হায়দৰাবাদ: সমগ্ৰ দেশৰ লগতে তেলেংগানাৰ হায়দৰাবাদৰ বিশ্ববিখ্যাত ৰামোজী ফিল্ম চিটীত দেওবাৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । ৰামোজী ফিল্ম চিটীৰ পৰিচালন সঞ্চালক (এম ডি) বিজয়েশ্বৰীয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি অভিবাদন গ্ৰহণ কৰে ।
এই অনুষ্ঠানত ৰামোজী ফিল্ম চিটীৰ সঞ্চালক কীৰ্তি সোহানা, ইটিভিৰ মুখ্য কাৰ্যবাহী বিষয়া বাপ্পী নাইডু, উষা কিৰণ মুভিজ প্ৰাইভেট লিমিটেডৰ পৰিচালক শিৱ ৰামকৃষ্ণ, ইউ কে এম এলৰ উপাধ্যক্ষ (প্ৰচাৰ) এ বি ৰাও, ইউ কে এম এলৰ উপাধ্যক্ষ (উদ্যান শস্য বিভাগ) ৰবি চন্দ্ৰশেখৰ আৰু ৰামোজী ফিল্ম চিটীৰ বিভিন্ন গোটৰ অন্যান্য জ্যেষ্ঠ বিষয়া তথা কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ।
গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উন্মোচন কৰাৰ পাছত ৰামোজী গ্ৰুপৰ কোম্পানীসমূহৰ কৰ্মচাৰীসকলে ত্ৰিৰংগৰ সৈতে ছেলফি তুলি ইজনে সিজনক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায় ।
বিশ্ব বিখ্যাত পৰ্যটন স্থান ৰামোজী ফিল্ম চিটী
ৰামোজী ফিল্ম চিটীত প্ৰতি বছৰে ব্যাপক উৎসাহেৰে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস পালন কৰা হয় । ৰামোজী ফিল্ম চিটী বিশ্বৰ প্ৰসিদ্ধ পৰ্যটনস্থলীৰ অন্যতম । দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক ইয়ালৈ আহে ধেমালি আৰু মনোৰঞ্জনৰ বাবে । ইয়াৰ থিম ভিত্তিক কাৰ্যসূচীয়ে বহু পৰ্যটকক আকৰ্ষণ কৰে ।
১৯৯৬ চনত তেলুগু চলচ্চিত্ৰ প্ৰযোজক তথা মিডিয়া বেৰন ৰামোজী ৰাৱে প্ৰতিষ্ঠা কৰিছিল ৰামোজী ফিল্ম চিটী । ই প্ৰায় ২০০০ একৰ মাটিত বিস্তৃত । একেলগে ৫০টা ফিল্ম চেট ৰুম থকাৰ বাবে ৰামোজী ফিল্ম চিটী গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে । ইয়ালৈ অহা পৰ্যটকসকলে বিখ্যাত ছবি বাহুবলীৰ গ্ৰেণ্ড চেট চাবলৈ পায় ।
লগতে পঢ়ক: খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি কি ক’লে ৰাজ্যপাল আচাৰ্যই