ডিব্ৰুগড়: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে মহিলা তথা সন্ধানহীন হোৱাৰ ঘটনা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৰুষ, মহিলা, যুৱতী সন্ধানহীন হোৱা ঘটনাই সচেতন ৰাইজৰ মাজত উদ্বেগ সৃষ্টি কৰিছে । বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ পৰা প্ৰতিদিনে সন্ধানহীন হৈছে যুৱতী-মহিলা । তেনে সময়তে ডিব্রুগড়ৰ চাবুৱাত একেটা পৰিয়ালৰ পৰাই একেদিনাই সন্ধানহীন দুই যুৱতী ।
চাবুৱাৰ গৰু বজাৰৰ নিজ বাসগৃহৰ পৰা বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ দুইগৰাকী যুৱতী। বৃহস্পতিবাৰৰ পুৱতি নিশাৰ পৰা নিৰুদ্দেশ নেহা কৰ্মকাৰ আৰু নিকিতা কৰ্মকাৰ নামৰ যুৱতী দুগৰাকী । ইতিমধ্যে চাবুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে । পৰিয়ালে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰৰ পুৱতি নিশা দুয়োগৰাকী যুৱতী নিজৰ কাপোৰ, বাকচত থকা কিছু টকা আৰু এটা ম'বাইল ফোন লৈ সন্ধানহীন হয় ।
ইয়াৰ পাছতে দিনৰ ভাগত ঘৰলৈ ফোন কৰি ৰে'লত গৈ থকা বুলি জনাই যদিও ক'ত গৈছে সেই কথা পৰিয়ালক অৱগত নকৰিলে যুৱতী দুজনীয়ে । ইয়াৰ পাছতে ফোন বন্ধ কৰি দিয়ে যুৱতী দুগৰাকীয়ে । দুইগৰাকী যুৱতী মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰাৰ সন্দেহ পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজৰ ।
দুটি সন্তানৰ এগৰাকী মাতৃ নিৰুদ্দেশ:
ডিব্ৰুগড় চহৰৰ বাণীপুৰৰ ঢেকীয়াগাঁৱৰ পৰা দুটি সন্তানৰ মাতৃ এগৰাকী নিৰুদ্দেশ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য । মিনুমায়া কোঁৱৰ নামৰ দুটি সন্তানৰ মাতৃগৰাকী যোৱা ২১ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে । আত্মসহায়ক গোটৰ মিটিং আছে বুলি ঘৰৰ পৰা ওলাই যোৱা বোৱাৰীগৰাকীৰ বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই পৰিয়ালৰ লোকে ।
ইতিমধ্যে গাভৰুপথাৰ আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ । দুবছৰীয়া কন্যা সন্তানে মাতৃক বিচাৰি হাবাথুৰি খাইছে । ফলত পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ । কোনো ব্যক্তিয়ে এইগৰাকী মহিলাৰ কোনো তথ্য লাভ কৰিলে পৰিয়াল বা আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।