ৰাৱালপিণ্ডি: ৰাচিন ৰবীন্দ্ৰৰ শতকেৰে নিউজীলেণ্ডক চেম্পিয়নছ ট্ৰফী ২০২৫ত একেৰাহে দ্বিতীয়টো জয় পঞ্জীয়ন কৰে । সোমবাৰে ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত বাংলাদেশক ৫ উইকেটত পৰাস্ত কৰে নিউজীলেণ্ডে । নিউজীলেণ্ডে ৪৬.১ অভাৰত ৫ উইকেট বাংলাদেশে নিৰ্ধাৰণ কৰি দিয়া ২৩৭ ৰাণৰ লক্ষ্যত উপনীত হয় আৰু ছেমি ফাইনেলত স্থান নিশ্চিত কৰে ৷
ছেমি ফাইনেলত নিউজীলেণ্ড-ভাৰত
এই জয়ৰ জৰিয়তে আয়োজক পাকিস্তান আৰু বাংলাদেশ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে নিউজীলেণ্ড আৰু ভাৰতে ছেমি ফাইনেলত স্থান দখল কৰিছে । ২ মাৰ্চ দেওবাৰে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন এতিয়া আনুষ্ঠানিকতাত পৰিণত হৈছে আৰু কোনটো দলে গ্ৰুপত শীৰ্ষস্থান দখল কৰিব সেইটো নিৰ্ণয় কৰিব ।
INTO THE SEMIS 🤩
— ICC (@ICC) February 24, 2025
A third-successive final-four appearance for India at the #ChampionsTrophy 👏 pic.twitter.com/N8kR0rhRMy
প্ৰতিযোগিতাৰ পৰা বাহিৰ পাকিস্তান-বাংলাদেশ
পাকিস্তান আৰু বাংলাদেশে দুখনকৈ মেচত পৰাজয়ৰ সন্মুখীন হৈছে । নিউজীলেণ্ডৰ বিৰুদ্ধে পাকিস্তান ৬০ ৰাণত পৰাস্ত হোৱাৰ বিপৰীতে ভাৰতে ৬ উইকেটত পৰাস্ত কৰে । আনহাতে বাংলাদেশে অভিযানৰ প্রথমখন খেলত ভাৰতৰ হাতত ৬ উইকেটত আৰু দ্বিতীয়খন খেলত নিউজীলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত হয়৷
New Zealand make it two wins in two games, and are into the #ChampionsTrophy 2025 semi-finals 🤩 pic.twitter.com/UwPpYWPfp5
— ICC (@ICC) February 24, 2025
বাংলাদেশক ৫ উইকেটত পৰাস্ত কৰে নিউজীলেণ্ডে
সোমবাৰৰ খেলখনৰ কথা ক’বলৈ গ’লে, ৰাৱালপিণ্ডিৰ পিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত নিউজীলেণ্ড আৰু বাংলাদেশৰ মাজত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ষষ্ঠখন খেল অনুষ্ঠিত হয় । এই মেচত নিউজীলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি বেংগল টাইগাৰছে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৩৬ ৰাণ সংগ্ৰহ কৰে । বাংলাদেশৰ অধিনায়ক নাজামুল হাছান শান্তোৱে ৭৭ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে লোয়াৰ অৰ্ডাৰ বেটছমেন জাকিৰ আলীয়ে ৪৫, ৰছিদ হুছেইনে ২৬ আৰু অ’পেনাৰ তাঞ্জিদ হাছানে ২৪ ৰাণ সংগ্ৰহ কৰে ।
Michael Bracewell spun a web around Bangladesh, claiming a four-for to win the @aramco POTM award 👏#ChampionsTrophy pic.twitter.com/D5uvS6vybv
— ICC (@ICC) February 24, 2025
নিউজীলেণ্ডৰ হৈ মাইকেল ব্ৰেচৱেলে ১০ অভাৰত ২৬ ৰাণত ৪ উইকেট দখল কৰে । উইল অ’ৰ’ৰ্কে ২টা উইকেট দখল কৰাৰ বিপৰীতে মেট হেনৰী আৰু কাইল জেমিছনে এটাকৈ উইকেট দখল কৰে । ইফালে কিৱি দলটোৰ আৰম্ভণি আশাপ্ৰদক নাছিল আৰু কেন উইলিয়ামছনে ৫ ৰাণত পেভিলিয়নলৈ উভতি আহে ৷ ইফালে পাকিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰা উইল ইয়ঙে কোনো ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল । এনে পৰিস্থিতিত ৰাচিন ৰবিন্দ্ৰই প্ৰথমে ডেভন কনৱেৰ সৈতে ৫৭ ৰাণৰ অংশীদাৰিত্ব আৰু তাৰ পিছত টম লেথামৰ সৈতে ১২৯ ৰাণৰ অংশীদাৰিত্ব কৰি বাংলাদেশৰ পৰা খেলখন কাঢ়ি লৈ যায় ।
Heroics from Michael Bracewell and Rachin Ravindra guide New Zealand to a win over Bangladesh 👏#ChampionsTrophy #BANvNZ 📝: https://t.co/EUWoijE9q9 pic.twitter.com/Fl49n8uFxT
— ICC (@ICC) February 24, 2025
ডেভন কনৱে ৩০ ৰাণত আউট হোৱাৰ বিপৰীতে ৰাচিন ৰবিন্দ্ৰই ১১২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে ৷ তেওঁ কেৱল লাথামৰ সৈতে শতকীয় অংশীদাৰিত্ব সম্পূৰ্ণ কৰাই নহয়, শতকো সম্পূৰ্ণ কৰিছিল । অন্তিম মুহূৰ্তত লাথামে ৫৫ ৰাণ সংগ্ৰহ কৰি ৰাণ আউট হৈছিল যদিও এই উইকেট হেৰুৱাই নিউজীলেণ্ডত কোনো প্ৰভাৱ পেলাব পৰা নাছিল কাৰণ ৪৭ নং অভাৰত কিৱি দলে ৫ উইকেটৰ লক্ষ্যত উপনীত হৈছিল । বাংলাদেশৰ হৈ তাস্কিন আহমেদ, নাহিদ ৰাণা, মুস্তাফিজুৰ ৰহমান আৰু ৰছিদ হুছেইনে এটাকৈ উইকেট দখল কৰে ।