আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হৈছে ৷ প্ৰতি বছৰে এই ২৪ জানুৱাৰীৰ বিশেষ দিনটো উদযাপন কৰা হয়, যাৰ উদ্দেশ্য হৈছে কন্যা সন্তানৰ সুৰক্ষা, শিক্ষা আৰু সন্মান ৷
২৪ জানুৱাৰীত কন্যা শিশু দিৱস উদযাপন কৰাৰ কাৰণ হৈছে ইন্দিৰা গান্ধী ৷ দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ পিছত, তেওঁৰ শপত গ্ৰহণৰ দিনটো স্মৰণ আৰু উদযাপন হিচাপে এই দিনটো কন্যা সন্তানৰ প্ৰতি সমৰ্পিত কৰা হয় ৷
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে বিশেষ দিনটোত সকলোকে সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰি কন্যা সন্তানক সুৰক্ষা আৰু শক্তিশালী কৰক ৷ ইয়াত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ কেইটামান সজাগতা বাৰ্তা উল্লেখ কৰা হৈছে-
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ২০২৫ৰ শুভেচ্ছা
- বেটি বচাও, বেটি পঢ়াও ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত সকলোকে শুভেচ্ছা জনাইছো ৷
- য’ত কন্যা সফল হয়, সেই দেশ সদায় প্ৰগতিৰ পথত, ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত সকলোকে শুভেচ্ছা জনাইছো ৷
- কন্যাক দিয়ক সমান অধিকাৰ থাকিব, তেতিয়াহে ৰক্ষা হ’ব দেশ ৷ শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
- এগৰাকী কন্যা কেতিয়াও বোজা নহয়, তেওঁ হৈছে ঘৰৰ সৌন্দৰ্য, শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
- য’ত কন্যাই সন্মান পায়, সেইখন সমাজ আগবাঢ়ি যায় ৷ শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
- পুত্ৰই পঢ়িলে পৰিয়াল ডাঙৰ হয় আৰু কন্যাই পঢ়িলে বংশ ডাঙৰ হয় ৷ শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
- “এজনী ছোৱালী বোজা নহয় ৷ তেওঁক সন্মান কৰক ৷” শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
- এগৰাকী কন্যা মাতৃৰ হৃদয় ৰাণী ৷ পিতৃৰ মূৰৰ মুকুট, শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
- এগৰাকী কন্যা ঘৰৰ অমূল্য ৰত্ন, কন্যা অবিহনে জীৱন অসম্পূৰ্ণ, শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
- ছোৱালীক পঢ়িবলৈ দিয়ক, সপোনবোৰক উৰিবলৈ দিয়ক, ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ শুভেচ্ছা ৷
- য’ত ছোৱালীসকল সুৰক্ষিত, সেইখন সমাজৰহে হ’ব বিকাশ, ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ অলেখ শুভেচ্ছা ৷
- কন্যা দুৰ্বল নহয়, শক্তিৰ আন নাম হৈছে নাৰী, যিয়ে পৃথিৱীক জীৱন দিয়ে, মৃত্যুকো পৰাজিত কৰে ৷ শুভ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷
- কন্যাসকল ভগৱানৰ আশীৰ্বাদ ৷ তেওঁলোকক সন্মান কৰা আৰু সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য ৷
- এজনী ছোৱালী হৈছে ঘৰৰ সৌন্দৰ্য, তেওঁক সন্মান কৰক আৰু সপোনবোৰক উৰিবলৈ দিয়ক ৷
- আপোনাৰ কন্যাক আত্মনিৰ্ভৰশীল হ’বলৈ শিকাওক, ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ অলেখ শুভেচ্ছা ৷
লগতে পঢ়ক