ETV Bharat / business

এডভাণ্টেজ আছাম ২.০: জিলাই জিলাই বিনিয়োগকাৰীৰ বিনিয়োগৰ ঢৌ - ADVANTAGE ASSAM 2

এডভাণ্টেজ আছাম ২.০ উপলক্ষে ৰাজ্যৰ প্ৰতিখন জিলাতে বিনিয়োগকাৰীৰ বিনিয়োগৰ ঢৌ । স্বাক্ষৰিত কৰে কেইবাখনো বুজাবুজি চুক্তিত ।

Advantage Assam 2.0, Many investors invest in each district
বিনিয়োগকাৰীৰ বিনিয়োগৰ ঢৌ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 11:00 PM IST

নিউজ ডেস্ক: বহু প্ৰত্যাশিত এডভাণ্টেজ আছাম ২.০-ৰ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰাৰ পাছতে দেশ-বিদেশৰ কেইবাটাও উদ্যোগ প্ৰতিষ্ঠান আৰু উদ্যোগীয়ে অসম চৰকাৰৰ সৈতে বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । আনহাতে, চৰকাৰী খণ্ডৰ পৰাও অসম চৰকাৰে বহুকেইটা বিনিয়োগ লাভ কৰাৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে ।

সমান্তৰালভাৱে ৰাজ্যৰ প্ৰতিখন জিলাতে মঙলবাৰৰ দিনটোত বিনিয়োগ কৰে বহু বিনিয়োগকাৰীয়ে । বিনিয়োগৰ আগ্ৰহ দেখুৱাই বহু বিনিয়োগকাৰীয়ে স্বাক্ষৰিত কৰে কেইবাখনো বুজাবুজি চুক্তিত ।

বৰপেটাত ৭৫ গৰাকী বিনিয়োগকাৰীৰ MOUত স্বাক্ষৰ (ETV Bharat Assam)

বৰপেটাত ৭৫ গৰাকী বিনিয়োগকাৰীৰ MOUত স্বাক্ষৰ:

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বৰপেটাতো এডভান্টেজ অসমক লৈ বিনিয়োগকাৰীৰ আগ্ৰহ । বৰপেটাত ৭৫ গৰাকী বিনিয়োগকাৰীয়ে MOUত স্বাক্ষৰ কৰে । মঙলবাৰে বৰপেটাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই প্ৰকাশ কৰে এই কথা । যিসকল বিনিয়োগকাৰয়ে MOUত স্বাক্ষৰ কৰে ইয়াৰ জৰিয়তে বৰপেটাত অহা ডেৰ বছৰৰ ভিতৰত প্ৰায় দুশ দুই কোটি টকাৰ বিনিয়োগ হ'ব । জিলাখনত স্বাস্থ্য খণ্ডৰ লগতে বিভিন্ন ক্ষেত্ৰত এই বিনিয়োগ হ'ব । ইপিনে বৰপেটা জিলাৰ বহৰি আৰু সৰভোগত ঔদ্যোগিক পাম নিৰ্মাণ হোৱা প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

তেজপুৰত বুজাবুজি চুক্তিত স্বাক্ষৰ অনুষ্ঠান (ETV Bharat Assam)

তেজপুৰত বুজাবুজি চুক্তিত স্বাক্ষৰ অনুষ্ঠান:

শোণিতপুৰ জিলাত বিনিয়োগৰ নতুন দিগন্ত, ২৩২ কোটি টকাৰ বিনিয়োগৰ পথ প্রশস্ত । শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত অংকুৰ ভৰালীৰ উপস্থিতিত মঙলবাৰে জিলাখনৰ উদ্যোগী আৰু বিনিয়োগকাৰী মাজত ৩০৪ কোটিৰ ৪১ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । মঙলবাৰে উদ্যোগীসকলৰ লগত বুজাবুজিৰ চুক্তিত অসম চৰকাৰৰ হৈ শোণিতপুৰ জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰবন্ধক মৰ্গেন মেষ্টনে স্বাক্ষৰ কৰে ।

