ETV Bharat / entertainment

জলীউড-বলীউডৰ ছবিত সমানেই অভিনয় কৰি গৈছে অসমৰ এগৰাকী অভিনেতাই - ACTOR BONDIP SARMA INTERVIEW

একেদিনাই মুক্তি লাভ কৰা এখন অসমীয়া আৰু এখন হিন্দী চিনেমাত অভিনয় কৰিছে অসমৰ এগৰাকী অভিনেতাই ৷ আহকচোন চাওঁ তেওঁৰ দৃষ্টিৰে  চিনেমাৰ জগতখন-

etv bharat exclusive interview with actor bondip sarma Who acted in Assamese as well as Bollywood films
অভিনেতা বনদীপ শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 24, 2025, 4:15 PM IST

গুৱাহাটী : চলিত বৰ্ষৰ ১৭ জানুৱাৰীত মুক্তি লাভ কৰিছিল কংগনা ৰনৌত পৰিচালিত বলীউডৰ বহু প্ৰত্যাশিত ছবি ‘ইমাৰ্জেন্সী’ । আনহাতে সেইদিনাই মুক্তি লাভ কৰিছিল অসমৰ আন এখন চৰ্চিত ছবি ‘‘গোলাই চোৰ’’-এ । এই দুয়োখন ছবিতেই দুটাকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অসমৰ এগৰাকী অভিনেতাই, নাম বনদীপ শৰ্মা । অসমৰ এইগৰাকী অভিনেতাই এনে এগৰাকী অভিনেতা যাৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুখনকৈ ছবিয়ে একেদিনাই মুক্তি লাভ কৰিছে। অৱশ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অভিনয় কৰা বনদীপ শৰ্মাৰ এইখনেই প্ৰথম ছবি নহয় ।

ইয়াৰ পূৰ্বে সুশান্ত সিং ৰাজপুত অভিনীত ছবি ছিছ’ৰে(Chhichhore), হিন্দী ৱেব চিৰিজ অসুৰ(Asur)ৰ, টিকু ৱেডছ শ্বেৰু(Tiku weds sheru) আদিতো অভিনয় কৰি ইতিমধ্যে বলীউডত নিজৰ এক পৰিচয় গঢ়ি তুলিছে অভিনেতাগৰাকীয়ে । সমান্তৰালকৈ অসমীয়া ৱেব ছিৰিজ কলংপাৰ, বহু চৰ্চিত হিন্দী ছবি কুকিতো দেখা গৈছিল অভিনেতাগৰাকীক ।

আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

আৰ্শ্বাদ ৱাৰ্ছী, নৱাজুদ্দিন ছিদ্দিকী, সুশান্ত সিং ৰাজপুত, কংগনা ৰনৌতৰ দৰে নামী-দামী তাৰকাৰ লগত অভিনয়ৰ সুযোগ লাভ কৰা এনে এগৰাকী অসম সন্তানৰ কথা নিশ্চয় আপোনালোকৰো জানিবলৈ মন যায় ৷ অতিকে জনপ্ৰিয় অভিনেতা আৰ মাধৱনৰ লগতো স্ক্ৰীণ শ্বেয়াৰ কৰিছে তেওঁ ৷

অভিনেতা বনদীপ শৰ্মাৰ মনৰ কিছু ভাৱ তেওঁৰ মুখেৰেই শুনো আহকচোন-

বনদীপৰ অভিনয়ৰ যাত্ৰাৰ আৰম্ভণি

এই সন্দৰ্ভত শৰ্মাই কয়, “সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহ এটা আছিল । মায়ে সৰুতে নাটক দেখুবাবলৈ লৈ গৈছিল । তেনেকৈয়ে অভিনয়ৰ প্ৰতি মনত আগ্ৰহ জন্মিছিল । বিদ্যালয়ত পঢ়ি থাকোঁতেও বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানসমূহত নাটক কৰিছিলো । তাৰ পাছত মই দিল্লীলৈ ইঞ্জিনীয়াৰিং কৰিবলৈ গুচি গ’লো । দিল্লীত গৈ তেতিয়া মই মণ্ডী হাউচত হিন্দী নাটক কৰিবলৈ ললো । তেনেকৈয়ে নাটকৰ প্ৰতি আকৰ্ষণ বাঢ়িলে । বিভিন্ন বিষয়ত বাটৰ নাট কৰিবলৈ ললো । বাটৰ নাটে এজন অভিনেতা হিচাপে মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিলে । মোৰ পঢ়া শেষ হোৱাৰ পাছত ঘৰলৈ আহি মই অভিনয় ক্ষেত্ৰৰ লগত জড়িত হ’ব বিচৰাৰ কথাটো জনালো । তাৰ পাছত মই মুম্বাইলৈ গ’লো । তেনেদৰে এই যাত্ৰাৰ আৰম্ভণি হয় ।”

লগতে পঢ়ক : বলীউডৰ ছবিত একেটা ফ্ৰেমতে কংগনা আৰু এজন অসমীয়া অভিনেতা

বলীউডৰ কলা-কুশলীৰ সৈতে অভিনয়ৰ অভিজ্ঞতা

“খুব সুন্দৰ অভিজ্ঞতা । ছিছ’ৰে (Chhichhore) ত মোৰ চৰিত্ৰটো সৰু আছিল । মাত্ৰ ৭ দিনৰ শ্বুটিং হৈছিল । সুশান্ত সিং ৰাজপুতক ৭ দিনৰ ভিতৰত মই ৬ দিন মান লগ পাইছিলো । তেনেদৰে কথা পতা হোৱা নাছিল যদিও তেওঁৰ লগত মোৰ দৃশ্য আছিল । তাৰ পাছত 'অসুৰ'(Asur) ৱেব ছিৰিজখনত মই আৰ্শ্বাদ ৱাৰ্ছীৰ লগত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিলো । যিটো মোৰ বাবে এটা ডাঙৰ অভিজ্ঞতা । নৱাজুদ্দিন ছিদ্দিকীৰ লগত টিকু ৱেডছ শ্বেৰু(Tiku weds sheru) ত অভিনয়ৰ সুযোগ লাভ কৰিছিলো । তেওঁলোকৰ লগত কাম কৰি বহুত কথা শিকিব পাৰিলো । তেওঁলোকৰ লগত কাম কৰিবলৈ পোৱাটোত নিজকে মই বহুত ভাগ্যৱান বুলি ভাবো ।”

শৰ্মাই লগতে আৰু কয়, “কংগনা ৰনৌতৰ লগতো খুব সুন্দৰ অভিজ্ঞতা । তেওঁ নিজেই আহি দৃশ্য এটা অভিনয় কৰি খুব সুন্দৰকৈ বুজায় । অন্য পৰিচালকতকৈ তেওঁ পৃথক ৷ খুব সুন্দৰকৈ দৃশ্যবোৰ তেওঁ অভিনয় কৰি বুজায় । ছবিখনত মই বিহাৰী ঠাকুৰ এজনৰ চৰিত্ৰত অভিনয় কৰিছো ।”

উল্লেখ্য যে, ‘‘গোলাই চোৰ’’ ছবিখনতো নিজৰ অভিনয় শৈলীৰে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বনদীপ শৰ্মা । ইফালে বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবি ‘ভাইমন দা’তো বনদীপ শৰ্মাক ‘ভাইমন দা’ৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব । আৰ মাধৱন অভিনীত ‘‘হিচাব বৰাবৰ’’(Hisaab Barabar)টো অভিনয় কৰিছে অভিনেতাগৰাকীয়ে ।

লগতে পঢ়ক : ‘মেটা’ এৱাৰ্ডছৰ পৰা ডিজনী+হটষ্টাৰলৈ যাত্ৰা নাট্যকাৰ বিদ্যুৎ কুমাৰ নাথৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.