গুৱাহাটী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে সাংসদত দাখিল কৰিলে ২০২৫-২৬ চনৰ বাজেট ৷ এই বাজেট সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে । নিজৰ প্ৰতিক্ৰিয়াত আজমলে কয়, "২০২৫-২৬ চনৰ বাজেট এই চৰকাৰৰ পূৰ্বৰ দৰেই প্ৰতিশ্ৰুতিৰে ভৰপূৰ । কিন্তু পূৰ্বৰ বাজেট সকলোবোৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ব্যৰ্থ বুলিব পাৰি । দিল্লী আৰু বিহাৰ ৰাজ্যৰ নিৰ্বাচনত গুৰুত্ব দি এই বাজেটখন প্ৰস্তুত কৰা হৈছে । এই বাজেটে পুনৰবাৰ সংখ্যালঘু সম্প্ৰদায়ক হতাশ কৰিলে ।’’
‘‘সংখ্যালঘু মন্ত্ৰালয়ৰ বাজেট আবণ্টন ২০২৪ চনত ৩১৮৩ কোটিৰ পৰা ২০২৫ চনত ৩৩৫০ কোটিলৈ সামান্য বৃদ্ধি কৰা হৈছে । কিন্তু ৩১৮৩ কোটি টকা আবণ্টনৰ কৰি সংখ্যালঘুৰ কল্যাণৰ বাবে মাত্ৰ ১৮৬৮ কোটিহে ব্যয় কৰা হৈছিল । দেশত নিবনুৱা সমস্যাৰ শিখৰত উপনীত হোৱাৰ বাবে নিয়োগ সৃষ্টিৰ বাবে কোনো স্পষ্ট ৰোড মেপ ঘোষণা নকৰাত বাজেটত আমি হতাশ হৈছো ।’’ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে কয় ৷
আজমলে লগতে কয়, ‘‘দেশত আকাশ চুই যোৱা মূল্যবৃদ্ধি ৰোধ কৰাৰ কোনো স্পষ্ট দৃষ্টিভংগী নাই । বিগত বছৰবোৰত ঘোষণা কৰা আঁচনিৰ কোনো প্ৰতিবেদন নাই । কাৰণ তেওঁলোকে কেৱল প্ৰতিশ্ৰুতি দিব জানে আৰু কাৰ্যকৰীকৰণৰ অনুপাত অতি কম শতাংশ ।’’
‘‘ৰে’লভাৰা আৰু বিমানভাৰা নিয়ন্ত্ৰণৰ বাবে বাজেটত কোনো সকাহ নাই । কাৰণ এইবোৰে মানুহক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে আৰু লগতে ই সামগ্ৰীৰ মূল্যত প্ৰভাৱ পেলাইছে । নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ চৌহদত বছৰি ১২.৭ লাখ মেট্ৰিক টন ক্ষমতাৰে নতুন ইউৰিয়া উদ্যোগ স্থাপনৰ সন্দৰ্ভত ঘোষণাক আদৰণি জনাইছো ।’’ তেওঁ কয় ৷
‘‘মধ্যবিত্ত শ্ৰেণীৰ বাবেও সকাহ পোৱাৰ শলাগ লৈছো, কৰ পৰিশোধৰ ক্ষেত্ৰত যিহেতু বিত্তমন্ত্ৰীয়ে ১২ লাখ টকাৰ আয়লৈকে কোনো আয়কৰ দিব নালাগে বুলি ঘোষণা কৰিছে । প্ৰতিখন চিকিৎসালয়ত কেন্সাৰৰ চিকিৎসাৰ বাবে সুকীয়াকৈ ব্যৱস্থা থাকিব বুলি কৰা ঘোষণা আ দৰণীয় ।" আজমলে কয় ৷
বাজেটত অসমৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ বিষয়টোৱে গুৰুত্ব নাপালে বুলি সদৰী কৰি আজমলে কয়, "কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ জি এছ টি বৃদ্ধিয়ে কৃষকক সকাহ নিদিলে ।"