উদ্বোধনী অনুষ্ঠানত দিয়া আদৰণি ভাষনত শোণিতপুৰৰ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে শোণিতপুৰক এখন ইনভেষ্টৰ ফ্রেণ্ডলী জিলা হিচাপে গঢ়ি তোলাৰ আহ্বান জনায় । অনুষ্ঠানত বিকাশ সূত নামৰ এজন উদ্যোগীক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ পিছত এপেক্স বেংকৰ ফালৰ পৰা ১৫লাখ টকাৰ চেক প্ৰদান কৰা হয় । আনহাতে বয়ন শিল্পৰ বাবে ঢেকীয়াজুলিৰ সতীৰ্থ ৮৭ গোটে গামোচা আৰু অন্যান্য বয়ন শিল্পৰ বাবে ১ কোটি টকাৰ এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ।

তিনিচুকীয়াত একেদিনাই ৪১ গৰাকী উদ্যমীৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰ (ETV Bharat Assam)

তিনিচুকীয়াত একেদিনাই ৪১ গৰাকী উদ্যমীৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰ:

এডভাণ্টেজ আছামৰ প্ৰথম দিনাই তিনিচুকীয়াত জিলা পৰ্যায়ৰ অনুষ্ঠানত অংশ লোৱা ৪১ গৰাকী উদ্যমীয়ে জিলাখনত নতুনকৈ ২৬৯.৭৫ কোটি টকা বিনিয়োগ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । ইয়াৰ দ্বাৰা ১১৫৪ জন কৰ্মচাৰীৰ প্ৰত্যক্ষ নিযুক্তি সম্ভৱ হৈ উঠিব বুলি আজি এডভাণ্টেজ আছামৰ জিলা পৰ্যায়ৰ প্ৰথম সন্মিলনতে জিলা আয়ুক্ত‌ স্বপ্নীল পালে তুমূল হৰ্ষধ্বনিৰ মাজত আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সন্মিলনৰ প্ৰথম দিনৰ সামৰণিত জিলা আয়ুক্তগৰাকীয়ে লগতে কয়, “কাইলৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় দিনৰ সন্মিলনতো আন ভালেসংখ্যক আগ্ৰহী উদ্যমী বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ বাবে চুক্তিবদ্ধ হ'ব বুলি আমি আশাবাদী । এই পদক্ষেপে তিনিচুকীয়া জিলাৰ ঔদ্যোগিক জিলা হিচাপে থকা পূৰ্বৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাৰ লগতে জিলাখনৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।”

যোৰহাটত ৫৮৬ কোটি টকা বিনিয়োগ (ETV Bharat Assam)

যোৰহাটত ৫৮৬ কোটি টকা বিনিয়োগ:

এডভাণ্টেজ অসম ২.০ ৰ লগত সংগতি ৰাখি আজি যোৰহাট জিলাত ৫ লাখৰ পৰা ৫০ কোটিৰ ভিতৰত উদ্যোগৰ পৰিকল্পনা কৰা জিলাখনৰ উদ্যোগীসকলৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰৰ এটি বিশেষ অনুষ্ঠান সম্পন্ন হয় । জিলা আয়ুক্ত জয় শিৱানী, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, তিতাবৰ সম-জিলা আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তই জিলাখনৰ ৭৬ গৰাকী উদ্যোগপতিৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ।

উক্ত অনুষ্ঠানতে জিলাখনৰ বিভিন্ন বেংক বিষয়াসকলে ৯. ১১ কোটি টকাৰ বিপৰীতে ২৪ গৰাকী উদ্যোগীক আনুষ্ঠানিকভাৱে ঋণৰ অনুমোদন পত্ৰ বিতৰণ কৰে । জিলাখনত মুঠ বিনিয়োগৰ ধনৰাশি হৈছে ৫৮৬ কোটি টকা ।

Advantage Assam 2.0, Many investors invest in each district
বিশ্বনাথত ৪৫ গৰাকী বিনিয়োগকাৰীৰ বুজাবুজি চুক্তিত স্বাক্ষৰ (ETV Bharat Assam)

বিশ্বনাথত ৪৫ গৰাকী বিনিয়োগকাৰীৰ বুজাবুজি চুক্তিত স্বাক্ষৰ:

বিশ্বনাথত ৪৫ গৰাকী বিনিয়োগকাৰীয়ে স্বাক্ষৰ কৰিলে ৫০ খন বুজাবুজি চুক্তিত । এডভান্টেজ অসম ২.০ ৰ কাৰ্যসূচী হিচাপে জিলাখনৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিব প্ৰায় দুশ কোটি টকা । বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত বিশ্বনাথৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত বিভিন্ন ক্ষেত্ৰত থলুৱা উদ্যোগীসকলৰ লগত ব্যৱসায় বৃদ্ধিৰ বাবে জিলা পৰ্যায়ত এক বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান আয়োজিত কৰা হয় ।

