মৰিগাঁও: "যদি থাকে মনৰ সদিচ্ছা তেনেহলে বন্দিত্বই শিক্ষাৰ অধিকাৰ কেতিয়াও কাঢ়িব নোৱাৰে ।" এই উদ্দেশ্যৰেই নৱ-ভাৰত স্বাক্ষৰতা মিচনৰ অন্তৰ্গত 'উল্লাস' নামৰ অভিলাসী আঁচনিখনৰ অধীনত মৰিগাঁও জিলা কাৰাগাৰত জিলা শিক্ষা বিভাগে কাৰাবন্দীসকলৰ শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছিল এটি অধ্যয়ন কেন্দ্ৰ । চাৰিগৰাকী শিক্ষিত কাৰাৰুদ্ধ ব্যক্তিক স্বেচ্ছাসেৱক হিচাপে বাচনি কৰি নিৰক্ষৰ কাৰাবন্দীসকলক নিয়মানুসাৰে কাৰাগাৰৰ ভিতৰতেই নিতৌ প্ৰদান কৰিছিল শিক্ষা ।
ইয়াৰে ২৭ গৰাকী শিক্ষাৰ্থীয়ে দিয়া প্ৰথমটো পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত বুধবাৰে মৌচুমী বৰকাকতীসহিতে সতীৰ্থসকলৰ তত্বাৱধানত কাৰাগাৰৰ অধ্যয়ন কেন্দ্ৰত জিলা সত্ৰ ও মুখ্য ন্যায়াধীশ ৰমেন বৰুৱা, মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা, কাৰাগাৰ অধীক্ষক মানস কুমাৰ দাস, জেইলৰ মনামী হুজুৰী, জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া আৰু জিলা আঁচনি বিষয়া ৰোহিনী দত্ত উপস্থিতিত কাৰাৰুদ্ধ অৱস্থাত থকা ১৪ গৰাকীক শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । লগতে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা আন আন ১৩ গৰাকীকো প্ৰদান কৰা হ'ব শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ।
এইক্ষেত্ৰত মৰিগাঁও জিলা সত্ৰ ও মুখ্য ন্যায়াধীশ ৰমেন বৰুৱা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই সংবাদ মাধ্যমৰ আগত সৱিশেষ তথ্য সদৰী কৰে । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়,"মই পোন প্ৰথমে জিলা শিক্ষাবিভাগ তথা মৰিগাঁও জিলা কাৰাগাৰৰ সমূহ কৰ্তৃপক্ষক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম । ভাৰত চৰকাৰৰ এই আঁচনিখন অত্যন্ত সুন্দৰকৈ ৰূপায়ণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ ।"