নতুন দিল্লী: পশ্চিম লুধিয়ানা বিধানসভাৰ উপ-নিৰ্বাচনত আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জীৱ অৰোৰাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছতে ৰাজনৈতিক মহলত এক নতুন বিষয়ে চৰ্চা লাভ কৰিছে ৷ সঞ্জীৱ অৰোৰা বিধায়ক হোৱাৰ লগে লগে খালী হ’ব ৰাজ্যসভাৰ এখন আসন ।
এনে পৰিস্থিতিত সঞ্জীৱ অৰোৰাৰ ঠাইত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৰাজ্যসভাৰ সাংসদ হৈ ৰাজ্যসভালৈ যাব পাৰে বুলি আৰম্ভ হোৱা জল্পনা-কল্পনা ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰিছে ৷
Punjab | Aam Aadmi Party has fielded Rajya Sabha MP Sanjeev Arora as its candidate for the Ludhiana West by-election. pic.twitter.com/0dEdJpwA29
— ANI (@ANI) February 26, 2025
অৱশ্যে আম আদমী পাৰ্টীয়ে সম্প্ৰতি এই জল্পনা-কল্পনা অস্বীকাৰ কৰিছে ৷ তথাপিও ৰাজনৈতিক বিশেষজ্ঞসকলে কয় যে, অৰবিন্দ কেজৰিৱালে যদি এই সুযোগ লাভ কৰে, তেন্তে এই পদক্ষেপে কেজৰিৱালৰ বাবে এক নতুন ৰাজনৈতিক পথ মুকলি কৰিব পাৰে ।
দিল্লী বিধানসভা নির্বাচনত হোৱা শোচনীয় পৰাজয়ৰ পাছত ৰাজ্যসভালৈ যোৱাটো কেজৰিৱালৰ বাবে কৌশলগত সিদ্ধান্ত বুলি প্রমাণিত হ’ব পাৰে ৷ যাৰ বাবে কেজৰিৱালে কেন্দ্রীয় ৰাজনীতিত সঠিকভাৱে সক্ৰিয় ভূমিকা পালন কৰিবলৈ সক্ষম হ’ব ৷
দলৰ মুখপাত্ৰই কৰিলে স্পষ্ট:
আপৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কৰে কয়, "অৰবিন্দ কেজৰিৱাল ৰাজ্যসভালৈ নাযায় । অৰবিন্দ কেজৰিৱালৰ কথা ক’বলৈ গ’লে সংবাদ মাধ্যমৰ সূত্ৰই পূৰ্বে কৈছিল যে তেওঁ পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ’ব । এতিয়া সংবাদ মাধ্যমৰ সূত্ৰই জনাইছে যে তেওঁ ৰাজ্যসভাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব । এই দুয়োটা উৎস সম্পূৰ্ণ ভুল । অৰবিন্দ কেজৰিৱাল আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক । তেওঁৰ প্ৰয়োজনীয়তা অতি বেছি বুলি মই মানি লওঁ, কিন্তু তেওঁ কোনো এখন আসনত সীমাবদ্ধ নহয় ।"
পৰাজয়ৰ পিছত নতুন ৰাজনৈতিক বাজি:
শেহতীয়াকৈ দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টী ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে । এইবাৰ ভোটাৰসকলে বিগত ১০ বছৰে দিল্লীত ক্ষমতাত থকা দলটোক সম্পূৰ্ণৰূপে নাকচ কৰিলে ।
নতুন দিল্লীৰ আসনৰ পৰা বিজেপি প্ৰাৰ্থী পৰৱেশ বাৰ্মাৰ পৰা পৰাজয়ৰ সোৱাদ নিজেই ল’বলগীয়া হৈছিল অৰবিন্দ কেজৰিৱালে । অৰবিন্দ কেজৰিৱাল ৰাজ্যসভালৈ যোৱা হ’লে আম আদমী পাৰ্টীৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন হ’লহেঁতেন ।
বিশ্লেষকসকলে কি কয়:
ৰাজ্যসভাৰ সাংসদ সঞ্জীৱ অৰোৰাক বিধানসভাৰ উপ-নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত কেৱল পঞ্জাৱৰ ৰাজনীতিত সীমাবদ্ধ নহয় । সঞ্জীৱ অৰোৰা যদি নিৰ্বাচনত জয়ী হয় তেন্তে ৰাজ্যসভাৰ আসনখন খালী হ’ব ৷ যাৰ ফলত অৰবিন্দ কেজৰিৱালক উচ্চ সদনলৈ প্ৰেৰণৰ বাট মুকলি হ’ব পাৰিলেহেঁতেন ।
ইয়াৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহ খালী কৰাৰ সময়ত ৰাজ্যসভাৰ সাংসদ সঞ্জীৱ অৰোৰাই নিজৰ বাসগৃহ অৰবিন্দ কেজৰিৱালক দিছিল । বৰ্তমান অৰবিন্দ কেজৰিৱালে পৰিয়ালৰ সৈতে ফিৰোজ শ্বাহ ৰোডত অৱস্থিত ৫ নম্বৰ বাংলোত থাকে, যিটো সঞ্জীৱ অৰোৰাৰ নামত আবণ্টিত ।
পৰিস্থিতি অনুকূল হ’লে অৰবিন্দ কেজৰিৱাল ৰাজ্যসভালৈ যাব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মতামত প্ৰকাশ কৰিছে ৷ এতিয়া সকলোৰে দৃষ্টি আবদ্ধ আছে পশ্চিম লুধিয়ানাৰ উপ-নিৰ্বাচন আৰু ইয়াৰ ফলাফলৰ ওপৰত ।
লগতে পঢ়ক: ভাৰতৰ ইতিহাসত মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা মহিলাসকল...