ডিব্ৰুগড় , ১৫ এপ্ৰিল :
‘‘চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি ফুলিলে ভেবেলি লতা,
কৈনো কৈ থাকিলে ওৰকে নপৰে ব’হাগৰ বিহুৰে কথা ৷’’
অসমীয়া হৃদস্পন্দন আটাইকেইটা বিহুৰ ভিতৰত বাপোতি সাহোন ৰঙালী বিহুটি অন্যতম । ৰঙালীৰ আনন্দ উল্লাসত মতলীয়া হৈছে ৰাজ্যৰ প্ৰতিজন চহা অসমীয়া । শনিবাৰৰ দিনটোত পৰম্পৰা ৰক্ষা কৰি প্ৰতিজন চহা অসমীয়াই গৰু বিহু পালন কৰাৰ পাছতেই ৰঙালী বিহুৰ দ্বিতীয় দিনা উদযাপন কৰিলে মানুহ বিহু ।
মানুহ বিহুৰ দিনটোত পুৱা গা-পা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাৰ প্ৰথা প্ৰচলিত । অসমীয়া বছৰৰ প্ৰথমটো দিনত পৰিয়ালৰ জ্যেষ্ঠজনে সমগ্ৰ বছৰটো কুশলে পাৰ হ'বলৈ আশীৰ্বাদ দিয়াৰ লগতে সেইদিনাই আপোনজনে বিহুৱান দি চেনেহ জনায় ।
আজি গোসাঁই বিহু । ৰঙালীৰ ৰঙত মতলীয়া অসমীয়াই আজি উদযাপন কৰিছে গোসাঁই বিহু । এই বিহুৰ দিনটোত সকলোৱে পুৱাতে সত্ৰ-নামঘৰ, মন্দিৰত সেৱা জনাই বছৰটোলৈ কুশল-মংগল কামনা কৰে । লগতে ধূপ-দ্বীপ, নৈবেদ্যৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় । আজিৰ এই দিনটোতে পৰম্পৰা অনুসৰি ঠায়ে ঠায়ে ব্যাপক আয়োজন কৰাও দেখা যায় ।
লগতে পঢ়ক :সময়ৰ সোঁতত ক্ৰমবিকাশ হৈছে বিহুৰ: ড৹ অনিল শইকীয়া - Rangali Bihu 2024
কিছু কিছু ঠাইত আজিৰ দিনটোত সত্ৰ-নামঘৰত দিনযোৰা কাৰ্যসূচীৰে নাম কীৰ্তন অনুষ্ঠিত কৰে ৷ বিহু আনন্দ উল্লাসৰ মাজতেই আধ্যাত্মিকতাৰ পৰিৱেশত নিজক বিলীন কৰে প্ৰতিজন অসমীয়াই । আজি গোসাঁই বিহুক সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য় আগবঢ়ায় বিহুৰ বিশেষজ্ঞ, লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়াই ।
ড৹ অনিল শইকীয়াই গোসাঁই বিহুৰ সম্পৰ্কত কয় , ‘‘গোসাঁই বিহুৰ শব্দটো আধুনিক । বৈষ্ণৱ ধৰ্ম অহাৰ পাছতেই গোসাঁই বিহুৰ শব্দটো আহিছে । ঠাই ভেদে আজি এই গোসাঁই বিহুক ভিন্ন নামে নামাকৰণ কৰা হয়’’ ।
লগতে পঢ়ক :শিবিৰত হুঁচৰি জুৰিলে আলফা(স্বা)ই: প্ৰেৰণ কৰিলে ভিডিঅ’ - Bohag Bihu