ETV Bharat / state

১০-১২ লাখ ভকতক আপ্যায়নৰ বাবে সাজু শংকৰদেৱ সংঘৰ বিষয়ববীয়া - SRIMANTA SANKARADEVA SANGHA

২০০ টা চৌকাত প্ৰতিদিনে ৬০ কুইণ্টল পাচলি আৰু ৬০ কুইণ্টল চাউলেৰে প্ৰস্তুত কৰা হ'ব সিদ্ধ ।

Srimanta Sankaradeva Sangha annual session
১০-১২ লাখ ভকতক আপ্যায়নৰ বাবে সাজু শঙ্কৰদেৱ সংঘৰ বিষয়ববীয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 3, 2025, 2:31 PM IST

যোৰহাট : উখল-মাখল পৰিৱেশ যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত । কিয়নো শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ দুটা দিন বাকী । অধিৱেশনৰ ৯০ শতাংশ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । আটকধুনীয়া হৈ পৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । সংঘৰ ৩৫ খন উপ-সমিতিৰ তত্বাৱধানত অধিৱেশনৰ কাম পূৰ্ণগতিত চলি আছে ।

আনহাতে অধিৱেশনস্থলীত থকা ৰন্ধনশাল আৰু ভোজনালয়ৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে । কিয়নো ৪ দিনত প্ৰায় ১০-১২ লাখ ভকত-বৈষ্ণৱক আপ্যায়নৰ পৰিকল্পনা কৰিছে সংঘৰ আদৰণি সমিতিয়ে । আদৰণি সমিতিৰ উপ-সভাপতি বেদকমল বৰাই জানিবলৈ দিয়া মতে ৩৫ খন উপ-সমিতিৰ তত্বাৱধানত অধিৱেশনৰ প্ৰায় ৯৫ শতাংশ কাম সম্পূৰ্ণ হৈছে । প্ৰায় ১০ ৰ পৰা ১২ লাখৰো অধিক লোকৰ আপ্যায়নৰ বাবে বৃহৎ আকাৰৰ ৰন্ধন শাল আৰু ভোজনালয় সাজি উলিওৱা হৈছে ।

১০-১২ লাখ ভকতক আপ্যায়নৰ বাবে সাজু শঙ্কৰদেৱ সংঘৰ বিষয়ববীয়া (ETV Bharat)

বিশাল ৰন্ধনশাল আৰু ভোজনালয়

উপ-সভাপতি বেদকমল বৰাই কয়, "ৰন্ধনশালত ইতিমধ্যে ২০০ টা চৌকা নিৰ্মাণ কৰি উলিওৱা হৈছে । এই ৰন্ধনশালত এটা সময়ত ৩০০ ৰন্ধনকৰ্মী আৰু ২০০ সহায়িকাই কাম কৰাৰ লগতে দৈনিক ১০০০ গৰাকী ৰন্ধনকৰ্মীয়ে ভক্তৰ বাবে সিদ্ধ প্ৰস্তুত কৰিব । ভোজনালয়ত এটা সাজত একেলগে প্ৰায় ১০ হাজাৰৰো অধিক ভক্তই সিদ্ধ গ্ৰহণ কৰিব পাৰিব আৰু সিদ্ধ গ্ৰহণ কৰা ভোজনালয়ত কেন্দ্ৰীয় সেৱা বাহিনীৰ ৪ হাজাৰ সেৱক-সেৱিকাই দৈনিক সেৱা আগবঢ়াব ।"

তেওঁ লগতে কয় যে এটা সাজত ৬০ কুইণ্টল পাচলি আৰু একে সময়তে ১৫ কুইণ্টল সিদ্ধ প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে । যাৰ বাবে এটা দিনত ৬০ কুইণ্টল চাউলৰ প্ৰয়োজন হ'ব আৰু ভক্তৰ সংখ্যা বৃদ্ধি হ'লে ইয়াৰ পৰিমাণ বৃদ্ধি কৰা হ'ব বুলিও তেওঁ জনাইছে । তেওঁ লগতে কয় যে খাৰুপেটীয়াৰ পৰা ১৬ চকীয়া ট্ৰাকেৰে শাক-পাচলি অধিৱেশনস্থলীলৈ আমদানি কৰা হ'ব ।

সংঘৰ আন এগৰাকী বিষয়ববীয়া সৌৰভ হাজৰিকাই কয়, "শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ শোভাযাত্ৰাত উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয় আৰু একতাৰ প্ৰতীক দাঙি ধৰাৰ প্ৰয়াস কৰা হ'ব । য'ত নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব আৰু কৃষ্টি সংস্কৃতি উপস্থাপন কৰিব ।"

উল্লেখ্য যে শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতে দিল্লী, ওড়িশা আদিৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটিব । ৩ কোটি ৫০ লাখ টকা বাজেটেৰে আয়োজন হ'বলগীয়া চাৰিদিনীয়া অধিৱেশনস্থলীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ১০ হাজাৰৰো অধিক সেৱা বাহিনীৰ লোকক নিয়োগ কৰা হ'ব ।

লগতে পঢ়ক :বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রাৰে উদুলি মুদুলি সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন - ASOM SAHITYA SABHA SESSION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.