ETV Bharat / business

পাচি-খৰাহি নহয়, এইবাৰ বাঁহৰ পৰা হ'ব মোজা-অন্তৰ্বাস ! অসমলৈ আহিল এক অনন্য উদ্যোগ - BAMBOO SOCKS INDUSTRY IN ASSAM

এডভাণ্টেজ আছাম ২.০ সন্মিলনত বুধবাৰে কোম্পানীটোৱে অসম চৰকাৰৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । বিনিয়োগ কৰিব ৩৯ কোটি ।

Bamboo socks industry in Assam
অসমত বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা হ'ব ঔষধি গুণসম্পন্ন 'মোজা' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 8:11 PM IST

গুৱাহাটী : বাঁহৰ পৰা প্ৰস্তুত কৰা 'মোজা' ! শুনিবলৈ আচহুৱা যেন লাগিলেও বাঁহৰ পৰাই প্ৰস্তুত কৰা হৈছে মোজা । এই মোজা সাধাৰণ মোজা নহয় । বাঁহৰ পৰা প্ৰস্তুত কৰা এই মোজাৰ আছে ঔষধি গুণ । মধুমেহ ৰোগৰ ক্ষেত্রত বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা মোজা যথেষ্ট উপকাৰী । ইতিমধ্যে দেশৰ বিভিন্ন চিকিৎসালয়ত ইয়াৰ ব্যৱহাৰ হৈছে ।

বাঁহৰ ক্ষেত্রত বিশেষভাৱে চহকী অসমতো উৎপাদন হ'ব বাঁহৰ পৰা প্ৰস্তুত কৰা মোজা । দিল্লীৰ এই প্ৰকল্প এতিয়া অসমতো ৰূপায়ণ কৰা হ'ব । অসমতো বাঁহৰ পৰা প্ৰস্তুত কৰা হ'ব মোজা । মোজাৰ উপৰি বাঁহৰ পৰা প্ৰস্তত কৰা হ'ব অন্তৰ্বাস (আণ্ডাৰৱেৰ) ।

অসমত বাঁহৰ দ্বাৰা প্ৰস্তুত কৰা হ'ব ঔষধি গুণসম্পন্ন 'মোজা' (ETV Bharat Assam)

ডিমা হাচাওত হ'ব বাঁহৰ পৰা মোজা প্ৰস্তুত উদ্যোগ

দিল্লীৰ 'বাৰ্ডকাৰ্টছ' (birdcarts) নামৰ কোম্পানীটোৱে অসমত স্থাপন কৰিব ইয়াৰ এটা উৎপাদন গোট । ডিমা হাচাওত তেওঁলোকে স্থাপন কৰিব এই প্ৰকল্প । গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হৈ থকা এডভাণ্টেজ আছাম ২.০ সন্মিলনত বুধবাৰে কোম্পানীটোৱে অসম চৰকাৰৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ।

৩৯ কোটি টকা ব্যয়সাপেক্ষে 'বাৰ্ডকাৰ্টছ' নামৰ কোম্পানীটোৱে ডিমা হাচাওত স্থাপন কৰিব এই প্ৰকল্প । ইতিমধ্যে তেওঁলোকে স্থান পৰিদৰ্শন কৰি বিনিয়োগৰ বাবে আগবাঢ়ি আহিছে ।

Bamboo socks industry in Assam
বাৰ্ডকাৰ্টছৰ বাঁহৰ পৰা উৎপাদন কৰা মোজা (ETV Bharat Assam)

কি কি গুণ আছে এই বিশেষ মোজাৰ

খানাপাৰাত ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত 'বাৰ্ডকাৰ্টছ'ৰ সঞ্চালক হৰেৰাম মিশ্ৰাই কয়, "আমি বাঁহৰ আঁহৰ (ফাইবাৰ) পৰা মোজা প্ৰস্তুত কৰোঁ । য'ত ভেল্যু এডিচনৰ বাবে এল'ভেৰা ব্যৱহাৰ কৰা হয় । বাঁহ নিজেই এণ্টি বেকটেৰিয়েল । এল'ভেৰাও এণ্টি বেকটেৰিয়েল । মধুমেহ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক প্ৰস্তুত কৰা হৈছে । ছেনজিটিভ ছালৰ বাবেও এই মোজা যথেষ্ট উপযোগী ।"

