ভাৰতত হৃদৰোগৰ আশংকা বৃদ্ধি পাইছে ৷ হৃদৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি সমস্যা ৷ এনে পৰিস্থিতিত প্ৰতিজন ব্যক্তিয়ে হৃদৰোগৰ বিষয়ে সচেতন হোৱাটো প্ৰয়োজন ৷ জনাই দিও যে, আপুনি ঘৰতে BP পৰীক্ষা, হৃদস্পন্দন নিৰীক্ষণ, চিৰি উঠাৰ পৰীক্ষা বা আঙুলিৰে ব্লকেজেজ চিনাক্ত কৰি হৃদযন্ত্ৰৰ সৈতে জড়িত কিছুমান ৰোগ ধৰা পেলাব পৰা যায় ৷
ঘৰতে হৃদযন্ত্ৰৰ ব্লকেজ চিনাক্ত কৰক
শল্য হৃদৰোগ বিশেষজ্ঞ ডাঃ জ্যোতিপ্ৰসাদ কলিতাৰ মতে, হৃদৰোগ যেনে হাৰ্ট ব্লকেজ আজিকালি তেনেকৈ এক সাধাৰণ সমস্যা হৈ পৰিছে । যেতিয়া হৃদযন্ত্ৰৰ ধমনীত প্লেক জমা হয় তেতিয়া ৰক্ত সঞ্চালন বন্ধ হ’বলৈ ধৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে । হৃদযন্ত্ৰ বন্ধ হোৱাৰ কিছুমান লক্ষণ আছে যিবোৰ আপুনি ঘৰতে চিনাক্ত কৰিব পাৰে । এই খবৰত আমি আপোনালোকক এনেধৰণৰ সহজ পদ্ধতিৰ বিষয়ে জনাম যাৰ দ্বাৰা আপুনি হৃদযন্ত্ৰ বন্ধ হোৱাৰ লক্ষণসমূহ চিনাক্ত কৰিব পাৰে ।
হৃদযন্ত্ৰ বন্ধ হোৱাৰ প্ৰাৰম্ভিক লক্ষণ
আপোনালোকক জনাই দিও যে, ধূমপান, উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল, ডায়েবেটিছ, মেদবহুলতাৰ দৰে অৱস্থাই হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ৷ হৃদযন্ত্ৰ বন্ধ হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল-
- বুজাব নোৱাৰা ভাগৰ
- যিকোনো শাৰীৰিক কাৰ্যকলাপৰ বাবে ষ্টেমিনা হ্ৰাস পোৱা
- বুকুৰ অস্বস্তি (angina)
- বিশেষকৈ পৰিশ্ৰম কৰাৰ সময়ত উশাহ-নিশাহ লোৱাত অসুবিধা
- মূৰ ঘূৰোৱা
- মূৰ্চ্ছা যোৱা
ৰক্তচাপ নিৰীক্ষণ কৰা
হৃদৰোগৰ পৰা হাত সাৰিবলৈ সময়ে সময়ে ৰক্তচাপ নিৰীক্ষণ কৰাটো অতিকৈ প্ৰয়োজনীয় ৷ এজন ব্যক্তিৰ স্বাভাৱিক বি পি ১২০/৮০ হ’ব লাগে ৷ কিন্তু বয়স, ওজন, লিংগ আৰু ঔষধ অনুসৰি সাল-সলনি হ’ব পাৰে ৷
হৃদস্পন্দন অনুসৰণ কৰক
এক মিনিটত স্বাভাৱিক হৃদস্পন্দন ৬০ৰ পৰা ১০০ হয় ৷ যদি ইয়াৰ কোনো পৰিৱৰ্তন হয় তেন্তে ই হৃদযন্ত্ৰৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ হৃদস্পন্দন নিৰীক্ষণ কৰি থকাটো খুবেই প্ৰয়োজনীয় ৷ হাতৰ মণিবন্ধত দুটা আঙুলি ৰাখিও হৃদস্পন্দন পৰীক্ষা কৰিব পাৰে ৷ এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে ৷
