ETV Bharat / state

অবৈধ প্ৰেমৰ বাবেই হত্যা কৰা হ’ল নেকি সুমন দাসক ? - BRUTAL MURDER

চিলাপথাৰৰ নৃশংস হত্যাকাণ্ডৰে জড়িত এজনক গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ কৰা যুৱকজন চিলাপথাৰ বালিগাঁৱৰ উত্তম সিনহা ।

One arrested in connection with Silapathar brutal murder
চিলাপথাৰৰ নৃশংস হত্যাকাণ্ডৰে জড়িত এজনক গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 2, 2025, 12:22 PM IST

জোনাই: চিলাপথাৰৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য । ইতিমধ্যে হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এজনক । আটক কৰা যুৱকজন চিলাপথাৰ বালিগাঁৱৰ উত্তম সিনহা বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে আৰক্ষীৰ জেৰাত ধৃত উত্তম সিনহাই স্বীকাৰ কৰিছে কংকন ওৰফে সুমন দাস নামৰ যুৱকজনক হত্যা কৰাৰ কথা । ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উত্তম সিনহাক । আৰক্ষীয়ে জনোৱা অনুসৰি, চিলাপথাৰৰ বালিগাঁৱত মোমায়েকৰ ঘৰত থাকি টেক্টৰ চলাইছিল উত্তমে । আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত 21/2025 US 103(1)BNS নম্বৰৰ এটা গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ।

চিলাপথাৰৰ নৃশংস হত্যাকাণ্ডৰে জড়িত এজনক গ্ৰেপ্তাৰ (ETV Bharat Assam)

এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয়, "আমি উত্তম সিনহাক গ্ৰেপ্তাৰ কৰিছো আৰু মৃতদেহ পেলাবলৈ যিখন ট্ৰেক্টৰ ব্যৱহাৰ কৰিছিল সেইখনো জব্দ কৰিছো । এয়া এটা পৰিকল্পিত হত্যাকাণ্ড ।" মামীয়েকৰ লগত অবৈধ সম্পৰ্ক থকাৰ ফলতে কংকন ওৰফে সুমন দাসক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ।

স্মাৰক পত্ৰ প্ৰদান :

ইফালে যুৱ ব্যৱসায়ীগৰাকীক হত্যা কৰা দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত চিলাপথাৰ আৰক্ষীক স্মাৰক পত্ৰ প্ৰদান কৰে সদৌ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ চিলাপথাৰ-ভৈৰৱপুৰ আঞ্চলিক সমিতিয়ে । ক্ষীপ্ৰতাৰে হত্যাকাণ্ডৰ তদন্ত চলাই দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ।

উল্লেখ্য যে, ৩০ জানুৱাৰীৰ নিশা চিলাপথাৰৰ ২ নং ভৈৰৱপুৰৰ কংকন দাস ওৰফে সুমন দাসে অসুস্থ মাতৃৰ চিকিৎসাৰ বাবে অৰুণাচলৰ পৰা ঘৰলৈ আহিছিল । বৃহস্পতিবাৰে নিশা ৯ বজাত ডিব্ৰুগড়লৈ বুলি ওলাই যোৱা যুৱকজনক শুকুৰবাৰে শিৰচ্ছেদ কৰা অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়া সুঁতিত উদ্ধাৰ হৈছিল । যাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

লগতে পঢ়ক: নিশা ঘৰৰ পৰা ওলাই যোৱা কংকনৰ শিৰশ্ছেদ কৰিলে কোনে ? - SENSATION MURDER

নাৰী সৰবৰাহৰ বৃহৎ নেটৱৰ্ক: কিদৰে অসমৰ মাজেৰে ভাৰতৰ বিভিন্ন ঠাইলৈ নিয়া হয় বাংলাদেশৰ যুৱতী-মহিলা - HUMAN TRAFFICKING THROUGH ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.