তেওঁ লগতে কয়, "এল'ভেৰাৰ সংমিশ্ৰণৰে বাঁহৰ আঁহৰ দ্বাৰ প্ৰস্তুত কৰা এই মোজা অতি আৰামদায়ক । এই মোজাৰ দ্বাৰা গৰমত ঠাণ্ডাৰ আৰু ঠাণ্ডাত গৰমৰ অনুভৱ হয় । আনহাতে এই মোজা সাতৰ পৰা দহ দিন পৰ্যন্ত ব্যৱহাৰ কৰিলেও কোনো অসুবিধা নহয় । সাধাৰণতে কেইবাদিন ব্যৱহাৰ কৰিলে মোজাৰ পৰা গোন্ধ ওলায় । কিন্তু এই মোজাত তেনে কোনো বেয়া গোন্ধ নোলায় ।"

বাঁহৰ মোজাৰ গুণাগুণ সন্দৰ্ভত তেওঁ আৰু কয়, "বাঁহৰ পৰা প্ৰস্তুত কৰা এই মোজা গোন্ধ প্ৰতিৰোধী মোজা । এইটো দিল্লীৰ কোম্পানী আৰু মেন্যুফেকচাৰিঙৰ ক্ষেত্রত ইণ্টেলিজেন ফেব্ৰিক টেকন'লজীৰ সৈতে টাইআপ আছে । আমাৰ এই কোম্পানী ২০২২ চনৰ পৰা চলি আছে ।"

এই মোজাৰ চাহিদা কিমান

বাঁহৰ মোজাৰ চাহিদা সন্দৰ্ভত তেওঁ কয়, "বাঁহৰ আঁহৰ দ্বাৰা প্ৰস্তুত কৰা এই মোজাৰ যথেষ্ট চাহিদা আছে যদিও আমি প্ৰয়োজন অনুসৰি যোগান ধৰিব পৰা নাই । বছৰি আমাৰ ১৫ কোটি টকাৰ টাৰ্ণ-অ'ভাৰ হয় । আমি আমাৰ যোগান বৃদ্ধি কৰাৰ বাবে অসমৰ ডিমা হাচাওত আমাৰ এটা প্ৰকল্প স্থাপন কৰিম ।"

Bamboo socks industry in Assam
অসমত পোৱা বাঁহ (ETV Bharat Assam)

বিনিয়োগ কৰিব ৩৯ কোটি

এই গোটটোত কৰিবলগা বিনিয়োগ সন্দৰ্ভত তেওঁ কয়, "ইয়াৰ বাবে আমি ৩৯ কোটি টকা বিনিয়োগ কৰিম । আজি এই প্ৰকল্পৰ বাবে অসম চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তি হৈছে । অসমত বাঁহৰ উৎপাদন যথেষ্ট বেছি । ডিমা হাচাওত বাঁহৰ ভাল উৎপাদন হয় । আমি ডিমা হাচাও ভ্ৰমণ কৰি সেই অঞ্চল চাইছোঁ ।"

Bamboo socks industry in Assam
অসমত পোৱা বাঁহ (ETV Bharat Assam)

তেওঁ লগতে কয়, "৪০ হাজাৰ বৰ্গ ফুট এলেকাত এই প্ৰকল্পটো কৰা হ'ব । এই প্ৰকল্পটোৰ যোগেদি প্ৰত্যক্ষভাৱে ২৬০ নিযুক্তি হ'ব । আনহাতে, পৰোক্ষভাৱে দুই হাজাৰৰো অধিক লোক নিযুক্ত হ'ব । মোজাৰ উপৰি আণ্ডাৰৱেৰো প্ৰস্তুত কৰা হ'ব ।"

কি প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয় বাঁহৰ মোজা

বাঁহৰ দ্বাৰা মোজা প্ৰস্তুত কৰা প্ৰক্ৰিয়া সন্দৰ্ভত তেওঁ কয়, "কেমিকেলি প্ৰচেছিং কৰি প্ৰথমতে বাঁহৰ আঁহ উলিওৱা হয় । তাৰ পাছত সেই আঁহৰ পৰা সূতা প্ৰস্তুত কৰা হয় । সেই সূতাত এল'ভেৰা ব্যৱহাৰ কৰি সামগ্ৰী বনোৱা হয় । দেশৰ বিভিন্ন প্ৰান্তলৈ আমাৰ এই সামগ্ৰী যায় আৰু যথেষ্ট চাহিদা আছে ।"

লগতে পঢ়ক :অসমত স্থাপন হ’ব দ্বিতীয়টো ছেমিকণ্ডাক্টৰ প্ৰকল্প: কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ - SEMICONDUCTOR FABRICATION IN ASSAM
লগতে পঢ়ক :এডভাণ্টেজ আছাম ২.০ : বিনিয়োগৰ মহা সন্মিলনত অসমত কাৰ কি বিনিয়োগৰ ঘোষণা ? - ADVANTAGE ASSAM 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.