ETV Bharat / state

সাৱধান গুৱাহাটীবাসী ! বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে গুৱাহাটীত; নলবাৰী-নগাঁৱলৈয়ো অশনি সংকেত - AIR POLLUTION

গুৱাহাটীৰ বায়ু প্ৰদূষণ অতি বেয়াৰ ফালে গতি কৰিছে । দেশৰ ভিতৰতে প্ৰদূষিত চহৰ বর্ণিহাটতকৈও গুৱাহাটীৰ বায়ুৰ গুণমান বেয়া হৈছে । দিল্লীৰ প্ৰদূষণৰ মাত্ৰাকো অতিক্ৰম ।

Air pollution in Guwahati
বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে গুৱাহাটীত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 8:43 PM IST

গুৱাহাটী : অভাৱনীয় বায়ু প্ৰদূষণৰ কৱলত পৰিছে গুৱাহাটীকে ধৰি অসমৰ নলবাৰী আৰু নগাঁও চহৰ । পৰিস্থিতিয়ে এই পর্যায় পাইছেগৈ যে দিল্লীৰ প্ৰদূষণৰ মাত্ৰাকো চেৰাইছে গুৱাহাটীয়ে । কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি, যোৱা ২০ জানুৱাৰীৰ পৰা আজি পর্যন্ত ৰাজ্যৰ গুৱাহাটী, নলবাৰী আৰু নগাঁৱৰ বায়ুৰ গুণমান নিম্নগামী হৈ 'বেয়া' শ্ৰেণীত অন্তর্ভুক্ত হৈছে ।

কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদ আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰপৰা লাভ কৰা তথ্য অনুসৰি, শুকুৰবাৰে গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক (AQI) বৃহস্পতিবাৰতকৈও অৱনমিত হৈ ৩৪২ হৈছে । ইয়াৰ বিপৰীতে দিল্লীৰ এ কিউ আই ২৩৯ । দেশৰ ভিতৰতে প্ৰদূষিত অঞ্চল বুলি কুখ্যাতি অর্জা বর্ণিহাটতকৈও (২৫৪) শুকুৰবাৰে গুৱাহাটীৰ বায়ুৰ গুণমান বেয়া বুলি কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্যত প্রকাশ পাইছে ।

Air pollution in Guwahati
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৱেবছাইটত প্ৰকাশিত তথ্য (Central Pollution Control Board)

উল্লেখ্য যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এ কিউ আই ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ৰ ভিতৰত থাকিলে সন্তোষজনক, ১০১-২০২ ভিতৰত থাকিলে মধ্যমীয়া আৰু ২০১-৩০০ৰ ভিতৰত থাকিলে বেয়া, ৩০১-৪০০ৰ ভিতৰত থাকিলে অতি বেয়া হিচাপে সংজ্ঞায়িত কৰিছে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি, যোৱা ২০ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৪০ (বেয়া), নলবাৰীত ২১২ ‌(বেয়া), নগাঁৱত ২১২ (বেয়া) আছিল । ঠিক সেইদৰে ২১ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৭৭ (বেয়া), নলবাৰীত ২০৭ (বেয়া), নগাঁৱত ২০৪ (বেয়া) আছিল ।

২২ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৯০ (বেয়া), নলবাৰীত ২৩১ (বেয়া), নগাঁৱত ২৮০ (বেয়া) আছিল । ২৩ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৯৬ (বেয়া), নলবাৰীত ২২৭ (বেয়া), নগাঁৱত ২৬৯ (বেয়া) আছিল । ২৪ জানুৱাৰীত অৰ্থাৎ শুকুৰবাৰে গুৱাহাটীত আই কিউ আই ৩৪২ (অতি বেয়া), নলবাৰীত ২১৭ (বেয়া), নগাঁৱত ২৭৫ (বেয়া) ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৱেবছাইটত প্ৰকাশিত তথ্য

তাৰিখ স্থান AQI পৰ্যায়
২০ জানুৱাৰীগুৱাহাটী ২৪০ বেয়া
নলবাৰী ২১২ বেয়া
নগাঁও ২১২ বেয়া
২১ জানুৱাৰী গুৱাহাটী ২৭৭ বেয়া
নলবাৰী ২০৭ বেয়া
নগাঁও ২০৪ বেয়া
২২ জানুৱাৰী গুৱাহাটী ২৯০ বেয়া
নলবাৰী ২৩১ বেয়া
নগাঁও ২৮০ বেয়া
২৩ জানুৱাৰীগুৱাহাটী২৯৬ বেয়া
নলবাৰী ২২৭বেয়া
নগাঁও ২৬৯ বেয়া
২৪ জানুৱাৰী গুৱাহাটী ৩৪২ অতি বেয়া
নলবাৰী ২১৭ বেয়া
নগাঁও ২৭৫ বেয়া

অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ মুখ্য পৰিৱেশ বিজ্ঞানী গৌতম কৃষ্ণ মিশ্রই ‘ইটিভি ভাৰতক কয়, "এই সময়ত প্ৰতিবছৰেই অসমৰ বিভিন্ন চহৰৰ বায়ুৰ গুণমান নিম্নগামী হয় । বৰষুণ আৰম্ভ হ'লে এপ্ৰিলত পৰিৱেশ ঠিক হ'ব । ব্ৰহ্মপুত্ৰৰ পৰা উৰি অহা বালি, পথৰ ধূলি, নির্মাণ কাৰ্যত উৰা ধূলি, যান-বাহনৰপৰা নিৰ্গত ধোঁৱা, নিকটৱৰ্তী বৰ্ণিহাটৰপৰা উৰি অহা ধোঁৱা আদিৰ বাবেই গুৱাহাটীৰ বায়ুৰ গুণমান নিম্নগামী হৈছে ।”

তেওঁ কয়, "গুৱাহাটীত বায়ু প্ৰদূষণ সন্দৰ্ভত গুৱাহাটী আই আই টিয়ে এক অধ্যয়ন কৰিছিল । এই অধ্যয়নত প্ৰকাশ পোৱা মতে, ৬০ শতাংশ বায়ু প্ৰদূষণ গুৱাহাটীত পথৰ ধূলিৰ পৰা হয় । উদ্যোগৰ পৰা বায়ু প্ৰদূষণৰ মাত্ৰা যথেষ্ট কম ।"

উল্লেখ্য যে যান-বাহনৰপৰা হোৱা প্ৰদূষণ, ব্ৰহ্মপুত্ৰ আৰু অন্য উপনৈৰপৰা উৰা ধূলি, অবৈধ নদী আৰু পাহাৰ খনন, ইটাভাটাৰ ধোঁৱা, চহৰাঞ্চলত কোনো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা নোলোৱাকৈ অব্যাহত থকা চৰকাৰী-বেচৰকাৰী নির্মাণ তথা আন্তঃগাঁথনি, উন্নয়নমূলক কাৰ্যৰ বাবেই ৰাজ্যৰ বিভিন্ন চহৰৰ বায়ুৰ গুণমান শোচনীয় হৈ পৰিছে ।

তেওঁ লগতে কয়, "যোৱা বছৰৰ তুলনাত গুৱাহাটীৰ বায়ুৰ গুণমান এইবাৰ অধিক নিম্নগামী হোৱা নাই । গুৱাহাটীত ছালফাৰ-ডাই অক্সাইড আদিৰ দৰে ক্ষতিকাৰক গেছৰ মাত্ৰা নিৰ্দিষ্ট মাত্ৰাৰ ভিতৰতে আছে ।"

গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সৈতে বর্ণিহাটৰ সম্পর্ক আছে বুলিও মিশ্রই কয় । মিশ্রই লগতে কয়, "গুৱাহাটী বা অন্য প্রদূষিত চহৰত আমি কুঁৱলী বুলি ভাবি থকাখিনি দৰাচলতে ধূলি-ধোঁৱা আৰু কুঁৱলীৰ মিশ্রিত সমষ্টি ।"

অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ মুখ্য পৰিৱেশ বিজ্ঞানী গৌতম কৃষ্ণ মিশ্ৰই কয় যে বেয়া এ কিউ আইৰ বায়ুত বেছি সময় থকাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । তেনে বায়ু নাকেৰে গৈ হাওঁফাওঁত সোমালে মানৱ দেহৰ ক্ষতি হয় বুলি মন্তব্য কৰি মিশ্ৰই অযথা তেনে পৰিৱেশলৈ ওলাই নহা, আহিবলগীয়া হ'লে মাস্ক পৰিধান কৰিহে ওলাই আহিবলৈ পৰামৰ্শ দিয়ে । কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি, ২০১-৩০০ এ কিউ আইৰ বায়ুত দীর্ঘ সময় ধৰি থাকিলে বেছিভাগ লোকৰেই উশাহ-নিশাহত সমস্যাৰ সৃষ্টি হয় । ১০১-২০০ৰ ভিতৰত এ কিউ আই হ'লেই এজমা থকা, হৃদৰোগ আৰু হাওঁফাওঁৰ ৰোগত আক্রান্ত লোকে উশাহ-নিশাহৰ সমস্যাত ভোগে ।

অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ মুখ্য পৰিৱেশ বিজ্ঞানী গৌতম কৃষ্ণ মিশ্রই কয়, "এই সময়ছোৱাত বৰষুণ কম হয় । এইবাৰ বৰষুণৰ পৰিমাণ কম হৈছে । বৰষুণ আহিলে প্ৰদূষণৰ মাত্ৰা স্বাভাৱিক হ'ব ।"

উল্লেখ্য, আঞ্চলিক বতৰ‌ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, অসমত যোৱা নৱেম্বৰত -৫৮ শতাংশ ঘাটি বৰষুণ হৈছিল । আকৌ অসমত যোৱা ডিচেম্বৰত -৮৩ শতাংশ যথেষ্ট ঘাটি বৰষুণ হৈছিল । এতিয়া বায়ু প্ৰদূষণ কম হোৱাৰ বাবে বৰষুণৰ অপেক্ষাৰ বাহিৰে অন্য উপায় নাই ।

লগতে পঢ়ক :কাৰ স্বাৰ্থত সলনি কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ দিশ ? - NH EXPANSION CONTROVERSY
লগতে পঢ়ক :ৰাজ্যৰ আদালতত ন্যায়ৰ অপেক্ষাত আছে প্ৰায় পাঁচ লাখ গোচৰ - GAUHATI HIGH COURT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.