গুৱাহাটী: বুধবাৰে সন্ধিয়া সামৰণি পৰিল এডভাণ্টেজ অসম ২.o বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হৈ যোৱা এডভাণ্টেজ অসম ২.o ত আদানী-আম্বানীৰ পৰা আৰম্ভ কৰি দেশ-বিদেশৰ ৩০০ ত কৈও অধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰে । অংশগ্ৰহণ কৰে বহুকেইখন দেশৰ ৰাষ্ট্ৰদূতৰ উপৰিও আন আন বাণিজ্যিক প্ৰতিনিধিয়ে ৷
গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এই দুদিনীয়া সন্মিলনখনিত মুঠ প্ৰায় ৪.৫ লাখ কোটিতকৈও অধিক ধন বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱা বুলি সন্মিলনৰ শেষত মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ । প্ৰাৰম্ভিকভাৱে ৪.৫ লাখ কোটিতকৈও অধিক বুলি ক’লেও মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত সামাজিক মাধ্যম এক্সযোগে অসমত মুঠ ৪৯১,৫০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ কথা সদৰী কৰে ।
The Advantage Assam 2.0 Investment and Infrastructure Summit 2025 concluded with investment commitments in Assam totaling ₹491,500 crore.
— Himanta Biswa Sarma (@himantabiswa) February 26, 2025
এক্সত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে, “এডভাণ্টেজ আছাম ২.০ আজি সফলতাৰে যৱনিকা পৰে । দুদিনীয়া বৃহৎ সন্মিলনখনত ৪,৯১,৫০০ কোটি টকাৰ অভিলেখ বিনিয়োগ আৰু আন্তঃগাঁথনিৰ প্ৰস্তাৱেৰে আমি সমৃদ্ধ হৈছো” ৷
“অসমত আস্থা আৰু বিশ্বাস ৰক্ষা কৰা সমূহ উদ্যোগপতিলৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ ৷ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ অসমকেন্দ্ৰিক নীতিসমূহৰ বাবে আজিৰ এই মুহূৰ্তত বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ”—সন্মিলনখনি সফলভাৱে অনুষ্ঠিত হৈ যোৱাত এইদৰে কৃতজ্ঞতা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

৪,৯১,৫০০ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱ প্ৰাৰম্ভিক তথ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে সংবাদমেলযোগে সবিশেষ অৱগত কৰিব বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কাইলৈ মই সবিশেষ আপোনালোকক জনাম ৷ কিন্তু এতিয়াৰ তথ্যমতে আমি ৬ ৰ পৰা ৭ লাখ টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আমি পাইছো । অহা চাৰি বছৰলৈ যিবোৰ প্ৰস্তাৱ ৰূপান্তৰ কৰিব পাৰিম সেইবোৰ আমি সূক্ষ্মভাৱে পৰীক্ষা কৰি আছো ৷ সংখ্যাতকৈ গুণগত মানতহে আমি গুৰুত্ব দিছো । কিন্তু আমি ক’বই লাগিব যে অসমৰ দৰে এখন ৰাজ্যৰ বাবে ৪.৫ লাখ কোটি টকাৰো অধিক বিনিয়োগ আৰু আন্তঃগাঁথনিৰ প্ৰস্তাৱ এক বৃহৎ সফলতা ৷ অসমৰ বাবে এয়া এক বিশেষ মুহূৰ্ত । মই নিশ্চিত যে এতিয়াৰ পৰা পৰৱতী সময়ত অসমে এক ব্যতিক্ৰমী যাত্ৰা লাভ কৰিব । আশা কৰো ভাৰতৰ প্ৰেক্ষাপটত অসম এখন উল্লেখনীয় অৱদানকাৰী ৰাজ্যত পৰিণত হ’ব” ৷

কি কি খণ্ডত এইবাৰৰ এডভাণ্টেজ আছামত আটাইতকৈ বেছি বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে অসমে ? মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত জনালে- “মোৰ ধাৰণা, হাইড্ৰ’কাৰ্বন, খনি, নব্য শক্তি ৷ — এই তিনিটা খণ্ডত বেছি প্ৰস্তাৱ আছে লগতে পমি কৃষি, হৰ্টিকালচাৰ আৰু পশুপালনতো বহু প্ৰস্তাৱ লাভ কৰিবলৈ সক্ষম হৈছো’’ ৷