ETV Bharat / state

মৰিয়নীত ক'ৰ পৰা আহি ওলাল এমা-ডিমা দুটাকৈ ভালুকৰ পোৱালি - BEAR CUB RESCUED IN JORHAT

নগৰজুৰি কৌতূহল । গিবন নে দিচৈ ভেলী ? আহিল ক'ৰ পৰা ?

Bear cub rescued in Jorhat
যোৰহাটত ক'ৰ পৰা আহিল ভালুকৰ পোৱালি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 8:31 PM IST

যোৰহাট: যোৰহাট জিলাৰ মৰিয়নীত উদ্ধাৰ হ'ল ভালুকৰ দুটাকৈ পোৱালি । স্থানীয় লোকে উদ্ধাৰ কৰি পোৱালিকেইটা গতাই দিয়ে বন বিভাগক । ভালুকৰ পোৱালি উদ্ধাৰক লৈ কৌতূহলে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত । ভালুক চাবলৈ বিভিন্নজনে ভিৰ কৰিলে মৰিয়নীৰ নকছাৰী মৰঙিয়াল গাঁৱত ।

ক'ৰ পৰা আহিল ভালুকৰ পোৱালি দুটা

যোৰহাটত ক'ৰ পৰা আহিল ভালুকৰ পোৱালি (ETV Bharat)

ঘটনা বিৱৰণি অনুসৰি মৰিয়নী নকছাৰী মৰঙিয়াল গাঁৱৰ পৱিত্ৰ গগৈ নামৰ লোকজনে ঘৰৰ বাৰীৰ পিছফালে কাম কৰি থকা সময়তে হঠাতে ভালুকৰ পোৱালিকেইটা প্ৰত্যক্ষ কৰে । প্ৰথম অৱস্থাত তেওঁ সেইকেইটা ভালুকৰ পোৱালি বুলি গম পোৱা নাছিল । সেয়ে পোৱালিকেইটা ঘৰলৈ লৈ আহে আৰু মৰিয়নী বন বিভাগক খবৰ দিয়ে । বন বিভাগৰ লোকসকল উপস্থিত হৈ সেইকেইটা ভালুকৰ পোৱালি বুলি নিশ্চিত কৰে । ইফালে এই খবৰ অঞ্চলটোত বিয়পি পৰাৰ পিছতে পৱিত্ৰ গগৈৰ ঘৰত বিভিন্নজনে ভালুকৰ পোৱালি চাবলৈ ভিৰ কৰে ।

পূৰ্বেও প্ৰত্যক্ষ কৰিছিল ভালুক

পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে পোৱালি দুটা চমজি লয় । এই সন্দৰ্ভত বন বিভাগৰ এজন কৰ্মচাৰীয়ে কয়, "ইয়াত আগতেও ভালুক প্ৰত্যক্ষ কৰিছিলো ৷ কিন্তু কেতিয়াও ভালুকৰ পোৱালি পোৱা নাছিলো । পোৱালি দুটাৰ বয়স দুমাহ হৈছে আৰু দুয়োটা পোৱালি মাইকী । প্ৰথমে পোৱালিকেইটা ৰেঞ্জ অফিচলৈ লৈ যাম তাৰ পিছত কাইলৈ কাজিৰঙা বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ পঠিয়াম ।"

ইফালে একাংশ লোকে সন্দেহ কৰা মতে কোনো দুষ্টচক্ৰ বা চিকাৰীয়ে ভালুকৰ পোৱালিকেইটাৰ মাকজনীক হত্যা কৰিছে । যাৰ বাবে পোৱালি কেইটাই খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছে । লক্ষণীয়ভাৱে ভালুকৰ পোৱালি দুটা উদ্ধাৰ হোৱা নাতিদূৰৈত গিবন আৰু দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল আছে আৰু তাত ভালুক থকাৰ কথা পূৰ্বে দাবী কৰা হৈছিল যদিও বৰ্তমানলৈ তাৰ নিৰ্দিষ্ট প্ৰমাণ নাই । অৱশ্যে পোৱালিকেইটা উদ্ধাৰ হোৱাৰ লগে লগে এতিয়া আশা সঞ্চাৰ হৈছে । প্ৰকৃতিপ্ৰেমীৰ মাজতো বিষয়টোৱে কৌতূহলৰ সৃষ্টি কৰিছে । অৱশ্যে ভালুকৰ পোৱালিকেইটা গিবন নে দিচৈ ভেলীৰ পৰা আহিল সেয়াহে এতিয়া সকলোৰে বাবে ডাঙৰ প্ৰশ্ন !

লগতে পঢ়ক :পবিতৰাত হাতী ছাফাৰীৰ আমেজ ল'লে দক্ষিণ কোৰিয়া-টাইৱান-ফিলিপাইনছৰ প্ৰতিনিধিয়ে - ADVANTAGE ASSAM 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.