গুৱাহাটী: বৰ্তমান বিশ্বজুৰি বিশেষ চৰ্চা লাভ কৰা প্ৰযুক্তিবিধেই হৈছে কৃত্ৰিম বুদ্ধিমত্তা ৷ ই যিকোনো কাম মানুহৰ পক্ষে সহজ কৰি তোলাৰ উপৰিও সময়ো যথেষ্ট ৰাহি কৰে ৷ এইক্ষেত্ৰত কাম কৰিবলৈ আগবাঢ়িছে অসমৰো দুজন উদ্যমী যুৱক ৷ অসমৰ যুৱক দুজনে নিজাববীয়া প্রচেষ্টাত অসমীয়া ভাষাৰ ডিজিটেল উপস্থিতি সাব্যস্ত কৰিবলৈ তৈয়াৰ কৰি উলিয়াইছে এটি বিশেষ এপ । এই এপটো প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হৈছে কৃত্রিম বুদ্ধিমত্তা প্ৰযুক্তিৰ ।
উদ্যমী যুৱক দুজন হ’ল মহানগৰীৰ লুইত নগৰৰ ইন্দ্রনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰ ৷ এই দুই ভাতৃয়ে মৌলিক চিন্তা-চৰ্চা খটুৱাই কৃত্রিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰি উলিয়াইছে 'আখৰ' নামৰ এক কম্পিউটাৰ এপ্লিকেচন । এই দুই যুৱকৰদ্বাৰা প্ৰতিষ্ঠিত 'Invision Webtech Pvt. Ltd-এ' প্ৰস্তুত কৰা যুগান্তৰকাৰী এপটোৱে অসমীয়া ভাষাৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ।
'আখৰ' নামৰ এই কম্পিউটাৰ এপ্লিকেচন সন্দৰ্ভত কাব্যনীল তালুকদাৰে ইটিভি ভাৰতৰ আগত কয়,"এই এপটোৰ এটা বিশেষ বৈশিষ্ট্য হ'ল এই এপৰ জৰিয়তে কৈ থকা কথা স্বয়ংক্রিয়ভাৱে কম্পিউটাৰত টাইপ হ'ব । ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে ইংৰাজীত টাইপ কৰিলে ই অসমীয়া হৈ গৈ থাকিব । তদুপৰি অসমীয়া বানান ভুল হ'লে শুধৰাই দিয়াৰ ব্যৱস্থাও আছে এই এপত । আনহাতে এই এপটোত 47 হাজাৰ অসমীয়া শব্দ অন্তৰ্ভুক্ত কৰা হৈছে । য’ত অসমীয়া শব্দৰ অৰ্থবোৰ চাব পাৰিব ।"
দুই ভাতৃৰ মনলৈ এই চিন্তা কেনেদৰে আহিল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কাব্যনীল তালুকদাৰে কয়, "তিনি বছৰ আগৰে পৰা আমি দুই ভাতৃয়ে এই এপটোৰ বাবে কাম কৰি আছিলো । দুদিন পূৰ্বে এপটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় যদিও বিগত বৰ্ষৰ এপ্ৰিলৰ পৰাই এপটো সক্ৰিয় হৈ আছে । কম্পিউটাৰ বা লেপটপত অসমীয়া ভাষাটো টাইপ কৰাৰ ক্ষেত্ৰত বহুলোকেই সমস্যাৰ সন্মুখীন হয় । যিবিলাক অসমীয়া ছফটৱেৰ আছে সেইবোৰ ব্যৱহাৰ কৰিবৰ বাবে ডিটিপি শিকিব লাগে আৰু বহু কষ্টৰ পিছতহে কম্পিউটাৰত টাইপ কৰিবলৈ লোক এজন সক্ষম হয় । এই সমস্যাটো সমাধানৰ চিন্তাৰে ‘আখৰ’ ছফটোৱেৰটো বনাইছো । ইয়াৰ সহায়ত ডি টি পি নিশিকাকৈ অতি সহজে অসমীয়া ভাষাটো টাইপ কৰিব পাৰিব ।"
কেনেদৰে আদায় কৰিব পাৰিব এই এপটোৰ সুবিধা
এই এপটোৰ ভইচ ফিচাৰ্চটো ব্যৱহাৰ কৰিবলৈ লাইচেন্স কিনিব লাগিব । ইয়াৰ দুই প্ৰকাৰৰ লাইচেন্স থাকিব । ছিংগল লাইচেন্স আৰু এন্টাৰপ্ৰাইজ লাইচেন্স । বৰ্তমান এন্টাৰপ্ৰাইজ লাইচেন্স উপলব্ধ আছে । ম'বাইলত এপটো বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব বুলি কাব্যনীল তালুকদাৰে কয় ।
এপটোৰ কিমান ব্যৱহাৰকাৰী আছে বুলি সোধাত কাব্যনীল তালুকদাৰে কয়, "এই এপটোৰ প্ৰায় 27 হাজাৰ ব্যৱহাৰকাৰী আছে । এপটোৰ ব্যৱহাৰকাৰীসকল যথেষ্ঠ উপকৃত হৈছে । আই আই টি খড়গপুৰ, আই আই টি মাদ্ৰাজ আদি অনুষ্ঠানত অধ্যয়নৰত ব্যৱহাৰকাৰীও আছে । তদুপৰি অষ্ট্ৰেলিয়া, আমেৰিকা, কানাডা আদি দেশত থকা প্ৰবাসী অসমীয়াসকলেও এই এপটো ব্যৱহাৰ কৰি আছে । মুঠ ব্যৱহাৰকাৰীসকলৰ ভিতৰত 10 % প্ৰবাসী অসমীয়া, যিয়ে দেশৰ বাহিৰত এই এপটো ব্যৱহাৰ কৰি আছে ।