গুৱাহাটী: অসম কংগ্ৰেছত থকা মুখ্যমন্ত্ৰী প্ৰেমীসকললৈ দলটোৰ হাইকমাণ্ডে দিব কঠোৰ সকীয়নি । সলনি হ’ব প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ! প্ৰদেশ কংগ্ৰেছক লৈ শেহতীয়াভাৱে চলি থকা বিশেষ ৰাজনৈতিক চৰ্চা এয়া ।
কিয়নো দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব এ আই চি চিৰ এক গুৰুত্বপূৰ্ণ বৈঠক । ২০২৬ ৰ অসমৰ বিধানসভা নিৰ্বাচনকেন্দ্ৰিক তৎপৰতাৰে অসম কংগ্ৰেছলৈ ৰাষ্ট্ৰীয় নেতৃত্বই দিব বিশেষ বাৰ্তা । দিল্লীত বৈঠক, জল্পনা-কল্পনা চলিছে অসমত— অচিৰেই ২০২৬ ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সলনি হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব । অসমত কংগ্ৰেছ দলত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাপ্ৰেমী নেতা হটাও অভিযান চলোৱাত কঠোৰ হ’ব কংগ্ৰেছ হাইকমাণ্ড ।
কংগ্ৰেছত মুখ্যমন্ত্ৰীপ্ৰেমী নেতা হটাও অভিযান:
অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই জনোৱা মতে দলটোত মুখ্যমন্ত্ৰীৰ প্ৰতি আনুগত্যশীল নেতাক সম্পূৰ্ণ নাকী লগাবলৈ প্ৰস্তুত হৈছে কংগ্ৰেছ হাইকমাণ্ড ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কঠোৰ হৈছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আম্বানী-আদানী আদিক লৈ এডভাণ্টেজ আছাম ২.০ ক লৈ গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত হৈ থকাৰ সময়ত মঙলবাৰে দিল্লীত অসমৰ সাংসদসকলক লৈ কংগ্ৰেছ দলে দিছিল এখন বিশেষ সংবাদমেল । কেন্দ্ৰীয় নেতা পৱন খেৰাও য’ত উপস্থিত আছিল ৷
সাংসদ ৰকিবুল হুছেইনে সেউজীয়া ফাইল উলিয়াই দিল্লীৰ সংবাদ মাধ্যমৰ আগত খুঁচৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি বিতৰ্কৰ অধ্যায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অধিক আক্ৰমণাত্মক হোৱাৰ স্পষ্ট ইংগিতকে বহন কৰিলে এই সংবাদমেলে ৷ এই প্ৰসংগতো হাইকমাণ্ডৰ পৰা বাৰ্তা অহাৰ সম্ভাৱনা অসম কংগ্ৰেছলৈ ৷
২৭ ফেব্ৰুৱাৰীত দিল্লীত কিহৰ বৈঠক:
বৃহস্পতিবাৰ, ২৭ ফেব্ৰুৱাৰীত হ’বলগীয়া বৈঠকলৈ কংগ্ৰেছ হাইকমাণ্ডে দিল্লীলৈ তলব কৰিছে প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক বিষয়ববীয়াক । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আই, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ সভাপতি, প্রদেশ কংগ্ৰেছ সেৱা দলৰ সভাপতি তথা বিষয়ববীয়াসকলক তলব কৰিছে হাইকমাণ্ডে দিল্লীলৈ ৷
