যোৰহাট : ১৯৯৭ চনত হোলোঙাপাৰ গিৱনক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল । ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পূৰ্বতে পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ পৰিসীমা সংকুচিত হৈ পৰে ।
লাহে লাহে অস্তিত্বৰ সংকটত পৰিছে গিবন অভয়াৰণ্যখন । সেয়েহে গিবনৰ জীৱকূল ৰক্ষা আৰু অসমৰ পৰা হাতী সৰবৰাহৰ বিৰুদ্ধে ছবি অংকনৰ জৰিয়তে ৰাইজক সজাগ কৰিবলৈ আগবাঢ়ি আহিল এগৰাকী চিত্ৰশিল্পী ।
ৰং তুলিকাৰ জৰিয়তে ছবি অংকন কৰি চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই প্ৰকৃতি ৰক্ষাৰ্থে নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছে । প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী ওপৰত পৰা হাতোৰা আদি বিষয়বস্তু লৈ চিত্ৰশিল্পীগৰাকীয়ে চিত্ৰ অংকন কৰি ৰাইজক সজাগ কৰি আহিছে । ছবিৰ জৰিয়তে ৰাইজক সজাগ আৰু প্ৰতিবাদ কৰা বাবে ৰজাঘৰৰ ৰোষত পৰিবলগীয়াও হৈছিল চিত্ৰশিল্পীগৰাকী ।
হাতত ৰং তুলিকা লৈ চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই বৃহস্পতিবাৰে যোৰহাটৰ মাজমজিয়াত থকা উৰণীয়া সেতুৰ দেৱালত হাতী আৰু গিবনৰ জীৱকূল ৰক্ষাৰ্থে ৰাইজক সজাগ কৰাৰ লগতে সাব্যস্ত কৰিলে প্ৰতিবাদ । অসমৰ মাজেৰে বহিঃৰাজ্যলৈ এম্বুলেল্সেৰে হাতী সৰবৰাহ কৰোতে এটা হাতীৰ শুঁৰে দি সৃষ্টি কৰা আৱেগিক দৃশ্য আৰু গিবনৰ দুষ্প্ৰাপ্য জীৱকূলৰ দুখন হাত দেৱালত অংকন কৰাৰ লগতে শ্ল'গানৰে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিলে শিল্পীগৰাকীয়ে ।
- ছবি আঁকি জেললৈ যাবলৈ সাজু :
এনে ছবিৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে কাম কৰি থকা বুলি উল্লেখ কৰি শিল্পীগৰাকীয়ে কয়, "পূৰ্বৰে পৰাই মৰিয়নীৰ হোলোঙাপাৰাৰ গিৱন অভয়াৰণ্যক লৈ চিত্ৰ অংকন কৰি আহিছো । প্ৰকৃতিক লৈ মই কেতিয়াও আপোচ নকৰোঁ আৰু সদায় ছবি আঁকি যাম । মোৰ ছবি অঁকা যাত্ৰা কোনেও ৰুদ্ধ কৰিব নোৱাৰে ।’’
‘‘ছবি অংকনৰ জৰিয়তে অসমবাসীক সজাগ কৰিম । ছবি অংকন কৰোতে বহুত পইচা খৰচ হয়, এই প্ৰত্যাহ্বানকো নেওচি কম খৰচত ছবি আঁকি থাকিম । কম খৰচত প্ৰতীক আৰু শ্ল'গানেৰে এই প্ৰচেষ্টা চলাই থাকিম, আজি মই হাতী সৰবৰাহ আৰু গিবনক লৈ দেৱালত ছবি অংকন কৰিছো । মই সদায় ছবি আঁকি যাম আৰু ছবি আঁকি যদি পুনৰ জেললৈ যাব লগা হয় তাত মই কেতিয়াও কুন্ঠাবোধ নকৰো ।'' শিল্পীগৰাকীয়ে কয় ৷
- ছবি আঁকি জেললৈ যোৱা দিনটো মোৰ বাবে কলা অধ্যায় :
উল্লেখ্য যে ইতিপূৰ্বে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত উন্নয়নৰ নামত গছ কটা কাৰ্যৰ বিৰোধিতা কৰি আটক হোৱা সন্দৰ্ভতো মত ব্যক্ত কৰিলে চিত্ৰশিল্পীজনে ৷ সেই ঘটনাক এটা ক’লা অধ্যায় বুলি অভিহিত কৰি মাৰ্শ্বেল বৰুৱাই কয়, "দীঘলীপুখুৰীৰ গছ ৰক্ষাৰ্থে ছবি আঁকি জেললৈ যোৱা দিনটো মোৰ বাবে এক কলা দিন,মই কেতিয়াও ভবা নাছিলো ছবি আঁকি যে জেললৈ যাম । "