এই প্ৰচেষ্টাৰ লগত সংগতি ৰাখি, মঙলবাৰে ৫ লাখৰ পৰা ৫০ কোটি টকাৰ ভিতৰত বিনিয়োগৰ পৰিকল্পনা কৰা ৪৫ গৰাকী ইচ্ছুক বিনিয়োগকাৰীয়ে বিশ্বনাথত লগত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে । জিলাখনত মুঠ ৪৫ গৰাকী ইচ্ছুক বিনিয়োগকাৰীয়ে বিভিন্ন উদ্যোগীক ক্ষেত্ৰত প্ৰায় দুশ কোটি টকা বিনিয়োগ কৰিব । এই অনুষ্ঠানৰ আৰম্ভণিতে, গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয় ভাৱে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰা এডভান্টেজ অসম ২.০ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ উদ্ধোধনী অনুষ্ঠানৰ পোনপটীয়াকৈ সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় ।

নগাঁৱত বিনিয়োগ চুক্তিত স্বাক্ষৰ ৩১ গৰাকী ক্ষুদ্ৰ উদ্যোগপতিৰ (ETV Bharat Assam)

নগাঁৱত বিনিয়োগ চুক্তিত স্বাক্ষৰ ৩১ গৰাকী ক্ষুদ্ৰ উদ্যোগপতিৰ:

অসম চৰকাৰৰ এডভাণ্টেজ আছাম ২.০ য়ে সুখবৰ কঢ়িয়াই আনিছে নগাঁওবাসীৰ বাবেও । চৰকাৰৰ এডভাণ্টেজ অসম ২.০ ৰ শুভ উদ্বোধনৰ দিনাই নগাঁৱতো বিনিয়োগ চুক্তিত স্বাক্ষৰ কৰে নগাঁৱৰ কেইবাগৰাকী ক্ষুদ্ৰ উদ্যোগপতিয়ে । অসমক ভাৰতৰ এক অন্যতম শ্ৰেষ্ঠ বিনিয়োগৰ গন্তব্য স্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজিত এডভাণ্টেজ আছাম ২.০ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ লগত সংগতি ৰাখি মঙলবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত বিভিন্ন ক্ষেত্ৰত থলুৱা উদ্যোগীসকলৰ লগত ব্যৱসায় বৃদ্ধিৰ বাবে জিলা পৰ্যায়ত এক বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ।

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত ৫৯ বিনিয়োগকাৰীৰ স্বাক্ষৰ:

এডভাণ্টেজ আছাম ২.০ উপলক্ষে মঙলবাৰে হাফলং সাংস্কৃতিক ভৱনত অনুষ্ঠিত এখন অনুষ্ঠানত ৫৯ জন বিনিয়োগকাৰীয়ে ডিমা হাছাও জিলা প্ৰশাসন আৰু ডি আই চি চিৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ উপস্থিতিত ৫৯ জন বিনিয়োগকাৰী পাহাৰীয়া জিলাত উদ্যোগ স্থাপনৰ বাবে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । এই ৫৯ গৰাকী বিনিয়োগকাৰীয়ে ডিমা হাছাও জিলাত মুঠ ৫২.৯০ কোটি টকা বিনিয়োগ কৰিব । ইয়াৰ উপৰি ডিমা হাছাও জিলাত চিমেণ্ট কাৰখানা স্থাপন কৰাৰ বাবে গুৱাহাটীৰ গোল্ডষ্টন চিমেণ্ট প্ৰাইভেট লিমিটেডৰ সৈতে এডভানটেজ অসম ২.০ সময়ত ডিমা হাছাও জিলা প্ৰশাসনৰ লগতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ।

লগতে পঢ়ক: এডভাণ্টেজ আছাম ২.০ : বুজাবুজি চুক্তিৰ বাবে দেশী-বিদেশী বিনিয়োগকাৰীৰ দীঘলীয়া শাৰী ! - ADVANTAGE ASSAM 2

বংগোপসাগৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ অপটিকেল ফাইবাৰ ! সম্ভাৱনীয়তা অধ্যয়নৰ আহ্বান মুখ্যমন্ত্ৰীৰ - ADVANTAGE ASSAM 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.