মৰিগাঁও: এডভাণ্টেজ আছাম ২.০ শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰা দক্ষিণ কোৰিয়া, টাইৱান আৰু ফিলিপাইনছৰ প্ৰতিনিধিয়ে বুধবাৰে মৰিগাঁও জিলাৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য পৰিদৰ্শন কৰি হাতী আৰু জীপ ছাফাৰী উপভোগ কৰে ।
ইয়াৰ পূৰ্বে এডভাণ্টেজ আছাম ২.০ ৰ অন্তিম দিনটোত হৰদীপ সিং পুৰী, পীযুষ গোৱেল, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসকলৰ আগত মূল বিষয়ভিত্তিক অধিৱেশনসমূহ প্ৰদৰ্শন কৰা হয় । অসমৰ অর্থনৈতিক ৰোডমেপ, নীতিগত পদক্ষেপ, খণ্ডগত সুযোগ সন্দর্ভত আলোচনাও কৰা হয় ৷
ইতিমধ্যে এই শীৰ্ষ সন্মিলনে বিনিয়োগ আকৰ্ষণৰ ক্ষেত্ৰত এক বৃহৎ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে । প্ৰথম দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, অসমে ১৫ টা খণ্ডৰ কোম্পানীসমূহৰ সৈতে ১৬৪ খন বুজাবুজি চুক্তি স্বাক্ষৰ কৰি ১.৮৯ লাখ কোটিৰো অধিক মূল্যৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে ।
বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, "এডভাণ্টেজ আছাম ২.০ ৰ প্ৰথম দিনটোত আমি ১৫ টা খণ্ডৰ কোম্পানীসমূহৰ সৈতে ঐতিহাসিক ১৬৪ খন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিলো ৷ বিকশিত অসমৰ প্ৰতি আমাৰ দৃষ্টিভংগীক আগুৱাই নিবলৈ আনকি আন জিলাৰ পৰাও কেইবাটাও বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিলো" ৷
ৰাজ্যখনৰ ভূ-কৌশলগত সুবিধা আৰু বিনিয়োগৰ এক প্ৰধান গন্তব্যস্থান হিচাপে ইয়াৰ সম্ভাৱনাক প্ৰকট কৰি তুলি অসম চৰকাৰৰ বিনিয়োগ প্ৰসাৰ আৰু সুবিধা প্ৰদানৰ সৰ্ববৃহৎ পদক্ষেপ হৈছে এডভাণ্টেজ আছাম ৷ অসম কৌশলগতভাৱে ভাৰতৰ উত্তৰ-পূৱ অঞ্চলত অৱস্থিত, যিয়ে উত্তৰ-পূৱ ভাৰত আৰু দক্ষিণ-পূৱ এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে ।
ৰাজ্যখন চাহ বাগিচা আৰু পেট্ৰলিয়াম সম্পদৰ বাবে বিখ্যাত আৰু এতিয়া কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্তশিল্প, পৰ্যটন, তথ্য-প্ৰযুক্তিৰ দৰে খণ্ডত বৈচিত্ৰ্যময় ৰূপ লৈছে ।
ইয়াৰ পূৰ্বে সোমবাৰে মিছনৰ মুৰব্বীসকলে তেওঁলোকৰ পত্নী আৰু ৬০ খন দেশৰ কূটনীতিবিদসকলে আইকনিক সাৰনাথ প্ৰত্নতাত্ত্বিক স্থান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে । তেওঁলোকক সংগ দিয়ে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ।
এডভাণ্টেজ আছাম ২.০ ত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ ‘‘এক্ট ইষ্ট, এক্ট ফাষ্ট এণ্ড এক্ট ফাৰ্ষ্ট’’ নীতিৰ দ্বাৰা দেশৰ উত্তৰ-পূৱৰ ৰাজ্যই কেনেদৰে লাভৱান হৈছে, সেই বিষয়ে আলোকপাত কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে অঞ্চলটোৰ উন্নয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ।
তেওঁ কয় যে, উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাক বিভিন্ন বিষয়ৰ জৰিয়তে প্ৰত্য়ক্ষ কৰিব পাৰি ৷ য’ত বিভিন্ন পদক্ষেপ আৰু লক্ষ্যসমূহ কেনেকৈ পূৰণ কৰা হৈছে, তাৰ উল্লেখ থাকে ৷
লগতে পঢ়ক: এডভাণ্টেজ আছাম ২.০ : বিনিয়োগৰ মহা সন্মিলনত অসমত কাৰ কি বিনিয়োগৰ ঘোষণা ?