ETV Bharat / lifestyle

মনোকামনা পূৰ্ণ কৰিবৰ বাবে শিৱৰাত্ৰিৰ দিনা পালন কৰক এই নিয়ম - MAHA SHIVRATRI 2025

মহা শিৱৰাত্রিৰ দিনা কি উপায় অৱলম্বন কৰি আপুনি আপোনাৰ মনোকামনা পূৰ্ণ কৰিব পাৰিব এই সন্দৰ্ভত জনালে সংখ্যাতত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ।

Maha Shivratri
মনোকামনা পূৰ্ণ কৰিবৰ বাবে শিৱৰাত্ৰিৰ দিনা পালন কৰক এই নিয়ম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 7:09 AM IST

গুৱাহাটী: মহা শিৱৰাত্রিলৈ মাজত মাথোঁ এটা দিন বাকী । যদিহে আপোনাৰ জীৱনত কিবা সমস্যা চলি আছে বা আপোনাৰ বৈবাহিক সম্পৰ্কত কিবা বাধা আহি আছে, তেন্তে শিৱৰাত্রিৰ দিনা কেইটামান সৰু উপায় অৱলম্বন কৰি আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব ।

মনোকামনা পূৰ্ণ কৰিবলৈ শিৱ পূজাৰ দিনা কৰক এই বিশেষ কামটো

যদিহে কিবা এটা কামত আপুনি বহুদিনৰ পৰা যুঁজি আছে তথাপি সেই কামটো আপোনাৰ সম্পূৰ্ণ হোৱা নাই বা মনোকামনা পূৰ্ণ হোৱা নাই তেন্তে এই উপায় কৰিব লাগিব । উপায়টোৰ বাবে আপোনাক লাগিব ৬ টা তিনিটা পাতযুক্ত নিখুঁত বেলপাত, ফুল থকা লং, গোটা চাউল আৰু মৌ । শিৱৰাত্রিৰ দিনা পুৱাতেই উঠি, পাৰিলে পুৱা 7 বজাৰ পৰা 8 বজাৰ ভিতৰত এই কামটো কৰিব পাৰিলে ভাল । যদিহে অসুবিধা হয় তেন্তে 12 বজাৰ আগতে কৰিব ।

শিৱৰাত্রিৰ দিনা পুৱাতে গা ধুই প্ৰথমে সূৰ্য প্ৰণাম কৰিব ৷ তাৰ পাছত এখন কাঁহীত সেই বেলপাত 6 টা ভালদৰে সজাই ল'ব । তাৰ পাছত অনামিকা আঙুলিৰে প্ৰতিটো বেলপাতত একোটা ফোট দিব । তাৰ পাছত দুটাকৈ চাউল প্ৰতিখন বেলপাতত লগাই দিব আৰু দুটাকৈ ফুল থকা লং প্ৰতিখিলা পাতত দি যাব ।

তাৰ পাছত 'ঔম নমঃ শিৱাই' এই মন্ত্ৰটো 108 বা 1008 বাৰ জপ কৰিব । মন্ত্ৰটো জপ কৰোতে আপোনালোকৰ মনোকামনাটোও কৈ যাব । তাৰ পাছত ধূপ-চাকি জ্বলাই কাঁহীখন তেনেদৰে থাকিবলৈ দিব ।

তাৰ পাছত সেইদিনা ৰাতি 8 বজাৰ পাছত সেই থালখন লৈ তাৰ লগত এটা ঘটিত গাখীৰ, গঙ্গাজল, মৌ, তিল আৰু ঘিঁউ মিহলি কৰি এটা শিৱ মন্দিৰলৈ যাব । তাত গৈ মা পাৰ্বতী আৰু শিৱ বাবাক ভালদৰে আৰধনা কৰি সেই কাঁহীখনত থকা বেলপাতকেইটাত আকৌ এবাৰ মৌ লগাই শিৱলিঙ্গত এখন এখনকৈ অৰ্পণ কৰিব ।

তাৰ পাছত ঘটিত লৈ যোৱা সামগ্ৰীখিনি লিংগত ঢালি দিব । লগতে দানপাত্ৰত কিবা এটা অৰিহণা দি ভালদৰে আৰধনা কৰিব । উভতি অহাৰ সময়ত পিছলৈ ঘূৰি নাচাব ।

সম্পৰ্ক ভালে ৰাখিবৰ বাবে শিৱ পূজাৰ দিনা কৰক এই কাম

শিৱ পূজাৰ দিনা এটা মৌৰ বটল কিনি আনিব । তাৰ পাছত দুখন পাণ ল'ব, লগতে লাগিব চন্দনৰ গুড়ি । 10 বজাৰ আগত এই কামটো কৰিব পাৰিলে খুবেই ভাল, নোৱাৰিলে 12 বজাৰ আগতে কৰিব । পাণখন ভালদৰে ধুই শুকুৱাই ল'ব, তাৰ পাছত চন্দনৰ গুড়িৰ লগত অকণমান সেন্দুৰ মিহলি কৰি তাত কেঞা আঙুলিটোৰে পাণখনত এটা ফোট দিব ।

তাৰ পাছত প্ৰথম পাণখনত নিজৰ নামটো লিখি যোগ চিন এটা দি আপোনাৰ প্ৰেমিক বা প্ৰেমিকা, নহ'লে স্বামী-স্ত্ৰীৰ নামটো লিখিব । লগতে দ্বিতীয় পাণখনত আপুনি সম্পৰ্কটোৰ পৰা কি বিচাৰিছে সেইটো লিখিব । তাৰ পাছত পাণ দুখন এখন কাঁহীত থৈ তাত পাৰিলে গোলাপৰ পাহি কেইটামান ওপৰত দি, পাণ দুখনত মৌ লগাই দিব । লগতে দুটাকৈ ইলাচি পাণ দুখনত দিব ।

তাৰ পাছত 'ঔম নমঃ শিৱাই' এই মন্ত্ৰটো জপ কৰোতে আপোনালোকৰ মনোকামনাটোও কৈ দিব । ৰাতি 8 বজাৰ পাছত সেই থালখন লৈ এটা শিৱ মন্দিৰলৈ যাব । যোৱাৰ আগতে পাণ দুখন মেৰিয়াই লৈ, ৰঙা সূতাৰে ভালদৰে বান্ধি ল'ব । মন্দিৰত গৈ ভালদৰে প্ৰাৰ্থনা কৰি সেই পাণ দুখিলা শিৱলিংগত অৰ্পণ কৰিব । যেতিয়া উভতি আহিব তেতিয়া পিছলৈ উভতি নাচাব ।

লগতে পঢ়ক :মহামৃত্যুঞ্জয় মন্দিৰ: ধৰ্মীয় পৰ্যটনৰ অন্যতম কেন্দ্ৰস্থলত শিৱৰাত্ৰিৰ মহা আয়োজন - MAHA MRITYUNJAY TEMPLE
লগতে পঢ়ক :শিৱৰাত্ৰিত উমানন্দলৈ ভক্তক অনা-নিয়াৰ বাবে বিশেষ ফেৰীৰ ব্যৱস্থা জল-পৰিবহণ বিভাগৰ - MAHA SHIVRATRI 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.