ETV Bharat / bharat

ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 95টা স্থানত জৰুৰীভাৱে প্ৰয়োজন বেৰৰ - INDO BANGLADESH BORDER

বি এছ এফৰ মতে ভাৰতীয় ভূখণ্ডত অবৈধ কাৰ্যকলাপ আৰু ভাৰতবিৰোধী উপাদানসমূহৰ প্ৰৱেশ কৰাটো বন্ধ কৰিবলৈ অচিৰেই বেৰ দিয়াটো প্ৰয়োজন ৷ গৌতম দেৱৰয়ৰ প্ৰতিবেদন ৷

Indo Bangladesh Border
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 4:02 PM IST

নতুন দিল্লী : ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে (বি এছ এফ) স্থাপন কৰা সীমান্ত বেৰৰ ফলত বাংলাদেশৰ ফালৰ পৰা নতুনকৈ প্ৰতিৰোধৰ সন্মুখীন হৈছে । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ মতে, আন্তঃৰাষ্ট্ৰীয় সীমাৰ 150 গজৰ ভিতৰত কমেও 95 টা এনে স্থান আছে, য'ত জৰুৰী ভিত্তিত বেৰ দিয়াৰ প্ৰয়োজন আছে ।

বি এছ এফৰ মুখপাত্ৰ শুভেন্দু ভৰদ্বাজে ইটিভি ভাৰতক কয়, "অবৈধ কাৰ্যকলাপ বন্ধ কৰিবলৈ আৰু ভাৰতীয় ভূখণ্ডৰ ভিতৰত ভাৰতবিৰোধী উপাদানসমূহৰ প্ৰৱেশ কৰাটো বন্ধ কৰিবলৈ বেৰ দিয়াটো প্ৰয়োজনীয় ।"

বি এছ এফৰ তথ্য অনুসৰি, ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ (আই বি আই বি) 150 গজৰ ভিতৰত, কিন্তু পৰম্পৰাগত বেৰৰ বাহিৰত ভাৰতৰ ফালে 80 খনতকৈও অধিক গাঁও আছে । এই গাঁওবোৰ পশ্চিমবংগ, অসম, মেঘালয় আৰু ত্ৰিপুৰাত বিস্তৃত হৈ আছে ।

উন্মুক্ত সীমান্ত

1985 চনৰ ঐতিহাসিক অসম চুক্তিৰ ফলত বাংলাদেশৰ সৈতে ভাৰতৰ 4096.7 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত বেৰ দিয়াৰ বাবে কাম আৰম্ভ হয় । ইয়াৰ ভিতৰত 2015 চনৰ ডিচেম্বৰলৈকে 3,326.14 কিলোমিটাৰ অনুমোদিত সীমান্ত বেৰৰ ভিতৰত 2,708.77 কিলোমিটাৰ কাঁইটীয়া তাঁৰৰ বেৰ দিয়া সম্পূৰ্ণ হয় ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, 2023-24 চনলৈকে 3,196.70 কিলোমিটাৰ সীমান্ত বেৰৰ দ্বাৰা আৱৰি আছে । এই তথ্যই এইটো দেখুৱায় যে পৰৱৰ্তী ন বছৰত মাত্ৰ 487.93 কিলোমিটাৰ সীমান্ত বেৰহে দিয়া হৈছে । গৃহ মন্ত্ৰণালয়ৰ সীমান্ত বেৰৰ ক্ষেত্ৰত বিলম্বিত মনোভাবৰ ফলত ২০১৫ চনৰ পিছত বেৰৰ কাম লেহেমীয়া হৈ পৰে, যাৰ ফলত ৯০০ কিলোমিটাৰ সীমান্ত উন্মুক্ত হৈ আছে ।

