ETV Bharat / state

কাৰ দ্বাৰা প্ৰহৃত হ’ল বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি ! বিক্ষোভ ছাত্ৰসমাজৰ - ATTACK ON DU PG SU PRESIDENT

হঠাৎ প্ৰতিবাদমুখৰ হৈ পৰিল নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ সমুখভাগ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিক আক্ৰমণৰ অভিযোগ ।

Protest against attack on Dibrugarh University PG Students Union president
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিক আক্ৰমণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 5:33 PM IST

আমগুৰি: নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ চলি থকাৰ মাজতে সংঘটিত হয় এক বিক্ষিপ্ত ঘটনা । অভিযোগ-ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি যুগল কিশোৰ গগৈক প্ৰহাৰ একাংশ উদণ্ড যুৱকৰ । ছাত্ৰ একতা সভাৰ সভাপতিগৰাকীক নিশা প্ৰায় ১১ বজাত প্ৰহাৰ কৰে একাংশ যুৱকে ।

বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হোৱা নাটকৰ প্ৰতিযোগিতা চলি থকা সময়তে সৃষ্টি হয় মাৰপিটৰ ঘটনা । নামতি মহাবিদ্যালয় কতৃপক্ষই এই সন্দৰ্ভত ব্যৱস্থা নোলোৱাত শুকুৰবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে নামতিৰ মহাবিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি উত্তাল কৰি তোলে পৰিৱেশ । ন্যায় নোপোৱা পৰ্যন্ত ছাত্ৰসকলে এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি উল্লেখ কৰে ।

প্ৰতিবাদমুখৰ হৈ পৰিল নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ সমুখভাগ (ETV Bharat)

জানিব পৰামতে বৃহস্পতিবাৰে নিশা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি থকাৰ সময়তে একাংশ যুৱকে অশ্লীল বাক্য প্ৰয়োগ কৰাত সভাপতি যুগল কিশোৰ গগৈয়ে শান্ত কৰিবলৈ চেষ্টা কৰে। পৰৱৰ্তী সময়ত সভাপতি যুগল কিশোৰ গগৈক উদণ্ড যুৱকে বুকু, মুখ, পেটত ঘুচিয়াই আঘাতপ্ৰাপ্ত কৰে ।

নিশা সংঘটিত এই ঘটনাৰ পিছতে শুকুৰবাৰে পুৱাৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । 'আমাক ন্যায় লাগে' শ্ল'গানেৰে ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক কাৰ্যসূচী বৰ্জন কৰে । এই ঘটনাৰ পিছতে নামতি মহাবিদ্যালয়ৰ অধ্যক্ষই নামতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ একতা সভাৰ সভাপতি যুগল কিশোৰ গগৈয়ে কয়,"ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত কৰাত যথেষ্ট ত্ৰুটি হৈছিল । মহাবিদ্যালয়খনৰ বিভিন্ন ক্ষেত্ৰত ভুল দেখা পাইছিলোঁ । ইয়াৰ স্থানীয় ছাত্ৰসকলে বিভিন্ন অশোভনীয় মন্তব্য কৰিছিল । এইক্ষেত্ৰত তেওঁলোকক বাধা দিওতে তেওঁলোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মৰ্যাদা হানি কৰিবলৈ চেষ্টা চলাইছিল । তেওঁলোকে আক্ৰমণ কৰিছিল, যাৰ বিৰুদ্ধে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ।"

লগতে পঢ়ক: দুষ্প্ৰাপ্য জীৱকূল ৰক্ষাৰ হেতু সৃজনাত্মক কলাৰ জৰিয়তে সজাগতা সৃষ্টিত ব্ৰতী এজন যুৱ শিল্পী - VOICE OF ARTWORK

'বেংমৰা সমন্বয় বঁটা' গ্ৰহণ কৰি ৰজা সৰ্বানন্দ সিংহক স্মৰণ অতুল বৰাৰ - BENGMORA SAMANNAY AWARD 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.