ETV Bharat / sports

এই প্ৰজন্মৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী; কিং কোহলীক কোনে দিলে এই স্বীকৃতি ? - MD AMIR ON VIRAT KOHLI

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলী সন্দৰ্ভত এক উল্লেখনীয় মন্তব্য কৰে ।

Md Amir on Virat Kohli
পাকিস্তানৰ বিৰুদ্ধে এখন মেচৰ সময়ত বিৰাট কোহলী (IANS)
author img

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 4:32 PM IST

নতুন দিল্লী : ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে বৰ্তমান নিজৰ ফৰ্মৰ সৈতে যুঁজি আছে । প্ৰথমতে নিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলাত বিফল হোৱাৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও স্বভাৱসিদ্ধ খেল প্ৰদৰ্শনত ব্যৰ্থ হয় কোহলী । অৱশ্যে তেওঁৰ ওপৰত আস্থা অটুট ৰাখিছে ভাৰতীয় দল নিৰ্বাচক সমিতিয়ে । যাৰ বাবে তেওঁক বৰ্তমান ভাৰত ভ্ৰমণৰত ইংলেণ্ড দলৰ বিৰুদ্ধে 3 খনীয়া এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰা দেখা যাব । সকলোৱে আশা কৰিছে ইংলেণ্ডৰ বিৰুদ্ধে নিজৰ ছন্দলৈ উভতি আহক কিং কোহলী । কিয়নো ইয়াৰ পিছতে 19 ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানত আৰম্ভ হ'বলগা চেম্পিয়নছ ট্ৰফী, 2025ত কোহলীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব ।

সেয়ে তেওঁৰ অনুৰাগীসকলে আশা কৰিছে যে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে কোহলীৰ ফৰ্ম উভতি আহিব আৰু তেওঁৰ বেটৰ পৰা ৰাণ ওলাব । ইফালে ইয়াৰ মাজতে পাকিস্তানৰ বাওঁহতীয়া ফাষ্ট বলাৰ মহম্মদ আমিৰে বিৰাট কোহলী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে । আমিৰে বৰ্তমান আন্তৰ্জাতিক লীগ টি-২০ত ডেজাৰ্ট ভাইপাৰ্ছৰ হৈ খেলি আছে ।

বিৰাট সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ

মহম্মদ আমিৰে বিৰাট কোহলী সন্দৰ্ভত কয়, "বিৰাট কোহলী এই প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ । মই তেওঁৰ বিৰুদ্ধে খেলিছোঁ, মই জানো যে তেওঁ এই যুগৰ শ্ৰেষ্ঠ খেলুৱৈ । এগৰাকী ভাল প্ৰদৰ্শন কৰা খেলুৱৈক কেতিয়াও সন্দেহ নকৰিব । বিৰাট কোহলী এনেকুৱা এগৰাকী খেলুৱৈ, যিয়ে নিশ্চিতভাৱে এক ভাল প্ৰত্যাৱৰ্তন কৰিব পাৰে ।"

উল্লেখ্য যে নিজৰ ফৰ্মৰ সৈতে যুঁজি থকা বিৰাট কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত নিজৰ স্বাভাৱিক ছন্দলৈ পুনৰ ঘূৰি আহিব বিচাৰিব । আনহাতে, ইয়াৰ পিছতে তেওঁক চেম্পিয়নছ ট্ৰফী 2025-ত নিজৰ স্বভাৱগত ক্ৰীড়াশৈলীত দেখা যাব পাৰে । 2017 চনত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতীয় দলটো পাকিস্তানৰ হাতত পৰাস্ত হৈছিল । এতিয়া কোহলীয়ে নিজৰ সুন্দৰ প্ৰদৰ্শনেৰে পুনৰ এবাৰ ভাৰতীয় দলটোৰ বাবে আন এক খিতাপ আঁজুৰি আনিব বিচাৰিব ।

বিৰাট কোহলীৰ ঈৰ্ষণীয় কেৰিয়াৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিৰাট কোহলীয়ে ভাৰতৰ হৈ 123 খন টেষ্টত অংশগ্ৰহণ কৰিছে । টেষ্ট কেৰিয়াৰৰ 210 টা ইনিংছত তেওঁ 9,230 ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰে ভিতৰত আছে 30 টা শতক আৰু 31 টা অৰ্ধশতক । আনহাতে, এদিনীয়াত তেওঁ 283 খন মেচত 13,906 ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ নামত আছে 50 টা এদিনীয়া শতক আৰু 72 টা অৰ্ধশতক । ইফালে টি-20 আন্তঃৰাষ্ট্ৰীয়ত কোহলীয়ে 125 খন মেচৰ 117 টা ইনিংছত এটা শতক আৰু 38 টা অৰ্ধশতকৰ সৈতে 4,188 ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ উপৰি তেওঁৰ নামত এদিনীয়াত 5 টা আৰু টি-20ত 4 টা আন্তঃৰাষ্ট্ৰীয় উইকেটো আছে ।

লগতে পঢ়ক :অনুসৰণ হ’ব ড্ৰেছ কোড, টীম ইণ্ডিয়াৰ জাৰ্চীত লিখা হ'ব 'পাকিস্তান' - CHAMPIONS TROPHY 2025
লগতে পঢ়ক :চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত শীৰ্ষ ৫ উইকেট সংগ্ৰহকাৰী - CHAMPIONS TROPHY 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.