1975 চনৰ ভাৰত-বাংলাদেশ যুটীয়া নিৰ্দেশনাৱলীত আন্তৰ্জাতিক সীমাৰ (শূন্য ৰেখা) 150 গজৰ ভিতৰত প্ৰতিৰক্ষা গাঁথনি নিৰ্মাণ নিষিদ্ধ কৰা হৈছে আৰু ভাৰতে তাঁৰৰ বেৰক প্ৰতিৰক্ষা গাঁথনি হিচাপে শ্ৰেণীবদ্ধ কৰা নাই ।

সুৰক্ষা প্ৰত্যাহ্বান

ভাৰত আৰু বাংলাদেশৰ মাজেৰে 54 খন সৰু-বৰ নদী বৈ গৈছে । যাৰ বাবে সেই অঞ্চলবোৰত বেৰ দিয়াৰ কাম একেবাৰে অসম্ভৱ কৰি তুলিছে । বাংলাদেশভিত্তিক সন্ত্ৰাসবাদী গোট আনছাৰুল্লাহ বাংলা দল (এ বি টি)ৰ সন্ত্ৰাসবাদী মডিউল অসম আৰু পশ্চিমবংগত উদ্ধাৰ হোৱাৰ পিছত উন্মুক্ত সীমান্তৰ দ্বাৰা উদ্ভৱ হোৱা নিৰাপত্তা প্ৰত্যাহ্বানবোৰৰ ওপৰত পুনৰ গুৰুত্ব আৰোপ কৰা হৈছে । তদুপৰি, ভাৰত-বাংলাদেশ সীমান্তত পাকিস্তানভিত্তিক জৈশ-ই-মহম্মদৰ কৰ্মীসকলৰ গতিবিধিয়েও ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ উদ্বেগৰ সৃষ্টি কৰিছে ।

নতুনকৈ কৰা প্ৰয়াস আৰু প্ৰত্যাহ্বানসমূহ

শূন্য ৰেখা অঞ্চলত নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত বাংলাদেশৰ তীব্ৰ আপত্তিৰ বাবে ভাৰতৰ সীমান্তত বেৰ দিয়া কামৰ প্ৰয়াস বাধাগ্ৰস্ত হৈছে । শ্বেখ হাছিনাৰ আৱামী লীগৰ শাসনকালত ভাৰতে মালদা জিলাৰ চাবদালপুৰ গাঁৱত সীমান্ত স্তম্ভৰ 150 কিলোমিটাৰ ভিতৰত একক শাৰীৰ বেৰ স্থাপন কৰাৰ নিজৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি বাংলাদেশৰ বি জি বিৰ পৰা সন্মতি গ্ৰহণ কৰিছিল । অৱশ্যে বেৰ দিয়াৰ কাম হাতত লোৱা হোৱা নাছিল ।

আন্তৰ্জাতিক সীমাৰ 150 গজৰ ভিতৰত বাস কৰা গাঁওবাসীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ

বংগৰ মানৱ অধিকাৰ সুৰক্ষ মঞ্চ চমুকৈ মাছুমৰ (Manab Adhikar Surksha Mancha, MASUM) মতে, আন্তৰ্জাতিক সীমাৰ 150 গজৰ ভিতৰত বাস কৰা স্থানীয় কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সময়মতে বিক্ৰী কৰিবলৈ বজাৰত উপস্থিত হ'ব নোৱাৰে । কিয়নো তেওঁলোকে পুৱাতে বজাৰত উপস্থিত হ'বলৈ প্ৰায়ে নিশাটো অপেক্ষা কৰিব লাগে ।

"সাধাৰণতে গে'টখন পুৱা 7-8 বজালৈ কেতিয়াও খোলা নহয় । এই বিলম্বৰ ফলত তেওঁলোকে উপাৰ্জন হেৰুৱায় আৰু কৃষি বাণিজ্যত অসুবিধা হয় ।" মাছুমৰ সচিব কীৰিতি ৰয়ে ইটিভি ভাৰতক কয় ।

বহু সময়ত মাছুমে পশ্চিমবংগ চৰকাৰ, কেন্দ্ৰৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এন এইচ আৰ চি) আগত ৰাইজে সন্মুখীন হোৱা সমস্যাবোৰ উত্থাপন কৰি আহিছে ।

