ETV Bharat / state

সুৰাপানেই হ'ল কাল ! ভাগিনে ল'লে মোমায়েকৰ প্ৰাণ - BRUTAL MURDER IN GUWAHATI

মহানগৰীত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড । বাটামেৰে কোবাই কোবাই হত্যা কৰিলে মোমায়েকক ।

Nephew brutally killed Uncle in the drunken situation in Guwahati
ভাগিনে ল'লে মোমায়েকৰ প্ৰাণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 24, 2025, 9:09 PM IST

গুৱাহাটী: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক নৃশংস ঘটনা । অত্যধিক সুৰাপান কৰাৰ ফলত সৃষ্টি হোৱা কাজিয়াৰ পৰিণতিত ভাগিনীয়েকে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে মোমায়েকক । মৃত লোকজন হৈছে ২ নং মঠঘৰীয়া নিবাসী উদয় ৰায় চৌধুৰী । বৃহস্পতিবাৰে মাজনিশা গুৱাহাটীৰ মঠঘৰীয়াৰ সংহতি পথ অঞ্চলত সংঘটিত হৈছে এই ঘটনা ।

জানিব পৰামতে আন দিনাৰ দৰে ঘটনাৰ দিনাও নিশা একেলগে সুৰাপান কৰিছিল মঠঘৰীয়াৰ দূৰ সম্পৰ্কীয় ভাগিনীয়েক নৱজিত বসুমতাৰী আৰু মোমায়েক উদয় ৰায় চৌধুৰীয়ে । নিশা প্ৰায় ৯ মান বজালৈ একেলগে হাঁহি মাতি আছিল দুই মোমায়েক-ভাগিনীয়েক । তাৰ পিছত দুয়োজনে ওচৰৰ সুৰা বিপনীৰ পৰা মদ ক্ৰয় কৰে আৰু উদয় ৰায় চৌধুৰীৰ ঘৰত সুৰাৰ পাৰ্টী কৰে ।

ভাগিনে ল'লে মোমায়েকৰ প্ৰাণ (ETV Bharat Assam)

কিন্তু সুৰাপান কৰাৰ পিছত মাতাল হৈ পৰি দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় । পৰৱৰ্তী সময়ত সেই কাজিয়াই ভয়ংকৰ ৰূপ লয় । খঙৰ ভমকত সুৰাৰ ৰাগীত মাতাল নৱজিতে এডাল কাঠৰ বাটামেৰে উদয় ৰায় চৌধুৰীৰ মূৰত আঘাত কৰে । লগে লগে মজিয়াত ঢলি পৰে উদয় ৰায় চৌধুৰী । নিশাৰ ভাগত এই ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশৰ মাজতে উদয় ৰায় চৌধুৰীৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া লোক ওলাই আহি তেজেৰে লুতুৰি-পুতুৰি হৈ মাটিত পৰি থকা অৱস্থাত উদয় ৰায় চৌধুৰীক প্ৰত্যক্ষ কৰে ।

পিছত স্থানীয় লোকে ততালিকে নুনমাটি আৰক্ষীক খবৰ দিয়ে । কিছু সময়ৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মূমুৰ্ষ অৱস্থাত উদয়ক উদ্ধাৰ কৰে । আনহাতে এই ঘটনা সংঘটিত কৰি সেই স্থানৰ পৰা পলায়ন কৰে নৱজিত বসুমতাৰীয়ে । আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উদয় ৰায় চৌধুৰীক পৰিয়ালৰ লোকে ততালিকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাই যদিও শুকুৰবাৰে পুৱা প্ৰায় ৫ মান বজাত উদয়ৰ মৃত্যু হয় । ইতিমধ্যে নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ঘটনাৰ মূল অভিযুক্ত ৰাজাক । সম্প্ৰতি নুনমাটি থানাৰ লকআপত থকা ৰাজাক মাৰাথন জেৰা চলাই আছে আৰক্ষীয়ে ।

গুৱাহাটীৰ মঠঘৰীয়া হত্যাকাণ্ডৰ ঘটনাক লৈ উপ-আৰক্ষী আয়ুক্ত (মধ্য) অমিতাভ বসুমতাৰীয়ে কয়,"সুৰাৰ নিচাত মাতাল হৈ নৱজিত বসুমতাৰীয়ে উদয় ৰায় চৌধুৰীক পুৱতি নিশা মাৰপিট কৰিছিল । অধিক মদ্যপান কৰাৰ পিছত হোৱা কাজিয়াৰ পৰিণতিত এই মাৰপিটৰ ঘটনা সংঘটিত হৈছিল । কাঠৰ বাটামেৰে কোবাই কোবাই অভিযুক্তই হত্যা কৰিছিল উদয় ৰায় চৌধুৰীক ।"

তেওঁ লগতে কয়,"পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উদয় ৰায় চৌধুৰীৰ হাস্পতালত মৃত্যু হয় । ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক । কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল তাৰ তথ্য এতিয়ালৈ পোহৰলৈ অহা নাই যদিও ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ ।"

লগতে পঢ়ক: মন্ত্ৰী মহন্তই কাৰ ভৰিত পিন্ধালে ছেণ্ডেল ? একুৰি চাৰি বছৰীয়া প্ৰতিজ্ঞা পূৰণ হ'ল - AN HONEST POLITICAL WORKER

পত্নীক টুকুৰা টুকুৰকৈ কাটিয়েই ক্ষান্ত নাথাকিল, প্ৰেছাৰ কুকাৰত ৰান্ধিলেও - HYDERABAD MURDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.