গুৱাহাটী : অপৰাধকে ধৰি বিভিন্ন ধৰণৰ গোচৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ন্যায় ব্যৱস্থাটোৰ ওপৰতো হেঁচা বৃদ্ধি হৈছে । যাৰ পৰিপ্ৰেক্ষিত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে । নিষ্পত্তিহীন গোচৰৰ হেঁচাত ন্যায় ব্যৱস্থাটো কাৰ্যতঃ ভাৰাক্ৰান্ত হৈ পৰিছে । এনে পৰিস্থিতিত ন্যায়প্ৰাপ্তিৰ বাবে বছৰৰ পিছত বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হৈছে নাগৰিকে ।
নেচনেল জুডিচিয়েল ডাটা গ্ৰিডৰ তথ্য অনুসৰি, বৰ্তমানলৈ উচ্চতম ন্যায়ালয়ৰ লগতে উচ্চ ন্যায়ালয়, জিলা আৰু নিম্ন আদালতসমূহত চাৰে চাৰি কোটিৰো অধিক গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে । আন ৰাজ্যৰ দৰে অসমতো বৃহৎ সংখ্যক গোচৰৰ চূড়ান্ত ৰায়দান হোৱা নাই ।
গুৱাহাটী উচ্চ ন্যায়ালয়সহ ৰাজ্যখনৰ আদালতসমূহত বিচাৰাধীন অৱস্থাতে পৰি থকা গোচৰৰ সংখ্যা হৈছে ৪,৯৮,৬২৯ টা । ইয়াৰে ১,০৫,৪৬০ টা দেৱানী গোচৰ আৰু ৩,৯৩,১৬৯ টা ফৌজদাৰী গোচৰ ৷
আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ত নিষ্পত্তি নোহোৱাকৈ আছে ৬৪,৩২২ টা গোচৰ । ইয়াৰে ৪৮,১৩৮ টা দেৱানী গোচৰ আৰু ১৬,১৮৪ টা ফৌজদাৰী গোচৰ । ইফালে জিলা আৰু নিম্ন আদালতসমূহত নিষ্পত্তি নোহোৱাকৈ আছে ৪,৩৪,৩০ টা গোচৰ ।
- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰৰ ৰূপৰেখা :
নেশ্যনেল জুডিচিয়েল ডাটা গ্ৰীডৰ তথ্য অনুসৰি, গুৱাহাটী উচ্চ ন্যায়ালয়ত ১০ বছৰ পুৰণি ৩৫৬৯ টা অৰ্থাৎ মুঠ গোচৰৰ ৬ শতাংশ, ৫ বছৰৰ পৰা ১০ বছৰৰ ভিতৰৰ পুৰণি ২১১৯৭ টা (৩৩ শতাংশ), তিনি বছৰৰ পৰা পাঁচ বছৰৰ ভিতৰৰ পুৰণি ৮৬৬৯ টা (১৩ শতাংশ), এবছৰৰ পৰা তিনি বছৰৰ ভিতৰৰ পুৰণি ১৬৭০২ টা (২৬ শতাংশ) আৰু এবছৰৰ ভিতৰত ৰুজু হোৱা ১৪১৮৫ টা (২২ শতাংশ) গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে ।
গুৱাহাটী উচ্চ ন্যায়ালয়ত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা হৈছে ৬৪,৩২২ টা ।
- ৰাজ্যৰ আদালতসমূহত থকা গোচৰৰ ৰূপৰেখা :
ৰাজ্যৰ বিভিন্ন জিলাৰ আদালত সমূহত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা যথেষ্ট বিশাল । ৰাজ্যৰ বিভিন্ন জিলাৰ আদালতসমূহত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা নিতৌ বৃদ্ধি পাই আহিছে । বৰ্তমান নিষ্পত্তিহীন গোচৰৰ সংখ্যা হৈছে ৪,৯৮,৬২৯ টা । ইয়াৰ ভিতৰত ১,০৫,৪৬০ টা গোচৰ হৈছে দেৱানী গোচৰ আৰু ৩,৯৩,১৬৯ টা গোচৰ হৈছে ফৌজদাৰী গোচৰ ।
আনহাতে, জিলা আদালতসমূহত ১০ বছৰ পুৰণি ৮৬১১ টা (মুঠ গোচৰৰ ২ শতাংশ), ৫ বছৰৰ পৰা ১০ বছৰ পুৰণি ৬০৯৫৫ টা (১২ শতাংশ), তিনি বছৰৰ পৰা পাঁচ বছৰ পুৰণি ৫২০৯২ টা (১০ শতাংশ), এবছৰৰ পৰা তিনি বছৰ ১,৯৩,২২৫ টা (৩৯ শতাংশ) আৰু এবছৰৰ ভিতৰৰ ১,৮৩,৭৪৬ টা (৩৭ শতাংশ) গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে ।
- কামৰূপ মহানগৰ জিলাৰ গোচৰৰ সংখ্যা :
কামৰূপ মহানগৰ জিলাত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা হৈছে ১,৬৫,৭৬৫ টা । ইয়াৰ ভিতৰত ২৬,২৪৭ টা গোচৰ দেৱানী আৰু ১,৩৯,৫১৮ গোচৰ ফৌজদাৰী গোচৰ ।
- অপৰাধ বৃদ্ধিৰ সমান্তৰালকৈ চাপ বৃদ্ধি পাইছে ন্যায়ালয়ৰ :
ৰাজ্যখনত অপৰাধমূলক কার্যকলাপ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে গোচৰৰ সংখ্যাও । যাৰ ফলত ন্যায়ালয়সমূহে গোচৰৰ বোজা বহন কৰিব নোৱাৰা অৱস্থা হৈছে । ন্যায়ালয়ত প্ৰতিটো মাহতেই নিষ্পত্তি হোৱা গোচৰৰ পৰিৱৰ্তে নতুনকৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । এনে পৰিপ্ৰেক্ষিতত পুৰণি গোচৰসমূহ নিষ্পত্তি হোৱাৰ সময়ো দীঘলীয়া হৈছে ।
শেহতীয়াকৈ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে সময় নির্ধাৰিতভাৱে বিচাৰাধীন গোচৰৰ নিষ্পত্তি কৰাটো ন্যায়পালিকাৰ কৰ্তৃত্বাধীন । তথাপিও গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে এটা পৰিৱেশতন্ত্ৰৰ সুবিধা দিয়াত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।
তদুপৰি সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত নিষ্পত্তিহীন গোচৰৰ সংখ্যা হ্ৰাস কৰাটো বাধ্যতামূলক । ইয়াৰ বাবেই চৰকাৰে ২০২১ চনত নেচনেল মিছন ফৰ জাষ্টিচ ডেলিভাৰী এণ্ড লিগেল ৰিফৰ্মছ গঠন কৰিছিল । ইয়াৰ দুটা লক্ষ্য হ'ল - বিলম্ব পৰিহাৰ কৰা আৰু কাঠামোগত পৰিৱৰ্তনৰ জৰিয়তে জবাবদিহিতা তথা কার্যক্ষমতা বৃদ্ধি কৰা । কিন্তু তাৰ পাছতো ন্যায় ব্যৱস্থাৰ ওপৰত চাপ বৃদ্ধি পোৱাৰ লগতে নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যাও বৃদ্ধি পাইছে ।