ETV Bharat / state

স্বৰ্গদেউ চুডাংফাই নিৰ্মাণ কৰা ঘূগুহা দ'লত কোনে আৰম্ভ কৰিছিল শিৱ পূজা ? - MAHA SHIVRATRI 2025

১৩৯৭ ৰ পৰা ১৪০৭ খ্ৰীঃত বামুনী কোঁৱৰ স্বৰ্গদেউ চুডাংফাই মাতৃ ঘূগু কুঁৱৰীৰ স্মৃতিত এই দ’ল নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে ।

Specialty of Maha Shivaratri celebrations at the historic Ghuguha Dol
কেতিয়াৰ পৰা উদযাপন কৰা হৈছে ঘূগুহা দ'লত শিৱ পূজা ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 5:10 PM IST

ধেমাজি: আজি মহাশিৱৰাত্ৰি । পুৱাৰে পৰা বিভিন্ন শিৱ মন্দিৰত আৰম্ভ হয় শিৱ আৰাধানা । সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাৰ বিভিন্ন শিৱ মন্দিৰ শিৱ বন্দনাৰে মুখৰিত হৈ পৰিছে । হাতে হাতে ধূপ-চাকি-নৈবদ্য লৈ ভক্তই লৈছে সেৱা । বিশেষকৈ ধেমাজি জিলা তথা উত্তৰ পাৰৰ ধেমাজি সদৰৰ পৰা নিলগত ঘূগুহা নামৰ ঠাইত অৱস্থিত আহোমৰ ঐতিহ্য ঐতিহাসিক ঘূগুহা দ’লত দুদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে ঘূগুহা দ’ল উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ৭৩ সংখ্যক মহা শিৱৰাত্ৰি মহোৎসৱ অনুষ্ঠিত হৈছে ।

ঘূগুহা দ’লত কেতিয়াৰ পৰা শিৱ পূজা কৰা হয়:

কেতিয়াৰ পৰা উদযাপন কৰা হৈছে ঘূগুহা দ'লত শিৱ পূজা ? (ETV Bharat Assam)

শিৱসাগৰৰ শিৱদ’লত শিৱৰাত্ৰিৰ মহা আয়োজন তথা উদুলি-মুদুলি পৰিৱেশৰ বিষয়ে সৰ্বজনবিদিত ৷ পিছে উত্তৰ পাৰৰ আন এটা আহোমৰ ঐতিহ্য ঘূগুহা দ’লতো আছে সেই পৰম্পৰা । ১৩৯৭ৰ পৰা ১৪০৭খ্ৰীঃত বামুনী কোঁৱৰ স্বৰ্গদেউ চুডাংফাই মাতৃ ঘূগু কুঁৱৰীৰ স্মৃতিত এই দ’ল নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে ।

Specialty of Maha Shivaratri celebrations at the historic Ghuguha Dol
পুৱাৰে পৰা ভক্তৰ ভিৰ (ETV Bharat Assam)

কিন্তু প্ৰকৃততে কেতিয়াৰ পৰা শিৱপূজা কৰা হয় তাৰ সঠিক তথ্য নাই যদিও শিৱসাগৰৰ পৰা অহা এচাম লোকে হাবি-বন কাটি এই মন্দিৰভাগ উদ্ধাৰ কৰিছিল আৰু তেওঁলোকে পৰম্পৰা অনুসৰি প্ৰথমে পুজা আৰম্ভ কৰিছিল বুলি জনা যায় যদিও স্থানীয় ৰাইজে শিৱৰাত্ৰি উদযাপন কৰা ইতিমধ্যে ৭৩ বছৰত ভৰি থৈছে । এই ঐতিহাসিক দ’লৰ সৈতে সম্পৰ্ক ২৫ বিঘা পানীৰে আবৰা এখন বিলৰ । য’ত ৰাজকুঁৱৰীয়ে গা ধুইছিল । এতিয়া সংৰক্ষিত অৱস্থাত আছে বিলখন । য’ত এসময়ত অগণন ৰূপৰ মুদ্ৰা উদ্ধাৰ হৈছিল বুলি জনা যায় ৷

ঐতিহাসিক ঘূগুহা দ’ল (ETV Bharat Assam)

মহাশিৱৰাত্ৰি অবিহনেও ঐতিহাসিক দ’ললৈ পৰ্যটকৰ আগমন হ’ব কিদৰে ?

এই ঐতিহাসিক স্থানলৈ আন সময়বোৰতো বিভিন্ন ভক্ত আৰু পৰ্যটকৰ কেনেদৰে আগমন ঘটিব তাকে লৈ চিন্তিত হৈ পৰিছে দ’ল উন্নয়ন কমিটী । কাৰণ উজনিৰ শিৱসাগৰৰ শিৱ দ’লৰ দৰে নাই এই দ’লৰ জনপ্ৰিয়তা । বছৰৰ সকলো সময়তে ভক্তৰ ভিৰ বা পৰ্যটকৰ সমাৱেশ নহয় । এনেক্ষেত্ৰত কেৱল শিৱৰাত্ৰিৰ জৰিয়তে এতিয়া আগন্তুক দিনত এই দ’লটোক সৌন্দৰ্যবৰ্দ্ধন কৰি পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ গঢ়ি তুলিবলৈ আহ্বান জনাইছে দ’ল উন্নয়ন সমিতিৰ সম্পাদক মানিক গগৈয়ে ৷

ঐতিহাসিক ঘূগুহা দ’লত শিৱৰাত্ৰি (ETV Bharat Assam)

এই সন্দৰ্ভত মানিক গগৈয়ে কয়, "শিৱসাগৰৰ পৰা যিসকল লোকে আহি হাবি কাটি এই মন্দিৰ উদ্ধাৰ কৰিছিল তেওঁলোকেই প্ৰথমে পূজা আৰম্ভ কৰিলে । পৰৱৰ্তীকালত ইয়াত শিৱৰাত্ৰি উদযাপন কৰি অহা আজি ৭৩ বছৰত ভৰি দিছে । এই শিৱৰাত্ৰিৰ পৰাই দ’ল উন্নয়ন কমিটীৰ হৈ অসমবাসী আৰু জিলাবাসীক আহ্বান জনাইছোঁ । লগতে আশা কৰিছোঁ যাতে পৰ্যটকসকলক আকৰ্ষিত কৰিব পৰাকৈ উত্তৰ পাৰৰ এই দ’লটোক জাকত জিলিকা আৰু ধেমাজিৰ এটা সম্পদ হিচাপে গঢ় দিব পাৰোঁ ।"

সেয়ে অসম চৰকাৰ আৰু ধেমাজি জিলা প্ৰশাসনক আগন্তুক দিনত এই ঐতিহাসিক দ’লটোক ধেমাজিৰ ঐতিহ্য হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছে মন্দিৰ পৰিচালনা সমিতিয়ে ।

লগতে পঢ়ক: জনসমুদ্ৰত পৰিণত শিৱসাগৰৰ শিৱদ'ল: মহাদেৱৰ শৰণত আঁঠু গৌৰৱ গগৈৰ - MAHA SHIVRATRI AT SHIVA DOL

ETV Bharat / state ৰাজেশ্বৰ সিংহই প্ৰতিষ্ঠা কৰা নেঘেৰিটিং শিৱদৌলত ভক্তৰ সমাগম - MAHA SHIVRATRI 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.