"গে'ট খোলাৰ সময়সূচীৰ বাবে শিশুসকলে টিউচন আৰু অন্যান্য শৈক্ষিক সুবিধা গ্ৰহণৰ বাবে সময় মতে উপস্থিত হোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় । আৱাসীসকলে অতি কষ্ট অবিহনে চিকিৎসা সুবিধা লাভ কৰা বা আনকি পাৰিবাৰিক অনুষ্ঠান যেনে বিবাহৰ ব্যৱস্থা কৰিবলৈও সক্ষম নহয় । গাঁওখনত সুৰক্ষিত খোৱাপানী, পথ সংযোগ আৰু জলসিঞ্চন ব্যৱস্থাৰ দৰে অত্যাৱশ্যকীয় সুবিধাৰো অভাৱ আছে । যাৰ ফলত গে'ট খোলাৰ সীমিত সময়ৰ ফলত হোৱা সমস্যাবোৰ অধিক বৃদ্ধি পাইছে ।" ৰয়ে কয় ।

উল্লেখ্য যে মাছুম হৈছে সামাজিক কৰ্মী, পেছাদাৰী, চিকিৎসক আৰু উকীলসকলৰ এক সংগঠন । এই সংগঠনটোৱে প্রান্তিক লোকসকলৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰিবলৈ আৰু তেওঁলোকৰ প্ৰণালীবদ্ধ বৈষম্য হ্ৰাস কৰিবলৈ কাম কৰে ।

"ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা 150 গজৰ ভিতৰত প্ৰায় 80,000 লোকে বাস কৰে, যিসকলে দৈনিক প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হয় ।" ৰয়ে কয় ।

লগতে পঢ়ক :বাংলাদেশৰ এটা মথাউৰি হৈ পৰিছে ত্ৰিপুৰাৰ বাবে চিন্তাৰ কাৰণ - BANGLADESH EMBANKMENT ISSUE

এন এইচ আৰ চিলৈ পত্ৰ

এন এইচ আৰ চিলৈ লিখা এখন শেহতীয়া পত্ৰত ৰয়ে কোচবিহাৰ জিলাৰ শুকাৰুকুটি গাঁও পঞ্চায়তত অৱস্থিত সীমান্তৱৰ্তী গাঁও সেউতী-2 ত সীমান্ত গে'ট খোলাৰ ওপৰত থকা নিষেধাজ্ঞাৰ দ্বাৰা গাঁওবাসীয়ে নিৰ্যাতনৰ সন্মুখীন হৈ অহাৰ অভিযোগ উত্থাপন কৰে ।

"সেউতী-2 হৈছে ভাৰত-বাংলাদেশ সীমান্তৰ কোচবিহাৰ জিলাৰ এখন গাঁও । ইয়াত সংখ্যালঘু মুছলমানৰ 43 টা পৰিয়ালৰ 83 জন লোকে সীমান্ত বেৰৰ অধীনত বাস কৰে । সকলো পৰিয়ালে বছৰ বছৰ ধৰি তেওঁলোকৰ পৈতৃক ভূমিত বাস কৰি আহিছে আৰু তেওঁলোকে তেওঁলোকৰ দৈনন্দিন উদ্দেশ্যৰ বাবে 17 নম্বৰ গে'ট ব্যৱহাৰ কৰে, যিখন কুশাহাত বি অ' পি-কোম্পানী 90 বি এন বি এছ এফৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় ।" ৰয়ে কয় ।

