ডিব্ৰুগড়: অসমৰ শৈক্ষিক ক্ষেত্ৰৰ বাবে আহিছে আন এক ভাল খবৰ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব জাপানীজ ভাষাৰ পাঠ্যক্ৰম । অসমৰ বৌদ্ধিক আৰু উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় ।
ৰাজ্যৰ লগতে বহিঃৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আহিছে । ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিশ্ববিদ্যালয়খনক কেন্দ্ৰীয় চৰকাৰে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰিছে । ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২০২৪ বৰ্ষত আৰম্ভ হৈছে কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম ।
উজনি অসমৰ উচ্চ শিক্ষাৰ বাটকটীয়া স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম চলি থকাৰ মাজতে চলিত বৰ্ষৰ পৰা আৰম্ভ হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জাপানীজ ভাষাৰ পাঠ্যক্ৰম । বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হয় জাপানৰ এটি প্ৰতিনিধি দল । ইয়াৰ পাছতে সংবাদমেল অনুষ্ঠিত কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিলে এই কথা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জাপানীজ ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ ইতিমধ্যে বিশ্ববিদ্যালয়ে জাপানৰ ফাউণ্ডেশ্যনৰ লগত চুক্তিবদ্ধ হৈছে ।
চলিত বৰ্ষৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব জাপানীজ ভাষাৰ পাঠ্যক্ৰম:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জাপানৰ প্ৰতিনিধি দল উপস্থিত হোৱা পাছতে বিশ্ববিদ্যালয়ত সভাকক্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কার্যালয়ৰ সঞ্চালক সুৰজিত বৰকটকীয়ে কয়, "ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইতিমধ্যে কোৰিয়ান ভাষাৰ চাৰ্টিফিকেট আৰু ডিপ্লমা পাঠ্যক্ৰম আৰম্ভ হৈছে । জাপানত যিহেতু অসমৰ যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ স্থল আছে । তেনেস্থলত ছাত্ৰ- ছাত্ৰীয়ে জাপানীজ ভাষা শিকি ল'ব পাৰিলে কৰ্মসংস্থাপন লাভ কৰিবলৈ সুবিধা হ'ব । এইক্ষেত্ৰত চৰকাৰ আগবাঢ়ি আহিছে ।"
তেওঁ লগতে কয়, "ইতিমধ্যে জাপানৰ ফাউণ্ডেশ্যনে এইক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে চুক্তিবদ্ধ হৈছে । সেয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাপানীজ ভাষাটো ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা কৰিছে । বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ নৰ্থ-ইষ্ট জাপান কাৰাবান অনুষ্ঠানৰ জড়িয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক জাপানৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে তিনিখন এনিমেছন ছবি প্ৰদৰ্শন কৰিব । বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান হ'ব । ৮০০ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠান উপভোগ কৰিবলৈ সুযোগ লাভ কৰিব । জাপানীজ ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ ক্ষেত্ৰত জাপানৰ ফাউণ্ডেশ্যন আৰু অসম চৰকাৰে সহযোগিতা কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ক । এই বৰ্ষৰ নতুন পাঠ্যক্ৰম আৰম্ভ হ'লেই জাপানীজ ভাষাৰ পাঠ্যক্ৰম আৰম্ভ হ'ব ।"