ETV Bharat / state

মহাশিৱৰাত্ৰি: লোকাৰণ্য মহামৃত্যুঞ্জয় মন্দিৰ - MAHA SHIVRATRI 2025

মহাশিৱৰাত্ৰি উপলক্ষ্যে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত অগণন ভক্তৰ ভিৰ ।

Maha Mrityunjay Temple
লোকাৰণ্য মহামৃত্যুঞ্জয় মন্দিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 7:50 PM IST

নগাঁও : মহাশিৱৰাত্ৰি উপলক্ষে বুধবাৰে পুৱাৰে পৰা ৰাজ্যৰ মঠ-মন্দিৰ তথা মহাদেৱৰ উপাসনাথলীসমূহত ভিৰ কৰে ভক্তসকলে । ত্ৰিনয়নৰ বন্দনাৰে মুখৰিত হৈ পৰিছে প্ৰতিটো মন্দিৰ, দেৱালয় । সমান্তৰালকৈ নগাঁৱৰ ভেৰভেৰীস্থিত বিশ্বৰ ভিতৰতে সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰতো মহাশিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ সমাগম ঘটে । শিৱৰাত্ৰি উপলক্ষে বুধবাৰে লোকাৰণ্য হৈ পৰে মহামৃত্যুঞ্জয় মন্দিৰ ।

পুৱাৰে পৰা নগাঁৱৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰত হাতে-হাতে ধূপ-চাকি-নৈবেদ্য লৈ উপস্থিত হৈ মহাদেৱৰ ওচৰত আশিস বিচাৰে ভক্তসকলে । দিনৰ ভাগত বিধিগতভাৱে আৰতি, ৰুদ্ৰাভিষেক, হৱন আদিৰ ব্যৱস্থা কৰাৰ লগতে নিশাৰ বাবে অপূৰ্ব আলোকসজ্জাৰে সুসজ্জিত কৰি তোলা হয় মন্দিৰটো । সহস্ৰাধিক ভক্তপ্ৰাণ লোকৰ সমাগমেৰে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে মহামৃত্যুঞ্জয় মন্দিৰত ।

লোকাৰণ্য মহামৃত্যুঞ্জয় মন্দিৰ (ETV Bharat)

উল্লেখ্য যে ২০০০ চনতে আচাৰ্য ভৃগুগিৰি মহাৰাজে ধ্যান কৰিবলৈ ব্যৱহাৰ কৰা ঠাইখণ্ডত দৈত্য গুৰু শুক্ৰাচাৰ্যই প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি মহা মৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল । ধ্যান কৰি এই বিষয়ে আচাৰ্য ভৃগুগিৰি মহাৰাজে অৱগত হোৱা বুলি জনাইছিল । পৰৱৰ্তী সময়ত ২০০৩ চনত আৰম্ভ কৰা এই মন্দিৰৰ নিৰ্মাণকাৰ্য ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হৈছিল ।

২০২১ চনতেই ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই মহামৃত্যুঞ্জয় মন্দিৰটো ভক্তপ্ৰাণ ৰাইজৰ বাবে মুকলি কৰা হৈছিল । স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এক বিশাল শিৱলিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে । ১২৬ ফুট ওখ শিৱলিংগৰ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগাকাৰ হিচাপেই বিবেচিত হৈ আহিছে । বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপে বিবেচিত এই মহামৃত্যুঞ্জয় মন্দিৰত শিৱৰাত্ৰিৰ দিনটোত নিজৰ নিজৰ মনোকামনা পূৰণৰ উদ্দেশ্যে মহাদেৱৰ আশিস বিচাৰি অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :উত্তৰ-পূৱৰ সৰ্বোচ্চ শিৱমূৰ্তি থকা খাৰজাৰা আশ্ৰমত শিৱৰাত্ৰি - MAHA SHIVRATRI 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.