ETV Bharat / business

বংগোপসাগৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ অপটিকেল ফাইবাৰ ! সম্ভাৱনীয়তা অধ্যয়নৰ আহ্বান মুখ্যমন্ত্ৰীৰ - ADVANTAGE ASSAM 2

এই পৰিকল্পনা এবাৰ বাস্তৱায়িত হ’লে ই অসমত দ্ৰুত আৰু নিৰ্ভৰযোগ্য তথ্য লাভৰ ক্ষেত্ৰত গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ব ৷

ADVANTAGE ASSAM 2
বংগোপসাগৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ অপটিকেল ফাইবাৰ ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 9:16 PM IST

গুৱাহাটী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াক ব্ৰহ্মপুত্ৰৰ মাজেৰে বংগোপসাগৰৰ পৰা অপটিকেল ফাইবাৰ অনাৰ সম্ভাৱনীয়তা সন্দৰ্ভত অধ্যয়ন কৰিবলৈ অনুৰোধ জনাইছে । এই পৰিকল্পনা এবাৰ বাস্তৱায়িত হ’লে ই অসমত দ্ৰুত আৰু নিৰ্ভৰযোগ্য তথ্য লাভৰ ক্ষেত্ৰত গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ব বুলিও তেওঁ লগতে কয় ।

মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ শীৰ্ষক সন্মিলনৰ অংশ হিচাপে "আই-ৱে টু বিকশিত অসম" শীৰ্ষক বিষয়ভিত্তিক অধিৱেশনত নিজৰ দৃষ্টিভংগী ব্যক্ত কৰি ড৹ শৰ্মাই এই মন্তব্য কৰে ।

ADVANTAGE ASSAM 2
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

ড৹ শৰ্মাই কয়, "বিজিনেছ প্ৰচেছ আউটচ’ৰ্চিং (বি পি অ’) সমূহে টায়াৰ ১ চহৰৰ পৰা টায়াৰ ২ আৰু টায়াৰ ৩ চহৰলৈ নিজৰ ঘাটি স্থানান্তৰিত কৰাৰ লগে লগে আগন্তুক দুই-তিনি বছৰত গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটৰ দৰে চহৰত কেইবাটাও বি পি অ’ হ’ব আৰু তাৰ ফলস্বৰূপে হাই স্পীড ডাটাৰ প্ৰয়োজনীয়তা আহিব ।"

তথ্যৰ নিত্য বৃদ্ধি পোৱা প্ৰয়োজনীয়তা সন্দৰ্ভত ভাষণ দি মুখ্যমন্ত্ৰীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত এ আই সক্ষম ডাটা চেণ্টাৰ আৰু এইচ ডি এফ চিৰ অনুৰূপ ডাটা চেণ্টাৰ স্থাপনৰ ঘোষণাৰ কথাও উল্লেখ কৰে, য’ত হাই স্পীড ডাটাৰ প্ৰয়োজনীয়তা থাকিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ডিজিটেল বিপ্লৱৰ ওপৰত অসমে উচ্চ ৰাইড কৰিব বিচাৰিছে বুলি উল্লেখ কৰি শৰ্মাই কয় যে, ডিজিটেলাইজেশ্যনৰ সুফল যাতে শেষ মাইলত উপনীত হয়, সেয়া অসমেও নিশ্চিত কৰিব বিচাৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াক সহায় আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে কৃষক আৰু গ্ৰাম্য উদ্যোগীসকলৰ সুবিধাৰ্থে প্ৰকল্পটো অতি সোনকালে সম্পূৰ্ণ কৰিব পৰাকৈ অসম চৰকাৰৰ ২৫,২৫০ খন গাঁৱক অপটিকেল ফাইবাৰেৰে সংযোগ কৰাৰ এক অভিলাষী পৰিকল্পনা আছে বুলিও তেওঁ কয় ।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী ৰোডমেপৰ দ্বাৰা পৰিচালিত হৈ অসম চৰকাৰে অসমৰ ডিজিটেল লেণ্ডস্কেপক ৰূপান্তৰিত কৰাৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰা পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।

"আই-ৱে’ৰ পৰা বিকশিত অসমলৈ যোৱাৰ পথ প্ৰশস্ত কৰা, নতুন সুযোগ মুকলি কৰা আৰু সমগ্ৰ ৰাজ্যতে সামগ্ৰিক উন্নয়নক আগুৱাই নিয়াটো আমাৰ লক্ষ্য" বুলি ড৹ শৰ্মাই কয় ৷ তদুপৰি তেওঁ কয় যে অৰ্থনৈতিক বৃদ্ধি, শিক্ষা বৃদ্ধি আৰু শাসন ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত আই টি আৰু টেলিকম খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি ৰাজ্য চৰকাৰে ডিজিটেল বিভাজন দূৰ কৰা, শেষ মাইলৰ সংযোগ নিশ্চিত কৰা আৰু সমগ্ৰ ৰাজ্যতে টেলিকম সেৱাসমূহ অধিক সুলভ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই খণ্ডসমূহ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ বাবে সাহসী পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

গুৱাহাটীৰ সমীপৰ জাগীৰোডত আগন্তুক অৰ্ধপৰিবাহী প্ৰকল্পৰ কথা উল্লেখ কৰি তেওঁ কয় যে জাগীৰোডত অৰ্ধপৰিবাহী প্ৰকল্পটোক গঢ় দিয়াৰ লগে লগে অসম বিভিন্ন সুযোগৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণৰ কথা উল্লেখ কৰি ৫০ লাখ টকাৰ আৰ্থিক ব্যয়ৰ সৈতে জড়িত এটা ম’বাইল মেনুফেকচাৰিং ইউনিট স্থাপনৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৩০,০০০ কোটি টকাৰে ৰাজ্যৰ যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সহায় কৰিব বুলিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে ৷

লগতে পঢ়ক: এডভাণ্টেজ আছাম ২.০ : বিনিয়োগৰ মহা সন্মিলনত অসমত কাৰ কি বিনিয়োগৰ ঘোষণা ? - ADVANTAGE ASSAM 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.