যোৰহাট: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে যোৰহাট দ-গাঁও গৰখীয়া দ'লত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে মহাশিৱৰাত্ৰি । আজি পৱিত্ৰ দিনটোত মহাদেৱক আৰাধনা কৰাৰ উদ্দেশ্যে বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় গৰখীয়া দ'লত, সকলো ভক্তপ্ৰাণ ৰাইজে ধূপ-চাকি জ্বলাই আৰু নৈবেদ্য আগৱঢ়াই দেৱৰো দেৱ মহাদেৱক আৰাধনা কৰা দেখা যায় । এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে জাগ্ৰত শক্তিপীঠ গৰখীয়া দ'ল শিৱ মন্দিৰত ।
এজন গৰখীয়া ল'ৰাৰ প্ৰাণৰ বিনিময়ত প্ৰতিষ্ঠা হৈছিল যোৰহাটৰ গৰখীয়া দ'ল:
পূৰ্বপুৰুষৰ পৰাই যোৰহাট নগৰৰ উত্তৰ প্ৰান্তত থকা গৰখীয়া দ'ল শিৱ মন্দিৰত পূজা-অৰ্চনা চলি আহিছে । প্ৰবাদ অনুসৰি গৰখীয়া দ'ল প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে উক্ত স্থানত আই নামেৰে এখন নদী আছিল । উক্ত নদীখনত গৰখীয়া ল'ৰা-ছোৱালীয়ে বালিৰ দ'ম বনাই দ'ল সাজিছিল । তেওঁলোকে সেই বালিৰ দ'লত ধেমালি কৰি বিভিন্ন কাৰ্য সম্পাদন কৰিছিল ।
বালিৰ দ'লত প্ৰত্যেক দিনাই সকলো গৰখীয়াই পাল পাতি একোটা ফৰিং আনি বিৰিণা পাতেৰে কাটি দিছিল ৷ কিন্তু এদিন এজন গৰখীয়া ল'ৰাই ফৰিং আনিব নোৱাৰিলে, ফলত উক্ত স্থানত থকা বালিৰ দ'লত তেওঁ কলে যে বিৰিণা পাতেৰে তেওঁৰ ডিঙিটোকে কাটি দিয়ক ৷ ফলত বিৰিণা পাতখিলা গৰখীয়া ল'ৰাজনৰ ডিঙিত দিয়াৰ লগে লগে ডিঙিটো সুলকি গৈছিল ।
তাৰ পিছতে নিশাৰ ভাগত গাঁওখনৰ ৰাইজক উক্ত স্থানত এটা দ'ল নিৰ্মাণ কৰিবলৈ সকলোকে সপোনত দেখুৱাইছিল । ফলত ৰাইজে উক্ত স্থানত প্ৰথমতে খেৰেৰে এটা দ'ল নিৰ্মাণ কৰি পূজা-অৰ্চনা কৰে । জনশ্ৰুতি অনুসৰি এনেকৈয়ে উক্ত স্থানতেই গৰখীয়া দ'ল স্থাপন হৈছিল আৰু এই গৰখীয়া দ'ল আজিও জাগ্ৰত মন্দিৰ হিচাপে বিবেচিত হৈ আহিছে ।
দ'লত যদি ভকত-বৈষ্ণৱে পৱিত্ৰ মনেৰে শৰাই আৰু মাননি আগবঢ়াই তেন্তে ভক্তৰ মনোকামনা পূৰণ হয় বুলি কোৱা হয় । এইদৰে গৰখীয়া দ'লৰ জন্ম সম্পৰ্কে জনালে দ'লৰ এজন ভকতে । জনবিশ্বাস আছে যে জাগ্ৰত গৰখীয়া দ'লত ভকত-বৈষ্ণৱে চাকি-বন্তি, শৰাই আগবঢ়ালে ভক্তৰ মনোকামনা পূৰণ হয় । সেয়েহে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভক্তৰ সোঁত বয় আৰু আজি মহাশিৱৰাত্ৰিৰ দিনটোত যোৰহাট গৰখীয়া দ'লত প্ৰায় বিশ সহস্ৰাধিক ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় ।