কৃষি আৰু কৃষি পথাৰত দিনহাজিৰা হৈছে সেউতী-2 অঞ্চলৰ এই লোকসকলৰ মুখ্য জীৱিকা । এই সীমান্ত অঞ্চলত এই গাঁৱৰ লোকসকলৰ 380 বিঘা কৃষিভূমি আছে, য'ত তেওঁলোকে বিভিন্ন পাচলি উৎপাদন কৰে । কিন্তু সীমান্ত বেৰৰ গে'টে তেওঁলোকৰ কৃষি, জীৱিকা আৰু তাতোকৈ গুৰুত্বপূৰ্ণভাৱে তেওঁলোকৰ জীৱনৰ ওপৰত ভয়ংকৰভাৱে প্ৰভাৱ পেলাইছে । কিয়নো এই সীমান্ত বেৰৰ গে'টৰ ওপৰত থকা নিষেধাজ্ঞাৰ বাবে তেওঁলোকৰ ঘৰ, পথাৰ, বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ, বজাৰ আদিত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত সীমিত স্বাধীনতাহে আছে ।

"ভাৰত চৰকাৰৰ ৰীতি-নীতি আৰু নিয়ম অনুসৰি, গৃহ মন্ত্ৰণালয়, সীমান্ত সুৰক্ষা বাহিনী সঞ্চালকালয়ে 13 বছৰ পূৰ্বে 17 নং গে'ট সমগ্ৰ দিনটোৰ বাবে মুকলি কৰি ৰাখিছিল । কিন্তু পৰৱৰ্তী সময়ত বি এছ এফে এই গে'ট খোলাৰ সময়সীমা হ্ৰাস কৰে । বৰ্তমান এই গে'টখন দিনত তিনিবাৰকৈ কেৱল এঘণ্টাৰ বাবেহে খোলা থাকে (পুৱা 7 বজাৰ পৰা 8 বজালৈ, পুৱা 11 বজাৰ পৰা দিনৰ 12 বজালৈ আৰু আবেলি 4 বজাৰ পৰা সন্ধিয়া 5 বজালৈ) । ইয়াৰ বাহিৰেও গে'টখন খোলাৰ পিছত গাঁওবাসীয়ে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিবলৈ 40-50 মিনিট সময় লাগে । সেয়েহে বেছিভাগ সময়তে গাঁওবাসীয়ে সময়ৰ অভাৱৰ বাবে গে'ট পাৰ হ'ব নোৱাৰে । এই পৰিস্থিতিৰ ফলত অঞ্চলবোৰত বহুতো দুৰ্ভাগ্যজনক ঘটনাও সংঘটিত হয় ।" ৰয়ে কয় ।

ৰয়ৰ মতে, এই পৰিস্থিতিয়ে শিশুৰ শিক্ষাক প্ৰভাৱিত কৰিছে, যাৰ ফলত আধাতে স্কুল এৰাৰ প্ৰৱণতা বৃদ্ধি কৰে । "আনকি গুৰুতৰভাৱে অসুস্থ লোক, গৰ্ভৱতী মহিলাসকলকো স্বাস্থ্য কেন্দ্ৰত উপনীত হ'বলৈ উল্লিখিত সময়ৰ বাহিৰে গে'টৰ দ্বাৰা প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয় । এই লোকসকলৰ জীৱন সম্পূৰ্ণৰূপে কাঁইটীয়া তাঁৰৰ বেৰৰ মাজত আবদ্ধ হৈ আছে । ই তেওঁলোকক অধিক দুৰ্বল কৰি তুলিছে আৰু ভাৰতৰ আন নাগৰিকসকলৰ পৰা ব্যৱধান সৃষ্টি কৰিছে । এই সমগ্ৰ পৰিস্থিতিয়ে এই লোকসকলৰ আৰ্থ-সামাজিক অৱস্থাকো প্ৰভাৱিত কৰে ।" তেওঁ কয় ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ২০২৫ : কন্যা সন্তানৰ বিৰুদ্ধে বৈষম্য ৰোধৰ দৃঢ় বাৰ্তা প্ৰধানমন্ত্ৰীৰ - NATIONAL GIRL CHILD DAY 2025
লগতে পঢ়ক :শ্ৰীনগৰৰ জলাশয়ক লৈ বিশেষ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ - JK TOURISM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.