাইচ থাকিব বুলি কোৱা হৈছে-- Galaxy S25, S25+, আৰু S25 Ultra । ছেমছাঙে স্পষ্ট কৰি দিছে যে এই মুকলি অনুষ্ঠানত নতুন ডিভাইচসমূহত থাকিবলগীয়া কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষমতাৰ উন্নতিৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ব ।
প্ৰজেক্ট মুহান এক্সআৰ হেডছেট: 2025 চনত গুগলৰ নতুন হেডছেট অৰিয়েণ্টেড অপাৰেটিং চিষ্টেম এণ্ড্ৰইড এক্সআৰৰ ওপৰত ভিত্তি কৰি ভিআৰ হেডছেটৰ আগমন নিশ্চিত কৰিছে ছেমছাঙে । 2025 চনৰ ছেমছাং গেলেক্সি আনপেকড ইভেণ্টতো এই হেডছেট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ।
Samsung Galaxy S25 Series: লিক হোৱা স্পেচিফিকেশন আৰু মূল্য
জানিব পৰা মতে, ছেমছাং গেলেক্সি S 25 ত 6.2 ইঞ্চিৰ ফুল এইচডি+ ডাইনামিক এমোলেড 2X ডিছপ্লে থাকিব আৰু ইয়াৰ সৈতে 120 হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ সমৰ্থন থাকিব । কোৱা হৈছে যে ই কোৱালকম স্নেপড্ৰেগন 8 এলিট চিপৰ পৰা শক্তি আহৰণ কৰিব, 12 GB পৰ্যন্ত ৰেম আৰু 512 GB পৰ্যন্ত ষ্ট’ৰেজৰ সৈতে সংযুক্ত কৰা হৈছে ।
ফোনটোৰ পিছফালে 50MP (wide) + 12MP (ultrawide) + 10MP (telephoto) কেমেৰা ছেটআপ আৰু সন্মুখত 12MP কেমেৰাৰ ব্যৱস্থা কৰা হৈছে বুলি কোৱা হৈছে । ইয়াত 25W ফাষ্ট চাৰ্জিঙৰ সমৰ্থনৰ সৈতে 4,000mAh বেটাৰী থাকিব বুলি আশা কৰা হৈছে । 84,999 টকাৰ পৰা আৰম্ভ হ’ব পাৰে ।
ছেমছাং গেলেক্সি S25+ ত বৃহৎ 6.7 ইঞ্চি 2K স্ক্ৰীণ, ডাঙৰ 4,900mAh বেটাৰী আৰু 45W ফাষ্ট তাঁৰযুক্ত চাৰ্জিঙৰ সমৰ্থন থাকিব বুলি আশা কৰা হৈছে । প্ৰচেছৰ আৰু কেমেৰাকে ধৰি অন্যান্য স্পেচিফিকেশন একেই থাকিব বুলি আশা কৰা হৈছে । 1,04,999 টকাৰ পৰা আৰম্ভ হ’ব পাৰে ।
খবৰ অনুসৰি ছেমছাং গেলেক্সি S25 আল্ট্ৰাত 6.9 ইঞ্চিৰ 2K স্ক্ৰীণ আৰু ইয়াতকৈ ডাঙৰ 5000 mAH বেটাৰী থাকিব । আল্ট্ৰা মডেলৰ কেমেৰা আন দুটা মডেলতকৈ ভাল হ’ব বুলি আশা কৰা হৈছে, য’ত আছে 200 এমপিৰ প্ৰাইমেৰী লেন্স, 50 এমপি আল্ট্ৰাৱাইড লেন্স, আন এটা 50এমপি 5X পেৰিস্কোপ টেলিফ’ট’ লেন্স আৰু 10MP 3X টেলিফ’টো লেন্স । এই মডেলত 1 TB পৰ্যন্ত ষ্ট’ৰেজো থাকিব পাৰে । আৰম্ভণি মূল্য হ’ব পাৰে 1,34,999 টকা ।
ছেমছাং গেলেক্সি S25 ছিৰিজৰ প্ৰি-বুকিং
ভাৰতত গেলাক্সি S25 ছিৰিজৰ ডিভাইচৰ প্ৰি-ৰিজাৰ্ভেচন আনুষ্ঠানিকভাৱে মুকলি কৰিছে ছেমছাঙে । 1999 টকাৰ ৰিফাণ্ডেবল ধনৰ বিনিময়ত গ্ৰাহকে অফিচিয়েল লঞ্চৰ পূৰ্বে তেওঁলোকৰ গেলাক্সি S25 প্ৰি-ৰিজাৰ্ভ কৰিব পাৰিব । মন কৰিবলগীয়া যে প্ৰি-ৰিজাৰ্ভ কৰিলেও আপুনি বিচৰা ডিভাইচটোৰ বাবে অৰ্ডাৰ দিব লাগিব । অৱশ্যে প্ৰি-ৰিজাৰ্ভ কৰাৰ ফলত আগতীয়া প্ৰৱেশ নিশ্চিত হ’ব আৰু 5000 টকা পৰ্যন্ত মূল্যৰ ৰেহাইও লাভ কৰিব পাৰিব । প্ৰি-ৰিজাৰ্ভেচনৰ সুবিধাসমূহ অনলাইন আৰু অফলাইন ষ্ট’ৰ দুয়োটাতে উপলব্ধ হ’ব ।