তিনিচুকীয়া: সদৌ অসম মটক ছাত্ৰ সন্থাৰ ২৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস তিনিচুকীয়া জিলাৰ পানীতোলাৰ জনপ্ৰিয় যুৱক সংঘৰ খেলপথাৰত বৃহস্পতিবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । এই প্ৰতিষ্ঠা দিৱসত কৃষিমন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাক প্ৰদান কৰা হয় 'বেংমৰা সমন্বয় বঁটা' ।
সদৌ অসম মটক ছাত্ৰ সন্থাই অসমৰ সমাজ জীৱনলৈ বিশেষভাৱে অৱদান আগবঢ়াই যোৱা একোজন সমাজহিতৈষী ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে । এইবছৰ 'বেংমৰা সমন্বয় বঁটা' কৃষিমন্ত্ৰী অতুল বৰাক প্ৰদান কৰা হয় । এই বঁটাত আছে এখনি মটক জনগোষ্ঠীৰ গামোচা, চেলেং,মটক জনগোষ্ঠীৰ জাতীয় সাজপাৰ,পাগুৰী,শৰাই,এখন মটক জনগোষ্ঠীৰ দা,এটা জাপি, এখন সম্বৰ্ধনা পত্ৰ আৰু নগদ এক লাখ টকাৰ চেক ৷
এই বঁটা গ্ৰহণ কৰি কৃষিমন্ত্ৰী অতুল বৰাই কয় ,“ গৰিমামণ্ডিত সামাজিক,সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ অসমৰ এটি প্ৰাচীন জনগোষ্ঠী মটকসকলৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাই জন্মৰ ২৮ বছৰ অতিক্ৰমি ২৯ বছৰত ভৰি দিলেহি । তিনিচুকীয়া জিলাৰ পানীতোলাৰ বালিজান জনপ্ৰিয় যুৱক সংঘৰ খেলপথাৰত আয়োজিত সংগঠনটোৰ ২৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত সংগঠনটোৱে আমাক বেংমৰা সমন্বয় বঁটা ২০২৫ আগবঢ়াই । এই বঁটাৰ বাবে আমি কিমান যোগ্য,সেয়া নাজানো । কিন্তু এই সন্মান আমি সমাজৰ প্ৰতি এক গভীৰ দায়িত্বস্বৰূপ হিচাপে উপলব্ধি কৰিছো ।"
মন্ত্ৰীগৰাকীয়ে পুনৰ কয়,"এনে দায়িত্বই সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা,সেৱাক অধিক সুদৃঢ় কৰে, দেশৰ স্বাৰ্থত,জাতিৰ স্বাৰ্থত আপোচহীনভাৱে কাম কৰি যাবলৈ প্ৰেৰণা যোগায় । বেংমৰা সমন্বয় বঁটাও আমাৰ বাবে তেনে এক গধুৰ দায়িত্ব হিচাপে গ্ৰহণ কৰিছো । এই বিশেষ দিনটোত মটক জনগোষ্ঠীৰ অন্যতম পুৰোধা ব্যক্তি, সু-শাসন তথা সমন্বয়ৰ প্ৰতীক মহান ৰজা সৰ্বানন্দ সিংহদেৱক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো । "
উক্ত অনুষ্ঠানত সদৌ অসম মটক ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দিগন্ত নেওগ, উপদেষ্টা উৎপল বৰুৱা আৰু পদ্মলোচন বৰুৱা, সভাপতি সঞ্জয় হাজৰিকা,কাৰ্যকৰী সভাপতি শচীন বৰুৱা,সাধাৰণ সম্পাদক সুলভজ্যোতি শইকীয়া, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাকে প্ৰমুখ্যে মটক জনগোষ্ঠীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকে ।