যোৰহাট : কলকাতাত মঙলবাৰে এটা কাপোৰ নিয়া ট্ৰলীৰ ভিতৰত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মৃতদেহটো আছিল যোৰহাটৰ এগৰাকীৰ মহিলাৰ । মঙলবাৰে এটা মৃতদেহ টুকুৰা-টুকুৰ কৰি ট্ৰলীত ভৰাই গংগাত পেলাবলৈ নিয়া অৱস্থাত ধৰা পৰিছিল দুগৰাকী মহিলা ।
শেহতীয়াভাৱে হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ পৰিচয় জানিব পৰা গৈছে । তেওঁক যোৰহাটৰ সুনীতা ঘোষ (৫৫) বুলি চিনাক্ত কৰা হৈছে ।
সুনীতা ঘোষ নামৰ মহিলাগৰাকীক কলকাতাত নৃশংসভাৱে হত্যা কৰি মৃতদেহটো কেইবা টুকুৰা কৰি ট্ৰলী বেগত ভৰাই গংগাঘাটত পেলাবলৈ লোৱাৰ সময়তে ধৰা পৰিছিল মহিলা দুগৰাকী । তেজলগা বেগসহিতে স্থানীয় ৰাইজে মহিলা দুগৰাকীক আটক কৰি কলকাতা আৰক্ষীক চমজাই দিয়ে । হত্যাত অভিযুক্ত মহিলা দুগৰাকী সম্পৰ্কত মাতৃ-কন্যা । হত্যাকাৰী মাতৃ-কন্যাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু বৰ্তমান দুয়ো কলকাতা আৰক্ষীৰ জিন্মাত আছে ।
কোন এই সুনীতা ঘোষ
হত্যাৰ বলি হোৱা সুনীতা ঘোষ নামৰ মহিলাগৰাকীৰ ঘৰ যোৰহাটৰ দহাবৰাচুকত । আনহাতে, হত্যাৰ অভিযুক্ত এগৰাকী হৈছে সুনীতা ঘোষৰ ভতিজা বোৱাৰী ফাল্গুনী ঘোষ । আনগৰাকী তেওঁৰ মাতৃ আৰতি ঘোষ । বিবাহ বিচ্ছেদিত আৰু নিঃসন্তান সুনীতা ঘোষ কেইমাহমান পূৰ্বে কলকাতাত থকা ভতিজা বোৱাৰী ফাল্গুনী ঘোষ আৰু অন্য সম্পৰ্কীয়ৰ ঘৰলৈ গৈছিল । তাত ফাল্গুনী ঘোষৰ ঘৰত থকাৰ সময়তে সুনীতা ঘোষৰ সৈতে পাৰিবাৰক সংঘাত হৈছিল । ইয়াৰ পৰিণতিতে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয় সুনীতা ঘোষে ।
আনহাতে, দহ দিনৰ পৰা মহিলাগৰাকী যোৰহাটৰ পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছিল । কিন্তু মঙলবাৰে সুনীতা ঘোষৰ মৃতদেহ উদ্ধাৰ হোৱা পিছত পৰিয়ালৰ লোকক আৰক্ষীয়ে অৱগত কৰাত যোৰহাটত বাস কৰা পৰিয়ালৰ লোক এই বিষয়ে জ্ঞাত হয় ।
ভতিজা বোৱাৰীয়েকে কলকাতাত নৃশংসভাৱে হত্যা কৰিলে সম্বন্ধীয় পেহীয়েকক
ঘটনা সন্দৰ্ভত সুনীতা ঘোষৰ হত্যাকাণ্ডৰ লগত জড়িত ভতিজা বোৱাৰী ফাল্গুনী ঘোষৰ শহুৰেক তথা মৃত সুনীতা ঘোষৰ জ্যেষ্ঠ ভাতৃ সুৱল ঘোষে কয়, "মোৰ ভণ্টি সুনীতা ঘোষৰ হত্যাৰ লগত জড়িত মোৰ বোৱাৰীক এই নাৰকীয় ঘটনাত জড়িত থকাৰ অপৰাধত মৃত্যুদণ্ডৰ দাবী জনাইছোঁ । কাৰণ তেওঁ এক ঘৃণনীয় কাৰ্যৰ লগত জড়িত হৈছে । সুৰা আৰু চিগাৰেট আসক্ত মোৰ বোৱাৰীয়ে আমাৰ পৰিয়ালটোৰ ওপৰত মানসিক নিৰ্যাতনৰ কেছ দিছিল । পূৰ্বতে চুৰিৰ এক গোচৰ জড়িত থকাৰ অপৰাধত মোৰ বোৱাৰীৰ বিৰুদ্ধে শিলিগুৰি আৰক্ষী থানাত গোচৰো ৰুজু হৈছিল । হত্যাকাৰী বোৱাৰীয়ে মোৰ ভণ্টি সুনীতা ঘোষক সম্পত্তিৰ আশাতেই হত্যা কৰিছে ।"
উল্লেখ্য যে হত্যাৰ বলি হোৱা সুনীতা ঘোষ এগৰাকী বিবাহ বিচ্ছেদিত মহিলা আৰু তেওঁ নিঃসন্তান আছিল । তেওঁ যোৰহাটৰ দহাবৰাচুকত ককায়েকৰ ঘৰৰ সন্মুখতে থকা বাসগৃহত অকলশৰীয়াকৈ জীৰ্বন নিবাহ কৰি আহিছিল । ইফালে এই হত্যাকাণ্ডই যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।