চিৰি উঠাৰ পৰীক্ষা
হৃদযন্ত্ৰৰ ব্লকেজ হোৱাটো পৰীক্ষা কৰাৰ এটা উপায় হ’ল চিৰিৰ পৰীক্ষা ৷ এছিয়ান হাৰ্ট ইনষ্টিটিউটৰ গৱেষণাৰ মতে, যদি কোনো ব্যক্তিয়ে ৯০ ছেকেণ্ড বা তাতকৈ কম সময়ত ৬০টা চিৰি উঠিব পাৰে তেন্তে তেওঁৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে আছে ৷ যদি এনে কৰাত অসুবিধা অনুভৱ হয় তেন্তে তেওঁৰ হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যা থাকিব পাৰে ৷
এছিয়ান হাৰ্ট ইনষ্টিটিউটে উল্লেখ কৰা হৃদযন্ত্ৰ ব্লকেজৰ কিছুমান বিপদজনক কাৰক তলত উল্লেখ কৰা ধৰণৰ-
- বয়স বৃদ্ধি
- ধূমপান
- উচ্চ ৰক্তচাপ
- উচ্চ কলেষ্টেৰল
- ডায়েবিটিছ
- অতিৰিক্ত ওজন বা মেদবহুলতা
- প্ৰাথমিক এথেৰ’স্কলেৰটিক হৃদযন্ত্ৰৰ ৰোগৰ পাৰিবাৰিক ইতিহাস (৫৫ বছৰৰ তলৰ পুৰুষ, ৬৫ বছৰৰ কম বয়সৰ মহিলা)
- বিপাকীয় চিনড্ৰম
- উচ্চ কলেষ্টেৰল (এল ডি এল-চি ১৬০-১৮৯ মিলিগ্ৰাম/ডেচিলিটাৰ; নন-এইচডিএল-চি ১৯০-২১৯ মিলিগ্ৰাম/ডেচিলিটাৰ)
- দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ
- প্ৰিক্লেম্পচিয়া বা আৰম্ভণিৰ ৰজোনিবৃত্তিৰ ইতিহাস
- দীৰ্ঘদিনীয়া প্ৰদাহজনিত অৱস্থা (যেনে, বাতবিষ, চ’ৰিয়াচিছ, এইচ আই ভি/এইডছ)
- অস্বাভাৱিকভাৱে উচ্চ ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা (১৭৫ মিলিগ্ৰাম/ডেচিলিটাৰ বা তাতকৈ অধিক) বা গোৰোহা-ব্ৰেকিয়াল সূচকাংক (ABI)
হৃদযন্ত্ৰ বন্ধ হোৱাৰ পৰীক্ষা
- হৃদযন্ত্ৰৰ ব্লকেজ হৈছে নে নাই সেয়া পৰীক্ষা কৰিবলৈ তলত কিছুমান লেব পৰীক্ষা দিয়া হ’ল যিয়ে আপোনাক এই বিষয়ে জনাত সহায় কৰিব-
- লিপিড পেনেল
- উচ্চ সংবেদনশীলতা C-Reactive প্ৰটিন (hs-CRP) পৰীক্ষা
- লাইপোপ্ৰটিন (a) পৰীক্ষা
- প্লাজমা চেৰামাইড পৰীক্ষা
- নেট্ৰিয়ুৰেটিক পেপটাইড পৰীক্ষা
- ট্ৰপনিন টি পৰীক্ষা
- ইলেক্ট্ৰ'কাৰ্ডিঅ'গ্ৰাম (ECG)
- ব্যায়ামৰ মানসিক চাপ পৰীক্ষা
- ইকোকাৰ্ডিঅ'গ্ৰাম (আল্ট্ৰাছাউণ্ড)
- নিউক্লিয়াৰ কাৰ্ডিয়াক ষ্ট্ৰেছ টেষ্ট
- ক’ৰ’নাৰী এঞ্জিওগ্ৰাম
- মেগনেটিক ৰেজোনেন্স ইমেজিং (MRI)
- ক'ৰ'নাৰী কম্পিউটেড ট'ম'গ্ৰাফী এঞ্জিওগ্ৰাম (CCTA)
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক