ডিব্ৰুগড় : পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । এইবাৰ ৰাজ্যত প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব অসম জাতীয় পৰিষদ । যাৰ বাবে দলটোৱেও আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা । পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কাম কাজো আৰম্ভ কৰিছে দলটোৱে । তাৰ অংশ হিচাপে দেওবাৰে অসম জাতীয় পৰিষদে চৰাইদেউ জিলাৰ চফ্ৰাইত গুৰুত্বপূৰ্ণ সাংগঠনিক সভাৰ আয়োজন কৰে । সভাত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ উপস্থিতি থাকে ।
অনুষ্ঠানত অংশ লৈ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এখন সাংগঠনিক সভা অনুষ্ঠিত কৰিছিলো । আজি চৰাইদেউ জিলাৰ দুয়োটা সমিতি সোণাৰি আৰু মাহমৰা সমষ্টিৰ সমিতিৰ লগতে জিলা সমিতি গঠন কৰা হৈছে । দলটোৰ ভৱিষ্যতৰ ৰণকৌশলৰ বিষয়ে আজি দলীয় কৰ্মীসকলৰ সৈতে আলোচনা কৰা হৈছে । অহা পঞ্চায়ত নিৰ্বাচনত দলটোৰ সাংগঠনিক আধাৰ প্ৰতিষ্ঠা হ'ব আৰু ২৬ৰ নিৰ্বাচনলৈকে এই আধাৰৰ ভিত্তিত সাংগঠনিক যাত্ৰা আৰম্ভ হ'ব । অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হ'বৰ বাবে পৰিকল্পনা কৰা হৈছে ।"
মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা ঢাকিবলৈ চেষ্টা কৰিছে :
যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ পত্নীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৰুতৰ অভিযোগ অনাৰ পাছতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা ঢাকিবলৈ আৰু জনসাধাৰণক প্ৰকৃত সমস্যাৰ পৰা মনোযোগ আঁতৰাই ৰাখিবলৈ এনে ধৰণৰ অভিযোগ আনিছে । মুখ্যমন্ত্ৰীৰ ভৰিৰ তলৰ মাটি খহি গৈছে, তেওঁ ভবা মতে ৰাজ্যিক সভাপতি দিব নোৱাৰিলে, দিল্লীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা বাঢ়ি গৈছে । সেয়ে ভাৰসাম্য হেৰুৱাই মুখ্যমন্ত্ৰীয়ে যি টি কৰা আৰম্ভ কৰিছে । প্ৰথমে গৌৰৱ গগৈৰ পত্নীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে । কেইবাবাৰো সাংসদ হোৱা লোকসভাৰ বিৰোধী উপ-দলপতিৰ পত্নী কাৰ লগত কি সম্পৰ্ক আছে সেইটো দেশৰ নিৰাপত্তা সংস্থাসমূহৰ ওচৰত তথ্য নাই নেকি ? এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী অসমৰ ৰাইজৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ হৈছে । এইবোৰ কৰি মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা সংস্থাসমূহক অপমান কৰিছে । মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কথা ভাবিব লাগে । তেওঁৰ দিনত হত্যা, হিংসা, ধৰ্ষণ বাঢ়িছে সেই কথা ভাবিব লাগে । কিন্তু সেইবোৰ নকৰি অখিল গগৈৰ পত্নীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । শিক্ষকক অপমান কৰাটো মুখ্যমন্ত্ৰীৰ এটা চৰিত্ৰ ।"
লুৰীণজ্যোতি গগৈয়ে লগতে কয়," মুখ্যমন্ত্ৰীৰ মুখত এইবোৰ কথাই শোভা নাপায় । এইবোৰ কথাই মুখ্যমন্ত্ৰীৰ জ্ঞানহীনতাক প্ৰমাণ কৰে । মুখ্যমন্ত্ৰীয়ে অসমীয়া সংস্কৃতি নাজানে বুলিয়ে প্ৰতিষ্ঠা হৈ গৈছে । মুখ্যমন্ত্ৰীয়ে অলপ জানি, শুনি, ভাবি, চিন্তি কথা-বতৰা যাতে কয় । অসমৰ সমাজ জীৱনক লাজত নেপেলাব ।"
বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কি চেষ্টা কৰিছে ?
সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "এনে ধৰণৰ গুণ্ডাগিৰিৰ ৰাজনীতিৰ সংস্কৃতি অসমত নাছিলে, এই সংস্কৃতি আগতে বিহাৰ আৰু উত্তৰ প্ৰদেশত আছিল । কিন্তু এতিয়া তাতো এই সংস্কৃতি নাই । অসমলৈ বিজেপিয়ে এই সংস্কৃতিক আমদানি কৰিছে । ২০২৬ৰ নিৰ্বাচনত যে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হ'ব তাৰ পূৰ্বানুমান দিবলৈ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছে ।
লগতে পঢ়ক :অৰ্থহীন কথা কৈ মাটিৰ তললৈকে নামি গৈছে মুখ্যমন্ত্ৰী শৰ্মা: গৌৰৱ গগৈ - MP GAURAV GOGOI SLAMS CM