এই প্ৰসংগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, “নিশ্চিতভাৱে এই সভা নিৰ্বাচনকেন্দ্ৰিক সভাই হ’ব । ২০২৬ ৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই এই সভা হ’ব । তাতকৈ বেলেগ বিষয়ে স্থান পাব বুলি মোৰ ভাব নহয় । নিৰ্বাচনী ৰণপ্ৰস্তুতি আৰু দিহা-পৰামৰ্শসমূহ আলোচনা কৰিব বুলিয়েই মই জানিছো ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাক এইদৰে মাতি নিছিল ৰাষ্ট্ৰীয় নেতৃত্বই । তেতিয়া তৰুণ গগৈদেৱ মুখ্যমন্ত্ৰী আছিল, অঞ্জন দত্তদেৱ সভাপতি আছিল । সকলোৰে মতামত গ্ৰহণ কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব” ৷
কংগ্ৰেছ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি দিল্লীত বাহৰ পাতি আছেগৈ প্ৰাক্তন সাংসদ ৰিপুণ বৰা, এ পি চি চিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰকে ধৰি বহু কেইগৰাকী কংগ্ৰেছ নেতা ৷ দিল্লীত উপস্থিত হৈছেগৈ বহুসংখ্যক কংগ্ৰেছী বিধায়ক-সাংসদ ৷
নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে বৈঠকলৈ কেৱল যে অসমৰ নেতা-কৰ্মীকে কংগ্ৰেছ হাইকমাণ্ডে মাতিছে এনে নহয় । পশ্চিমবংগ, কেৰালা আদি যি কেইখন ৰাজ্যত বিধানসভা নিৰ্বাচন আসন্ন, সেই আটাইকেইখন ৰাজ্যৰে বিষয়ববীয়াসকলৰ সৈতেও দিল্লীলৈ মাতি নি পৰ্যায়ক্ৰমে কংগ্ৰেছ হাইকমাণ্ডে আলোচনা কৰিব । বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব অসমৰ বিষয়ববীয়াৰে বৈঠক ।
সঁচাকৈ সলনি হ’ব নেকি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব:
যোৱা কিছুদিন ধৰি মাজে মাজে চৰ্চা হৈ থকা এটা বিষয় হ’ল —প্ৰদেশ কংগ্ৰেছৰ সভাপতি সালসলনি । ২৭ ফেব্ৰুৱাৰীৰ বৈঠকখনক লৈ প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাল-সলনিৰ সম্ভাৱনাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । চৰ্চা হৈছে, সালসলনি হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিকেন্দ্ৰিক দুটা বিষয় এতিয়া বিশেষভাৱে কংগ্ৰেছ শিবিৰত বহুলভাৱে চৰ্চিত হৈছে ৷ প্ৰথমটো হ’ল— আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কৰিব পাৰে কেন্দ্ৰীয় নেতৃত্বই । কংগ্ৰেছৰ শীৰ্ষ সূত্ৰ অনুসৰি ভূপেন বৰাৰ পৰিৱৰ্তে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিবলৈ আগ্ৰহী কংগ্ৰেছ হাই কমাণ্ড । কিন্তু সকলোৰে সন্মতি অবিহনে দায়িত্ব ল’বলৈ সাজু নহয় গৌৰৱ গগৈ । সেয়ে আন কোনোবা এজন মূৰকত গৈ এ পি চি চিৰ সভাপতি হ’লেও আচৰিত হ’বলগীয়া নাথাকিব ৷
দ্বিতীয়টো বিষয় হ’ল, ভূপেন বৰাক সভাপতিৰ দায়িত্বত ৰাখি কংগ্ৰেছৰ এটি পক্ষই গৌৰৱ গগৈক প্ৰধান মুখ হিচাপে ৰাখিয়েই কংগ্ৰেছে ২০২৬ ৰ বিধানসভা নিৰ্বাচন খেলাটো বিচাৰিছে । বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই সভাপতি সলনি হোৱাৰ বিষয়টো প্ৰসংগত অজ্ঞতা প্ৰকাশ কৰি কয়, “এনে কোনোধৰণৰ কথা আমাৰ জ্ঞাত নহয় । এয়া সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিহে । সন্মুখত ২০২৬ ৰ বিধানসভা নিৰ্বাচন । সেয়ে আমাৰ লক্ষ্য নিৰ্বাচনহে” ৷