নতুন দিল্লী : দেওবাৰে কুৱালালামপুৰত অনুষ্ঠিত অনূৰ্ধ্ব ১৯ আই চি চি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয় ভাৰতীয় কিশোৰীৰ দলটো । ইফালে এই বিশ্ব খিতাপ জয়ৰ পিছতে ভাৰতীয় দলটোৰ বাবে ৫ কোটি টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বি চি চি আয়ে ।
উল্লেখ্য যে অধিনায়ক নিকি প্ৰসাদৰ নেতৃত্বাধীন ভাৰতীয় দলটো সমগ্ৰ প্ৰতিযোগিতাখনতে অপৰাজেয় হৈ ৰয় । দলটোৱে এই বিশ্ব চেম্পিয়নশ্বিপত এক অসাধাৰণ খেল প্ৰদৰ্শন কৰে । ভাৰতে সমগ্ৰ প্ৰতিযোগিতাখনত এক নিৰ্ভীক দৃষ্টিভংগীৰে খেলপথাৰত নামি আধিপত্য বিস্তাৰ কৰে আৰু দেওবাৰে একপক্ষীয় ফাইনেল মেচত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰি পুনৰ খিতাপ দখল কৰে ।
𝗖. 𝗛. 𝗔. 𝗠. 𝗣. 𝗜. 𝗢. 𝗡. 𝗦! 🏆#TeamIndia 🇮🇳 are the ICC U19 Women’s T20 World Cup 2025 Champions 👏 👏
— BCCI Women (@BCCIWomen) February 2, 2025
Scorecard ▶️ https://t.co/hkhiLzuLwj #SAvIND | #U19WorldCup pic.twitter.com/MuOEENNjx8
বি চি চি আইৰ ৫ কোটি নগদ ধনৰ পুৰস্কাৰ ঘোষণা
ভাৰতীয় দলটোৰ এই প্ৰদৰ্শনত অভিভূত বি চি চি আয়ে খেলুৱৈসকলৰ মনোবল বৃদ্ধিৰ বাবে তেওঁলোকলৈ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে । বি চি চি আয়ে জাৰি কৰা এক বিবৃতিত কয়, "মালয়েছিয়াত অনুষ্ঠিত আই চি চি অনূৰ্ধ্ব-১৯ মহিলা টি-২০ বিশ্বকাপ, ২০২৫ত সফলতাৰে নিজৰ খিতাপ অক্ষুণ্ণ ৰখাৰ বাবে বি চি চি আয়ে ভাৰতীয় অনূৰ্ধ্ব-১৯ মহিলা দলটোক অভিনন্দন জনাইছে ।"
BCCI Congratulates #TeamIndia Women’s U19 Team for Back-to-Back T20 World Cup Triumphs, announces a cash reward of INR 5 Crore for the victorious squad and support staff, led by Head Coach Nooshin Al Khadeer.#U19WorldCup
— BCCI (@BCCI) February 2, 2025
Details 🔽
বিবৃতিটোত লগতে কোৱা হৈছে, "এই উল্লেখখনীয় সফলতাক সন্মান জনোৱাৰ উদ্দেশ্যে বি চি চি আয়ে মুখ্য প্ৰশিক্ষক নুছিন আল খাদিৰ আৰু তেওঁৰ সহায়ক কৰ্মচাৰীৰ নেতৃত্বৰ বিজয়ী দলটোৰ বাবে নগদ ৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ।"
বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীৰ অভিনন্দন
আনহাতে, বিশ্বজয়ী দলটোক অভিনন্দন জ্ঞাপন কৰি বি চি চি আইৰ সভাপতি ৰজাৰ বিন্নীয়ে কয়, "অনূৰ্ধ্ব-১৯ মহিলা বিশ্বকাপৰ খিতাপ অক্ষুণ্ণ ৰখাৰ বাবে আমাৰ কিশোৰীসকলক অভিনন্দন জনাইছোঁ । এই ট্রফী জয়ে ভাৰতত মহিলা ক্রিকেটৰ বিকাশক প্রতিফলিত কৰে । লগতে দলৰ প্রতিগৰাকী সদস্য উদ্ভাসিত হোৱা দেখি মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ ।"
📸 📸
— BCCI Women (@BCCIWomen) February 2, 2025
𝗠. 𝗢. 𝗢. 𝗗 straight after a memorable title triumph! ☺️ 🏆#TeamIndia 🇮🇳 | #U19WorldCup pic.twitter.com/nJOELSNO1f
আমাৰ নাৰীশক্তিক লৈ অত্যন্ত গৌৰৱান্বিত : প্ৰধানমন্ত্ৰী মোদী
ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব চেম্পিয়ন হোৱাৰ বাবে ভাৰতৰ যুৱ মহিলা দলটোক অভিনন্দন জ্ঞাপন কৰে । X-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আমি আমাৰ নাৰীশক্তিক লৈ অত্যন্ত গৌৰৱান্বিত ! আই চি চি অনূৰ্ধ্ব-১৯ মহিলা টি-২০ বিশ্বকাপ, ২০২৫ জয় কৰাৰ বাবে ভাৰতীয় দলটোক অভিনন্দন ।"
Immensely proud of our Nari Shakti! Congratulations to the Indian team for emerging victorious in the ICC U19 Women’s T20 World Cup 2025. This victory is the result of our excellent teamwork as well as determination and grit. It will inspire several upcoming athletes. My best… pic.twitter.com/Z2nbGaolSg
— Narendra Modi (@narendramodi) February 2, 2025
তেওঁ লগতে কয়, "এই বিজয় আমাৰ উৎকৃষ্ট দলীয় প্ৰদৰ্শনৰ লগতে দৃঢ়তা আৰু ধৈৰ্যৰ ফল । ই অসংখ্য উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব । দলটোৰ ভৱিষ্যতৰ প্রচেষ্টাৰ বাবে মই শুভকামনা জনাইছোঁ ।"